অসম

assam

By

Published : Apr 6, 2020, 4:43 PM IST

ETV Bharat / bharat

পোহনীয়া জন্তুৰ খাদ্য সামগ্ৰী ক্ৰয় কৰাত বাধা, উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ ভুক্তভোগী

দেশত এতিয়া লক্ ডাউন । লক্ ডাউনৰ মাজত কেৰালা উচ্চ ন্যায়ালয়ৰ দ্বাৰস্ত হ'ল এজন ব্যক্তি । ঘৰৰ পোহনীয়া তিনিটা মেকুৰীৰ বাবে খাদ্য সামগ্ৰী ক্ৰয় কৰিবলৈ যাওতেই আৰক্ষীয়ে বাধা প্ৰদান কৰাৰ পাচতেই ন্যায়ালয়ৰ কাষ চাপে লোকজন ।

পোহনীয়া জন্তুৰ খাদ্য সামগ্ৰী ক্ৰয় কৰাত বাধা, উচ্চ ন্যায়ালয়ৰ দাৰস্ত ভুক্তভোগী
পোহনীয়া জন্তুৰ খাদ্য সামগ্ৰী ক্ৰয় কৰাত বাধা, উচ্চ ন্যায়ালয়ৰ দাৰস্ত ভুক্তভোগী

নিউজ ডেস্ক, ৬ এপ্ৰিলঃকেৰালাত সংঘটিত হৈছে নাভুত-নাশ্ৰুত ঘটনা । লক্ ডাউনৰ মাজত পোহনীয়া জন্তুৰ বাবে খাদ্য সামগ্ৰী ক্ৰয় কৰিবলৈ যোৱা এন প্ৰকাশ নামৰ লোকজনক আৰক্ষীয়ে বাধা প্ৰদান কৰাত কেৰালাৰ উচ্চ ন্যায়ালয়ৰ কাষ চাপে লোকজন । জন্তুৰ খাদ্য সামগ্ৰী ক্ৰয়ৰ বাবে বাহানৰ অনুজ্ঞা পত্ৰ দেখুৱাৰ পাচতো লোকজনক বাধা প্ৰদান কৰে আৰক্ষীয়ে ।

ন্যায়ালয়ত দাখিল কৰা আবেদনত প্ৰকাশ কৰা হৈছে প্ৰকাশৰ ঘৰত তিনিটা মেকুৰী আছে । মেকুৰী কেইটাক Meo-Persian বিস্কুট দিয়া হয় । মেকুৰী কেইটা ভেজিটেৰিয়ান আৰু লোকজনৰ ঘৰত নন ভেজ খাদ্য বনোৱা নহয় । সেইবাবে ৭ কিল'গ্ৰামৰ এই বিস্কুট পেকটটো তিনি সপ্তাহৰ বাবে যথেষ্ট বুলি উল্লেখ কৰা হয় ।

খাদ্য সামগ্ৰী শেষ হোৱাৰ বাবেই ৪ এপ্ৰিলত কোচিন পেট হাস্পতালৰ পৰা মেকুৰীৰ খাদ্যৰ বাবে গাড়ীৰ অনুজ্ঞা পত্ৰ অনলাইন যোগে আবেদন কৰিছিল এন প্ৰকাশে । লক্ ডাউনৰ সময়ত অত্যাৱশকীয় সামগ্ৰী ক্ৰয়ৰ ক্ষেত্ৰত এনে পাৰমিট প্ৰয়োজনীয় । কিন্তু আৰক্ষীয়ে ইয়াক অগ্ৰাহ্য কৰাৰ ফলস্বৰূপে ন্যায়ালয়ৰ দ্বাৰস্ত হয় লোকজন ।

আনহাতে গৃহমন্ত্ৰণালয়েও লক্ ডাউনৰ সময়ত পশুৰ বাবে খাদ্য অত্যাৱশকীয় সামগ্ৰীৰ ভিতৰত ধৰা হ'ব বুলি স্পষ্ট কৰিছিল ।

AIIMS ঝাজৰক COVID-19 চিকিৎলায়লৈ ৰূপান্তৰঃ হৰ্ষ বৰ্ধন

ABOUT THE AUTHOR

...view details