অসম

assam

ETV Bharat / bharat

শ্ৰীনগৰত কৰ'ণা ভাইৰাছত আক্ৰান্ত প্ৰথমজন ৰোগীৰ মৃত্যু

সমগ্ৰ দেশতে ক্ৰমাৎ অধিক ভয়াৱহ ৰূপ লৈছে কৰ'ণা ভাইৰাছে ৷ বৰ্তমানলৈকে দেশত এই ভাইৰাছত আক্ৰান্তৰ সংখ্যা 657 জনলৈ বৃদ্ধি হোৱাৰ বিপৰীতে মৃত্যুমুখত পৰিছে 13 জনকৈ লোক ৷

Corona virus
শ্ৰীনগৰত কৰ'ণা ভাইৰাচত আক্ৰান্ত প্ৰথমজন ৰোগীৰ মৃত্যু

By

Published : Mar 26, 2020, 10:32 AM IST

নিউজ ডেস্ক, 26 মাৰ্চঃ জম্মু কাশ্মীৰৰ শ্ৰীনগৰত কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈ প্ৰথমজন ৰোগীৰ মৃত্যু হয় ৷ শ্ৰীনগৰৰ এখন হাস্পতালত চিকিৎসাধীন হৈ আছিল উত্তৰ প্ৰদেশৰ পৰা অহা লোকজন ৷ মৃত লোকজনৰ বয়স 65 বছৰ বুলি জানিব পৰা গৈছে ৷ বৰ্তমানলৈ ৰাজ্যখনত এই ভাইৰাচত আক্ৰান্ত হৈছে মুঠ 11 জন লোক ৷

আনহাতে, ভাৰতত কৰুণা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা 657 জনলৈ বৃদ্ধি পাইছে ৷ দেশখনত বৰ্তমানলৈ এই ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছে 13 জনলৈ লোকৰ ৷

দেশৰ ভিৰতৰ মহাৰাষ্ট্ৰ আৰু কেৰালাত সৰ্বাধিক লোক আক্ৰান্ত হৈছে এই ভাইৰাছত ৷ মহাৰাষ্ট্ৰত 128 গৰাকী, কেৰালাত 112 গৰাকী, কৰ্ণাটকত 51 গৰাকী, তেলেংগানাত 41 গৰাকী,উত্তৰ প্ৰদেশত 38 গৰাকী,ৰাজস্থানত 38 গৰাকী,গুজৰাটত 40 গৰাকী লোক আক্ৰান্ত হৈছে ৷ ইয়াৰ উপৰিও দেশৰ আন কেইবাখনো ৰাজ্যৰ বহুকেইগৰাকী লোক COVID-19ত আক্ৰান্ত হৈছে ৷

উল্লেখ্য যে, বিশ্বজুৰি কৰুণা ভাইৰাছত আক্ৰান্ত হৈ বৰ্তমানলৈ মৃত্যু হৈছে 21,200 জন ব্যক্তি ৷ আনহাতে, এই ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা 4,68,900 গৰাকীলৈ বৃদ্ধি পাইছে ৷ বিশ্বৰ মুঠ 198 খন ৰাষ্ট্ৰত এই ভাইৰাচৰ প্ৰাদুৰ্ভাৱ দেখা গৈছে ৷

লগতে চাওকঃ অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগানৰ বাবে অব্যাহত থাকিব মালবাহী ৰে'ল

ABOUT THE AUTHOR

...view details