অসম

assam

By

Published : Jan 9, 2021, 5:03 PM IST

ETV Bharat / bharat

সন্ধিয়া 5 বজাৰ দহটা শীৰ্ষ বাতৰি

সন্ধিয়া 5 বজাৰ দহটা শীৰ্ষ বাতৰি...

5 বজাৰ দহটা শীৰ্ষ বাতৰি
5 বজাৰ দহটা শীৰ্ষ বাতৰি

অসমৰ প্ৰতিজন নাগৰিকৰ মুৰত ২৪ হাজাৰ টকাৰ ধাৰৰ বোজা

বিগত চাৰে চাৰি বছৰীয়া শাসনকালত ৰাজ্য চৰকাৰখনে মূলতঃ হিতাধিকাৰী সৃষ্টিৰ বাবে যিমানবিলাক অভিলাষী আঁচনি ঘোষণা বা ৰূপায়ণ কৰিছে তাৰে বেছিভাগেই চলিছে ধাৰৰ টকাৰে । বিগত ২০২০ বৰ্ষৰ ৭ ছেপ্টেম্বৰ পৰ্যন্ত বিভিন্ন বিদেশী বেংকৰ পৰা ৰাজ্য চৰকাৰে লোৱা ধাৰৰ পৰিমাণ হ'ল প্ৰায় ৪,৩১৪.০৬ কেটি টকা । বিভিন্ন সংস্থাৰ উপৰিও ফ্ৰাঞ্চ আৰু জাপান চৰকাৰৰ পৰাও বৃহৎ পৰিমাণৰ ধাৰ লৈছে বৰ্তমানৰ অসম চৰকাৰে । চাৰে চাৰি বছৰত কেৱল সুতৰ নামতেই সোণোৱাল চৰকাৰে পৰিশোধ কৰিছে ১৪,৮৫৫ কোটি টকা ।

ভাৰতীয় সেনাৰ হাতত কৰায়ত্ব চীনা সৈনিক

প্ৰকৃত নিয়ন্ত্ৰণৰেখাত ভাৰতীয় সীমান্তৰ ভিতৰত প্ৰৱেশ কৰা চীনা পিএলএৰ সৈনিকক কৰায়ত্ব কৰে ভাৰতীয় সেনাই ৷

হিমন্ত বিশ্ব শৰ্মাক ক’লা পতাকা প্ৰদৰ্শন আছু কৰ্মীৰ

গোলাঘাটত ক'লা পতাকাৰ সন্মুখীন হ'ল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । গোলাঘাটৰ জেনেৰেল ফিল্ডত হেলিকপ্টাৰ যোগে অৱতৰণ কৰাৰ পিছতেই বাইক ৰেলীৰে উষা গৰঙা বাগান খেলপথাৰৰ যোগদান সভাৰ অভিমুখে ৰাওনা হয় মন্ত্ৰী গৰাকী ৷ বাইক ৰেলীৰ সময়তে আছু সদস্যই ক’লা পতাকা প্ৰদৰ্শন কৰে মন্ত্ৰীগৰাকীক । গোলাঘাট জিলা আছুৰ কাৰ্যালয়ৰ সন্মুখেৰে পাৰ হৈ আহোঁতেই কা বিৰোধী বিভিন্ন শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে আছুৰ সদস্য সকলে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজেই স্কুটি চলাই বাইক ৰেলীৰ আগে আগে অহা পৰিলক্ষিত হয় ৷

পত্নী-কন্যাক হত্যা কৰি অৱশেষত হত্যাকাৰীৰো মৃত্যু ৰাইজৰ প্ৰহাৰত

তিনিচুকীয়াত লোমহৰ্ষক হত্যাকাণ্ড ৷ ডুমডুমাৰ দৈদাম চাহ বাগিচাৰ গুৰগুৰি লাইনত সংঘটিত হৈছে লোমহৰ্ষক হত্যাকাণ্ড ৷ স্বামীয়ে হত্যা কৰিলে পত্নীসহ কন্যাক ৷ দৈদাম চাহ বাগিচাৰ গুৰগুৰি লাইনৰ ঠাকুৰ মন্দিৰৰ সমীপত বাস কৰা জিতেন চাওঁতাল নামৰ ব্যক্তি গৰাকীয়ে পত্নীসহ নিজ কন্যাক ডিঙি কাটি হত্যা কৰে ৷

