অসম

assam

By

Published : Dec 14, 2019, 7:36 PM IST

ETV Bharat / bharat

আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰদান কৰক অসমকঃ নৱ শৰণীয়া

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সমগ্ৰ অসমতে উত্তেজনাই বিৰাজ কৰি থকাৰ সময়তে কোকৰাঝাৰৰ নিৰ্দলীয় সাংসদ নৱ শৰণীয়াৰ গুৰুত্বপূৰ্ণ মন্তব্য ৷ শনিবাৰে সাংসদ গৰাকীয়ে কয় যে,আন্তঃৰাজ্যিক পাৰপত্ৰ (ILP) প্ৰদান কৰা হওক অসমক ৷

নৱ শৰণীয়া
আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰদান কৰক অসমকঃ নৱ শৰণীয়া

নিউজ ডেস্ক,14 ডিচেম্বৰ: সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সহযোগত বিদেশীৰ বিৰুদ্ধে হোৱা আন্দোলনৰ সাক্ষী হৈ ৰৈছে অসম ৷ অৱশ্যে,অসম চুক্তিৰ বিভিন্ন দফা সমূহ বৰ্তমানেও কাৰ্যকৰী কৰা হোৱা নাই ৷ নাগৰিকত্ব আইনে অসমৰ জনসাধাৰণক সংখ্যালঘুত পৰিণত কৰিব বুলি তেওঁলোক শংকিত হৈ পৰিছে,যাৰ ফলত সকলোৱে এই আইনৰ বিৰোধিতা কৰিছে ৷ সেয়ে অসমক আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰদান কৰিব লাগে বুলি মন্তব্য কৰে নৱ শৰণীয়াই ৷

আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰদান কৰক অসমকঃ নৱ শৰণীয়া

সাংসদগৰাকীয়ে লগতে কয় যে,বাংলাদেশৰ পৰা অহা কিমান মানুহে নাগৰিকত্ব লাভ কৰিব সেয়া এতিয়াও স্পষ্ট নহয় ৷ আনকি, বাংলাদেশৰ বৰ্তমানৰ চৰকাৰখনে দেশখনৰ সংখ্যালঘু সকলক যথেষ্ট গুৰুত্ব প্ৰদান কৰে ৷ গতিকে বাংলাদেশৰ পৰা যাতে কোনো লোক ভাৰতলৈ আহিব লগীয়া নহয়,সেই ক্ষেত্ৰত ভাৰতৰ চৰকাৰে পদক্ষেপ গ্ৰহণ কৰা উচিত ৷ তাৰোপৰি প্ৰশাসনক আহ্বান জনায় নৱ শৰণীয়াই কয় যে,"মই নিজে 25 বছৰ কাল আলফাত আছিলো,অসম আৰক্ষী আমাৰ ভাতৃৰ দৰে ৷ মই ভাবো আৰক্ষীয়ে প্ৰতিবাদকাৰীৰ বিপক্ষে কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰে "৷

আলফা(স্বা) মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই শেহতীয়াকৈ নিৰাপত্তা সংক্ৰান্তত অসম আৰক্ষীক দিয়া সকিয়নীৰ প্ৰসংগত শৰণীয়াই কয় যে,পূৰ্বে আলফা শক্তিশালী আছিল যদিও বৰ্তমান এই সংগঠনটো নিশকটীয়া হৈ পৰিছে ৷

লগতে চাওকঃনগাঁৱত সদৌ অসম কলেজ শিক্ষক সন্থাৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details