অসম

assam

By

Published : Oct 12, 2020, 11:03 AM IST

ETV Bharat / bharat

অসমৰে এজন হৃদয়হীন পিতৃৰ অমানৱীয় কাণ্ড

পিতৃৰ নামত কলংক সানি অসমৰ এজন নিষ্ঠুৰ পিতৃয়ে নিজ কন্যাক গতালে ৰাজস্থানৰ নাৰীদেহ সৰবৰাহকাৰীৰ হাতত। কিশোৰীগৰাকী ৰাজস্থানলৈ সৰবৰাহৰ ঘটনা সন্দৰ্ভত পোহৰলৈ আহিছে বহু চাঞ্চল্যকৰ তথ্য। ধনৰ লালসাত পিতৃয়ে নাৰী সৰবৰাহকাৰীৰ হাতত গতাইছিল নিজ কন্যাক । ৬ অক্টোবৰত মুমূৰ্ষু অৱস্থাত উদ্ধাৰ গৰ্ভৱতী কিশোৰী । চুৰু জিলাৰ তাৰানগৰ আৰক্ষীৰ জালত ৪ অভিযুক্ত । মানৱ সৰবৰাহ আৰু বাল্য বিবাহ আইনৰ ৩৭৬ ধাৰাৰ অধীনত কিশন জাট, ধৰ্মপাল, ওমপ্ৰকাশ আৰু কিশোৰীগৰাকীৰ পিতৃৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি অনুসন্ধান আৰম্ভ কৰিছে তাৰানগৰ আৰক্ষীয়ে।

ধনৰ লালসাত নিষ্ঠুৰ পিতৃয়ে নাৰীদেহ সৰবৰাহকাৰীৰ হাতত গতালে নিজ কন্যাক
ধনৰ লালসাত নিষ্ঠুৰ পিতৃয়ে নাৰীদেহ সৰবৰাহকাৰীৰ হাতত গতালে নিজ কন্যাক

নেশ্যনেল ডেস্ক, ১২ অক্টোবৰ: ৰাজস্থানৰ চুৰু জিলাত পোহৰলৈ আহিছে মানৱতাক ভূ-লুণ্ঠিত কৰা এক ঘটনা । কেইটামান টকাৰ লোভত নিজৰ নাবালিকা কন্যাক নাৰীদেহ চক্ৰৰ হাতত গতালে এজন পিতৃয়ে । পিতৃৰ নামত কালিমা সনা এই নিষ্ঠুৰ লোকজন অসমৰ । ৰাজস্থানৰ নাৰীদেহ সৰবৰাহকাৰীৰ হাতত বিক্ৰী কৰিছিল কিশোৰীগৰাকীক । ৩টা নৰপিশাচে অমানৱীয় অত্যাচাৰ চলাইছিল । উপভোগৰ সামগ্ৰীৰ দৰে ব্যৱহাৰ কৰিছিল । যোৱা ৬ অক্টোবৰত চুৰু জিলাৰ তাৰানগৰ থানাৰ অন্তৰ্গত নেঠুৱা গাঁৱত মুমূৰ্ষু অৱস্থাত উদ্ধাৰ হৈছিল কিশোৰীগৰাকী । স্বাস্থ্য পৰীক্ষাৰ পিছত গৰ্ভৱতী হোৱাৰ কথা পোহৰলৈ আহে । ইটিভি ভাৰতে প্ৰথম অৱস্থাৰে পৰা এই বাতৰি গুৰুত্বসহকাৰে প্ৰকাশ কৰি আহিছে । তেজ-মঙহৰ সম্পৰ্কয়ো সুদৃঢ় কৰিব নোৱাৰিলে মৰমৰ বান্ধোন ।