শুৱনি কলিয়াবৰে ৰিঙিয়াই মাতিছে পৰ্যটকক

কেৱল ঐতিহাসিক, প্ৰকৃতিক সমলেৰেই নহয় জৈৱ-বৈচিত্ৰতাৰ দিশৰ পৰাও চহকী কলিয়াবৰ ৷ পৰ্যটনৰ সকলো দিশৰ পৰিৱেশে এতিয়া পৰ্যটকক হাত বাউল দি মাতিছে কলিয়াবৰলৈ ৷

দেশীয় দুটাকৈ প্ৰতিষেধকৰে ভাৰতে মানৱতা ৰক্ষা কৰিবলৈ সাজু: প্ৰধানমন্ত্ৰী

16 সংখ্যক প্ৰবাসী ভাৰতীয় দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা সন্মিলনত অংশগ্ৰহণ কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ মোডীয়ে উক্ত সন্মিলনত প্ৰদান কৰা ভাষণত ভাৰতে দেশত নিৰ্মিত দুটাকৈ প্ৰতিষেধকৰে মানৱতা ৰক্ষা কৰিবলৈ সাজু বুলি ব্যক্ত কৰে ৷ ছিৰাম ইনষ্টিটিউট আৰু ভাৰত বায়’টেকৰ দ্বাৰা প্ৰস্তুত কৰি উলিওৱা প্ৰতিষেধক ব্যৱহাৰৰ ক্ষেত্ৰত ইতিমধ্যে অনুমোদন লাভ কৰা হৈছে ৷

কৰ’ণাৰ সাম্ভাৱ্য নতুন প্ৰবাহক লৈ আমেৰিকাত সতৰ্কতা জাৰি

আমেৰিকা যুক্তৰাষ্ট্ৰত অধিক সংখ্যক সংক্ৰমিত ক’ভিড 19ৰ ঘটনা পোহৰলৈ আহিব পাৰে বুলি সতৰ্কতা জাৰি কৰিছে হোৱাইট হাউচৰ টাস্ক ফ’ৰ্চে ৷ টাস্ক ফ’ৰ্চে কয় যে,শেহতীয়াকৈ বৃদ্ধি পোৱা কৰ’ণা ৰোগীৰ সংখ্যা গ্ৰীষ্ম আৰু বসন্তকালত আক্ৰান্ত ৰোগীৰ সংখ্যাৰ দুগুণ ৷

ৰাইজৰ সমৰ্থন দেখি মই অখিলৰ অভাৱ অনুভৱ কৰা নাই:প্ৰিয়দা গগৈ

ৰাইজৰ দলৰ অভিৱৰ্তনৰ অন্তিম দিনৰ কাৰ্যসূচীত উপস্থিত হয় কৃষক নেতা তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈ ৷ অখিল গগৈ কাৰাবন্দী হৈ আছে যদিও তেওঁৰ প্ৰতি ৰাইজৰ সমৰ্থন দেখি পুত্ৰৰ পৰা আতৰত থকাৰ দুঃখ অনুভৱ কৰা নাই বুলি মন্তব্য কৰে অখিলৰ মাতৃয়ে ৷ ইয়াৰ উপৰিও অনাগত দিনসমূহতো সকলোকে লগে ভাগে থকাৰ বাবেও আহ্বান জনায় প্ৰিয়দা গগৈয়ে ৷ আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবেও দলটোৰ লগতে পুত্ৰ অখিল গগৈক আশীৰ্বাদ কৰা বুলি কয় অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈয়ে ৷

ধিং এক্সপ্ৰেছ হিমা দাসৰ 22 সংখ্যক জন্মদিন

আজি ধিং এক্সপ্ৰেছ হিমা দাসৰ 22 সংখ্যক জন্মদিন ৷ আগন্তুক দিনসমূহতো হিমাৰ জয়যাত্ৰা শুভ হোৱাৰ কামনাৰে হিমা দাস ফেন ক্লাৱে দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰিব ধিং এক্সপ্ৰেছৰ জন্মদিন ৷

এঞ্জিঅ'প্লাষ্টিৰ পিছত পুনৰ জিমত ব্যায়াম কৰাত ব্যস্ত ৰেম' ডিছ'জা

শুক্ৰবাৰে কৰিঅ'গ্ৰাফাৰ, ছবি নিৰ্মাতা ৰেম' ডিছ'জাই শ্বেয়াৰ কৰিলে জিমত ব্যায়াম কৰি থকা সময়ৰ এটা ভিডিঅ' । এঞ্জিঅ'প্লাষ্টি সম্পন্ন হোৱাৰ পিছত পুনৰ জিমত ব্যায়াম কৰা দেখা গ'ল ৰেম'ক ।

ABOUT THE AUTHOR

...view details