অসম

assam

By

Published : Jan 19, 2020, 4:18 PM IST

ETV Bharat / bharat

নিৰামিষ বাৰ্গাৰৰ পৰিৱৰ্তে আমিষ বাৰ্গাৰ যোগান ধৰি ক্ষতিপূৰণ দিবলগীয়া হ'ল জলন্ধৰৰ এখন ৰেষ্টুৰেন্টে

জলন্ধৰৰ মনিশ কুমাৰ নামৰ এগৰাকী লোকে বাৰ্গাৰ কিং নামৰ এখন বহুজাতিক ৰেষ্টুৰেন্টৰ বিৰুদ্ধে অভিযোগ প্ৰদান কৰে ৷ কিয়নো এই ৰেষ্টুৰেন্টখনে তেওঁক নিৰামিষ বাৰ্গাৰৰ পৰিৱৰ্তে আমিষ বাৰ্গাৰ দিছিল, যিটো খাই তেওঁ চিকিৎসাধীন হ'বলগীয়া হৈছে ৷

ক্ষতিপূৰণ দিবলগীয়া হ'ল জলন্ধৰৰ এখন ৰেষ্টুৰেন্টে
ক্ষতিপূৰণ দিবলগীয়া হ'ল জলন্ধৰৰ এখন ৰেষ্টুৰেন্টে

নিউজ ডেস্ক, 19 জানুৱাৰীঃনিৰামিষভোজী লোকক আমিষ বাৰ্গাৰ পৰিৱেশন কৰাৰ বাবে জলন্ধৰৰকনজিউমাৰ ফ'ৰামে, বাৰ্গাৰ কিং নামৰ এখন আমেৰিকান বহুজাতিক ৰেষ্টুৰেন্ট কৰ্তৃপক্ষক মনিশ কুমাৰ নামৰ লোকগৰাকীক60,067 টকাৰ ক্ষতিপূৰণ দিবলৈ নিৰ্দেশ প্ৰদান কৰে ৷

ক্ষতিপূৰণ দিলে মনিশ কুমাৰ নামৰ লোকগৰাকীক

এই নিৰ্দেশত মনিশ কুমাৰে সুখ প্ৰকাশ কৰি কয় যে, 'কনজিউমাৰ ফ'ৰামে বাৰ্গাৰ কিঙক মোক 50,000 হাজাৰ টকাৰ লগতে, 10,000 টকা অধিবক্তাৰ মাচুল আৰু 67 টকাৰ ক্ষতিপূৰণ দিবলৈ আদেশ প্ৰদান কৰিছে, যিটো বাৰ্গাৰ দুটাৰ মূল্য আছিল ৷ বাৰ্গাৰ খোৱাৰ পিচত মই গৈ বাৰ্গাৰ কিঙৰ কৰ্মচাৰীক এই বিষয়ে অৱগত কৰো, তেওঁলোকে মোক ক্ষমা বিচাৰিছিল ৷ মই এই সমগ্ৰ ঘটনা ভিডিঅ' ৰেকৰ্ডিং কৰি আদালতক জমা দিছো ৷ এই খাদ্য খোৱাৰ পিচত মোক অসামৰিক চিকিৎসালয়ত ভৰ্তিও কৰোৱা হৈছিল ৷'

লগতে পঢ়কঃআজি ডিএছপি দাভিন্দৰ সিঙক গ্ৰেপ্তাৰ কৰিব নিয়াই

ABOUT THE AUTHOR

...view details