অসম

assam

ETV Bharat / bharat

2020 ৰ ভিতৰত উত্তৰ পূবে লাভ কৰিব ব্ৰডগজ ৰে'ল সেৱা - ব্ৰডগজ

কিন্তু উত্তৰ পূবৰ ভিতৰত ব্ৰডগজ সংযোগৰ ক্ষেত্ৰত বাদ পৰি থাকিব ছিকিম৷ শুকুৰবাৰে সংসদৰ অধিৱেশনত গ্ৰহণ কৰা হয় এই সিদ্ধান্ত৷ কেন্দ্ৰীয় ৰে'ল ৰাজ্যিক মন্ত্ৰী সুৰেশ অংগাড়ীয়ে প্ৰকাশ কৰে এই কথা৷

2020 ৰ ভিতৰত উত্তৰ পূবে লাভ কৰিব ব্ৰডগজ ৰে'ল সেৱা

By

Published : Jun 21, 2019, 11:52 PM IST

নিউজ ডেস্ক, 21 জুন : অচিৰেই ব্ৰডগজ ৰে'ল লাইনৰ দ্বাৰা সংযোগ হ'ব উত্তৰ পূৰ্বাঞ্চলৰ সকলো ৰাজ্য৷ 2020 ৰ ভিতৰত উত্তৰ পূবৰ প্ৰত্যেকখন ৰাজ্যকে ব্ৰডগজৰ দ্বাৰা সাঙুৰি লোৱাৰ পৰিকল্পনা কেন্দ্ৰ চৰকাৰৰ৷ ইতিমধ্যেই অসম, অৰুণাচল প্ৰদেশ আৰু ত্ৰিপুৰাৰ ৰাজধানীক ব্ৰডগজেৰে সংযোজিত কৰিছে কেন্দ্ৰই৷

কিন্তু উত্তৰ পূবৰ ভিতৰত ব্ৰডগজ সংযোগৰ ক্ষেত্ৰত বাদ পৰি থাকিব ছিকিম৷ শুকুৰবাৰে সংসদৰ অধিৱেশনত গ্ৰহণ কৰা হয় এই সিদ্ধান্ত৷ কেন্দ্ৰীয় ৰে'ল ৰাজ্যিক মন্ত্ৰী সুৰেশ অংগাড়ীয়ে প্ৰকাশ কৰে এই কথা৷ ছিকিমৰ বাবে ব্ৰডগজৰ সলনি নতুন ৰে'ল শাৰী স্থাপনৰ কাম ইতিমধ্যে স্থাপন কৰা হৈছে বুলিও জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে৷ ৰংগপোলৈ সংযোজিত হ'ব এই নতুন ৰে'ল লাইন৷

নতুন ৰে'ল লাইন সংযোজনৰ বাবদ 2014 ৰ পৰা 2019 লৈ কেন্দ্ৰই সৰ্বমুঠ 25,894 কোটি টকা ইতিমধ্যে ব্যয় কৰা বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে৷ উত্তৰ পূৰ্বাঞ্চলক বাৰ্ষিক 2121 কোটি টকা ৰে'ল সংযোগ উন্নয়নৰ বাবে প্ৰদান কৰা হয় বুলিও জানিবলৈ দিয়ে অংগাড়ীয়ে৷

ABOUT THE AUTHOR

...view details