অসম

assam

By

Published : Jul 23, 2020, 12:01 PM IST

ETV Bharat / bharat

বিজেপি কৰ্মীৰে সংঘৰ্ষত আহত আৰক্ষী

ঝাড়গ্ৰাম জিলাৰ বেলিয়াবেড়াৰ অন্তৰ্গত পেটবিন্ধি গাঁও পঞ্চায়তৰ অধীনষ্ঠ কামক কেন্দ্ৰ কৰি তৃণমূল আৰু বিজেপি কৰ্মীৰ মাজত সৃষ্টি হৈছে সংঘৰ্ষ ৷ উক্ত সংঘৰ্ষৰ ফলত আহত হয় দুয়োপক্ষৰ 5 গৰাকী কৰ্মীৰ লগতে এগৰাকী আৰক্ষী বিষয়া ৷

BJP workers arrested in Bengals Jhargram for trashing officer with bamboo sticks assam etv bharat news
বিজেপি কৰ্মীৰে সংঘৰ্ষত আহত আৰক্ষী

ঝাড়গ্ৰাম,23 জুলাই: পশ্চিমবংগৰ ঝাড়গ্ৰাম জিলাৰ বেলিয়াবেড়াৰ অন্তৰ্গত পেটবিন্ধি গাঁও পঞ্চায়তৰ অধীনষ্ঠ কামক কেন্দ্ৰ কৰি তৃণমূল আৰু বিজেপি কৰ্মীৰ মাজত সৃষ্টি হৈছে সংঘৰ্ষ ৷ উক্ত সংঘৰ্ষৰ ফলত আহত হয় দুয়োপক্ষৰ 5 গৰাকী কৰ্মীৰ লগতে এগৰাকী আৰক্ষী বিষয়া ৷ উক্ত ঘটনাৰ জড়িতৰ সন্দেহত আটক হোৱা 5 গৰাকী বিজেপি কৰ্মীক পাঁচদিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণৰ নিৰ্দেশ প্ৰদান কৰিছে আদালতে ৷ তৃণমূল আৰু বিজেপি কৰ্মীৰ মাজত সংঘটিত উক্ত ঘটনাত জড়িতৰ সন্দেহত বেলিয়াবেড়া আৰক্ষীয়ে বুধবাৰে পাঁচগৰাকী বিজেপি কৰ্মীক আটক কৰে ৷

বেলিয়াবেড়া থানাৰ আৰক্ষী বিষয়া গৌতম চক্ৰৱৰ্তী উক্ত সংঘৰ্ষৰ ফলত আহত হোৱাৰ খবৰ পোৱা গৈছে ৷ ইফালে ঘটনাটোত আহত আশীষ ঘোষ নামৰ এগৰাকী তৃণমূল কৰ্মীৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত কলকাতাস্থিত ঝাৰগ্ৰাম চুপাৰ স্পেচিয়েলিটি চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয় ৷ বৰ্তমান আৰক্ষী বিষয়াগৰাকীক চিকিৎসালয়খনৰ শল্য বিভাগত ভৰ্তি কৰোৱা হৈছে ৷ কৰ’ণা মহামাৰীৰ আতংকৰ সময়তে সংঘটিত হোৱা এই ৰাজনৈতিক কন্দলে সম্প্ৰতি জিলাখনৰ ৰাজনৈতিক প্ৰেক্ষাপট উত্তাল কৰি তুলিছে ৷

লগতে চাওকঃহাতীৰ ওপৰত মানুহৰ অবৰ্ণনীয় অত্যাচাৰ, আৰক্ষীৰ কাষ চাপিল বাইকাৰ্ছ এছ'চিয়েচন

ABOUT THE AUTHOR

...view details