হৃদয়হীন পিতৃয়ে ধনৰ লালসাত ৰাজস্থানৰ সৰবৰাহকাৰীক বিক্ৰী কৰিলে নিজ কন্যাক । ৬ অক্টোবৰত কিশোৰীগৰাকী উদ্ধাৰ হোৱাৰ পিছতে আৰক্ষীৰ অনুসন্ধান আৰম্ভ কৰে যদিও ৰাজস্থানৰ ভাষা বুজি নোপোৱাৰ বাবে কিশোৰীগৰাকীয়ে সকলো কথা বিৱৰণ দিব পৰা নাছিল । কাউন্সিলিঙৰ সময়তো যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছিল । ইয়াৰ পিছত তাৰানগৰ আৰক্ষীয়ে কিশোৰীগৰাকীক অঞ্চলটোৰ বিভিন্ন স্থানলৈ লৈ যায় আৰু দেৱগড় গাঁৱত এটা ঘৰ চিনাক্ত কৰে আৰু কিশোৰীগৰাকী তাতে আছিল বুলি স্পষ্ট কৰে । এই ঘৰটোৰ স্বত্বাধিকাৰী কিশন জাট। আৰক্ষীৰ জেৰা কিশনে স্বীকাৰোক্তি দিয়ে যে, কিশোৰীগৰাকী বিগত ৫ দিন ধৰি কিশনৰ ঘৰতে আছিল আৰু ৰাজগড়ৰ ভমাণা গাঁৱৰ ধৰ্মপাল নামৰ এজন লোকে থৈ গৈছিল ।

আৰক্ষীয়ে ধৰ্মপালকো জেৰা কৰে । দদৰেবা গাঁৱৰ ওমপ্ৰকাশে কিশোৰীগৰাকীক ধৰ্মপালৰ ঘৰত এৰি গৈছিল বুলি স্বীকাৰ কৰে । ইয়াৰ পিছত আৰক্ষীয়ে ওমপ্ৰকাশৰ জেৰা চলায় । জেৰাত ওমপ্ৰকাশে প্ৰকাশ কৰে যে, কিশোৰীগৰাকীৰ পিতৃয়ে ওমপ্ৰকাশৰ হাতত বিক্ৰী কৰিছিল । ইয়াৰ পিছৰ পৰাই কিশোৰীগৰাকীৰ বিক্ৰীৰ প্ৰক্ৰিয়া আৰম্ভ হয় । অভিযুক্ত ওমপ্ৰকাশে কিশোৰীগৰাকীক হাৰিয়ানাৰ এখন গাঁৱত বিক্ৰী কৰিছিল যদিও কেইদিনমান পিছতে হাৰিয়ানাৰ যুৱকজনে কিশোৰীগৰাকী পুনৰ ওমপ্ৰকাশক উভতাই দিয়ে । ওমপ্ৰকাশ আৰু ধৰ্মপালে কিশোৰীগৰাকী কিশন জাটক গতাই দিয়ে । কিশোৰীগৰাকীৰ উদ্ধাৰৰ পিছতে তাৰানগৰ আৰক্ষীয়ে চুৰু বাল্য কল্যাণ সমিতিৰ হাতত গতাই দিয়ে আৰু সমিতিয়ে কিশোৰীগৰাকী গৰ্ভৱতী হোৱাৰ আশংকা কৰি স্বাস্থ্য পৰীক্ষাৰ নিৰ্দেশ দিয়ে ।

ধনৰ লালসাত নিষ্ঠুৰ পিতৃয়ে নাৰীদেহ সৰবৰাহকাৰীৰ হাতত গতালে নিজ কন্যাক

ৰাজকীয় ভৰ্তিয়া হাস্পতালত হোৱা স্বাস্থ্য পৰীক্ষাৰ অন্তত কিশোৰীগৰাকী ১১সপ্তাহ ৬দিন পূৰ্বেই সন্তান সম্ভৱা হোৱাৰ কথা স্পষ্ট হৈ পৰে । ইয়াৰ পিছত কিশোৰীগৰাকীক পুনৰ বাল্য কল্যাণ সমিতিৰ হাতত গতাই দিয়ে যদিও সমিতিয়ে বিকানেৰস্থিত নাৰী নিকেতনলৈ প্ৰেৰণৰ পৰামৰ্শ দিয়ে । মানৱ সৰবৰাহ আৰু বাল্য বিবাহ আইনৰ ৩৭৬ ধাৰাৰ অধীনত কিশন জাট, ধৰ্মপাল, ওমপ্ৰকাশ আৰু কিশোৰীগৰাকীৰ পিতৃৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি অনুসন্ধান আৰম্ভ কৰিছে তাৰানগৰ আৰক্ষীয়ে। ঘটনাৰ তদন্তৰ দায়িত্ব সম্প্ৰতি মহিলা আৰক্ষী বিষয়াক অৰ্পণ কৰা হৈছে ।

লগতে পঢ়ক:স্বামিতভা আঁচনিৰ অন্তৰ্গত সম্পত্তি কাৰ্ডৰ বিতৰণৰ শুভাৰম্ভ

ABOUT THE AUTHOR

...view details