অসম

assam

By

Published : Jun 12, 2020, 2:04 PM IST

ETV Bharat / bharat

ৰাষ্ট্ৰবিৰোধী শ্লোগানত গ্ৰেপ্তাৰ ছাত্ৰী অমূল্য লীওনাক জামিন দিলে বাংগালুৰু আদালতে

বৃহস্পতিবাৰে বাংগালুৰুৰ এখন আদালতে অমূল্য লীওনা নামৰ ছাত্ৰীগৰাকীক জামিন দিয়ে ৷ লীওনাই ২০ ফেব্ৰুৱাৰীত বাংগালুৰুত হোৱা কা-এনআৰচিৰ প্ৰতিবাদী ৰেলীত 'পাকিস্তান জিন্দাবাদ' ধ্বনি দিছিল ।

ৰাষ্ট্ৰবিৰোধী শ্লোগানত গ্ৰেপ্তাৰ ছাত্ৰী অমূল্য লীওনাক জামিন দিলে বাংগালুৰু আদালতে
ৰাষ্ট্ৰবিৰোধী শ্লোগানত গ্ৰেপ্তাৰ ছাত্ৰী অমূল্য লীওনাক জামিন দিলে বাংগালুৰু আদালতে

নেশ্যনেল ডেস্ক, ১২ জুন: বৃহস্পতিবাৰে বাংগালুৰুৰ এখন আদালতে অমূল্য লীওনা নামৰ ছাত্ৰীগৰাকীক জামিন দিয়া বুলি জানিব পৰা গৈছে । বিতৰ্কৰ সৈতে সাঙুৰ খাই থকা ছাত্ৰী অমূল্য লীওনাৱে বাংগালুৰুৰ আদালতৰ মুখ্য ন্যায়াধীশ বিদ্যাধৰ চিৰহট্টীৰ নিৰ্দেশমৰ্মে জামিন লাভ কৰে । ফেব্ৰুৱাৰী মাহত বাংগালুৰু আৰক্ষীৰ দ্বাৰা গ্ৰেপ্তাৰৰ পিছত অমূল্যই মাৰ্চ মাহত জামিনৰ বাবে আদালতত আবেদন জাৰি কৰিছিল ।

ৰাষ্ট্ৰবিৰোধী শ্লোগানত গ্ৰেপ্তাৰ ছাত্ৰী অমূল্য লীওনাক জামিন দিলে বাংগালুৰু আদালতে

চলিত বৰ্ষৰ ২০ ফেব্ৰুৱাৰী তাৰিখে হোৱা কা-এনআৰচিৰ প্ৰতিবাদী ৰেলীত অমূল্য লীওনাই ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দিয়াৰ অপৰাধত বাংগালুৰু আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছিল । আৰক্ষীয়ে অমূল্যক ৰাষ্ট্ৰবিৰোধী মন্তব্য দিয়াৰ অপৰাধত গ্ৰেপ্তাৰ কৰে । এই প্ৰতিবাদী ৰেলীত এআইএমআইএমৰ অধ্যক্ষ আছাউদ্দিন ওৱেইছিও উপস্থিত আছিল ।

লগতে পঢ়ক: হিমাচল প্ৰদেশত ৫৩ লাখ টকাৰ গান্জাসহ এজন গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details