নেশ্যনেল ডেস্ক, ১৩ জুন: ওড়িশাৰ নয়াগড় জিলাত মহানদীত ৫০০ বছৰ পুৰণি এটি প্ৰাচীন মন্দিৰৰ পুনৰুত্থান হয় । ওড়িশাৰ লোকসকলৰ বিশ্বাস মতে, এই মন্দিৰটো ভগৱান গোপীনাথৰ মন্দিৰ । ভগৱান গোপীনাথ হৈছে ১৫-১৬ শতাব্দীৰ শেষৰ ফালে আৱিৰ্ভাৱ হোৱা ভগৱান বিষ্ণুৰ এক ৰূপ । এই মন্দিৰটি ‘সাতপাতনা’ নামেৰে জনাজাত ।
সাতপাতনা হৈছে ৭ খন গাঁৱৰ মিশ্ৰণ,য'ত পদ্মাৱতীও অন্তৰ্ভুক্ত হৈ আছে । জানিব পৰা মতে, ১৯ শতাব্দীত হোৱা প্ৰৱল বানপানীৰ ফলত মহানদীৰ সোঁত অন্য ফাললৈ গতি কৰে,যাৰ বাবে গোটেই গাঁও পানীত ডুব যায় । ইয়াৰ পিছতে গাঁওবাসীসকলে মন্দিৰৰ পূজাৰীসকলৰ সৈতে অন্য ঠাইলৈ গুচি যায় ।