অসম

assam

By

Published : Feb 4, 2020, 4:54 PM IST

ETV Bharat / bharat

নিৰ্বাচনৰ তিনিদিন পূৰ্বে AAP ৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি

দিল্লীৰ নিৰ্বাচনৰ তিনিদিন পূৰ্বে AAPয়ে মুকলি কৰিলে নিৰ্বাচনী ইস্তাহাৰ ৷ কংগ্ৰেছ আৰু বিজেপি দলেও ইতিমধ্যেই মুকলি কৰিছে নিৰ্বাচনী ইস্তাহাৰ ৷

AAP releases manifesto for Delhi polls today
নিৰ্বাচনৰ তিনিদিন পূৰ্বে AAP য়ে মুকলি কৰিলে নিৰ্বাচনী ইস্তাহাৰ

নেশ্যনেল ডেস্ক,4 ফেব্ৰুৱাৰী: দিল্লীৰ বিধানসভাৰ নিৰ্বাচনৰ তিনিদিন পূৰ্বে দিল্লীৰ শাসনাধিষ্ঠ দল AAPয়ে মুকলি কৰিলে দলীয় নিবাচনী ইস্তাহাৰ ৷ নিৰ্বাচনী ইস্তাহাৰ মুকলি অনুষ্ঠানত উপস্থিত থাকে দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱাল লগতে AAP দলীয় নেতা গোপাল ৰায়, মনিষ চিচোড়িয়া, জেচমিন শ্বাহ আৰু ড৹ অজয় কুমাৰ ৷ দিল্লীৰ নিৰ্বাচনক লৈ কংগ্ৰেছ আৰু বিজেপি দুয়োটা দলেই ইতিমধ্যে নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰিছে ৷

লগতে পঢ়ক:নিৰ্ভয়া কাণ্ডৰ দোষীক ফাঁচী দিয়াত পলমৰ বাবে দিল্লী চৰকাৰক দোষাৰোপ জাভেদকাৰৰ

ইয়াৰ পূৰ্বে জানুৱাৰীত আগন্তুক নিৰ্বাচনক কেন্দ্ৰ কৰি AAP কেন্দ্ৰীয় আহ্বায়ক আৰু মুখ্যমন্ত্ৰী কেজৰিৱালে মুকলি কৰিছিল "কেজৰিৱাল কা গ্যাৰেণ্টী কাৰ্ড" ৷ এই কাৰ্ডত অন্তৰ্ভুক্ত আছিল দিল্লীৰ প্ৰতিজন নাগৰিকৰ বাবে 200 ইউনিট বিনামূল্য বিজুলী, মহল্লা মাৰ্শ্বল আৰু 24x7 বিশুদ্ধ পানী সেৱা ৷ AAP ৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল, তেওঁৰ চৰকাৰে আগন্তুক 5 বছৰৰ বাবে 24 ঘণ্টা পানী যোগান ধৰাৰ লগতে 20,000 লিটাৰ পানী বিনামূল্যে প্ৰদান কৰিব ৷

উল্লেখ্য যে দিল্লীৰ বিধানসভা নিৰ্বাচন 8 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব আৰু 11 ফেব্ৰুৱাৰীত হ'ব ভোট গণনা কাৰ্যসূচী ৷

লগতে পঢ়ক:চীনত ক'ৰোনা ভাইৰাছত মৃত্যু সংখ্যা 425 জনলৈ বৃদ্ধি, আক্ৰান্ত প্ৰায় 20,438 গৰাকী

For All Latest Updates

ABOUT THE AUTHOR

...view details