অসম

assam

ETV Bharat / bharat

অন্ধ্ৰ প্ৰদেশত আবকাৰী বিভাগৰ দ্বাৰা বৃহৎ পৰিমাণৰ সুৰা জব্দ

সোমবাৰে কোভুৰত আবকাৰী বিভাগৰ এটা বিশেষ দলে আৰক্ষীৰ সহযোগত এজন লৰী চালকক গ্ৰেপ্তাৰ কৰাৰ লগতে চালক জনৰ মালিককো কৰিলে গ্ৰেপ্তাৰ ৷ আৰক্ষীয়ে দুয়োজন লোকৰ বাসগৃহত অভিযান চলাই বৃহৎ পৰিমাণৰ সুৰা জব্দ কৰিবলৈ সক্ষম হৈছে ৷

অন্ধ্ৰ প্ৰদেশৰ আবকাৰী আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ সুৰা
অন্ধ্ৰ প্ৰদেশৰ আবকাৰী আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ সুৰা

By

Published : Oct 27, 2020, 10:13 AM IST

নেশ্যনেল ডেস্ক, 27 অক্টোবৰ:কোভুৰৰ আবকাৰী বিভাগৰ এটা বিশেষ দলে আৰক্ষীৰ সহযোগত সোমবাৰে এজন লৰী চালকক গ্ৰেপ্তাৰ কৰে ৷ চালক জনৰ লগত চালক জনৰ মালিকৰ ঘৰত আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ সুৰা জব্দ কৰে যিসমূহ কলকাতাৰ পৰা অন্ধ্ৰ প্ৰদেশলৈ অবৈধভাৱে অনা হৈছিল ৷

আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি, চালকজন নিদাদাভোলেৰ মহম্মদ আহমেদ আলিশ্বাহ বুলি চিনাক্ত কৰা হৈছে ৷ আৰক্ষীয়ে অভিযানত 25 টাকৈ বাকচৰ পৰা 300 বটল সুৰা জব্দ কৰিবলৈ সক্ষম হৈছে ৷

অভিযানকাৰী দলে চালক জনৰ মালিকৰ ছামিৰাগুডামস্থিত বাসগৃহতো তালাচী চলাই 15 বাকচ সুৰা আৰু বহু সংখ্যক হুইস্কিৰ বটলো জব্দ কৰে ৷ জব্দকৃত সুৰাখিনিৰ আনুমানিক মূল্য কলকাতাত 5 লাখ আৰু অন্ধ্ৰ প্ৰদেশত 10 লাখ হ'ব বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ৷

লগতে পঢ়ক:অধিক বৃদ্ধি পাইছে দিল্লীৰ বায়ু প্ৰদূষণ

ABOUT THE AUTHOR

...view details