নেশ্যনেল ডেস্ক, 3 ডিচেম্বৰঃ বৃহস্পতিবাৰে বাংলাদেশ অৰ্ধ সামৰিক বাহিনীৰ মুখ্য বিষয়াই উল্লেখ কৰে যে ভাৰতবৰ্ষত কাৰ্যকাৰী হোৱা চূড়ান্ত এন.আৰ.চিৰ পিচত যোৱা দুমাহত সৰ্বমুঠ 445 গৰাকী বাংলাদেশী নাগৰিকে নিজ দেশলৈ প্ৰত্যাৱৰ্তন কৰে ৷
বিজিবি অৰ্থাৎ ব’ৰ্ডাৰ গাৰ্ড বাংলাদেশৰ মুখ্য জেনেৰেল মেজৰ মঃ শ্বাফিনুল ইছলামে এক সংবাদমেলযোগে সংক্ষিপ্ত সংখ্যা প্ৰকাশ কৰে ৷
লগতে তেওঁ উল্লেখ কৰে যে, 2019 চনৰ নৱেম্বৰ-ডিচেম্বৰ মাহত ভাৰত-বাংলা সীমান্তত প্ৰায় 1000 জন অবৈধ অনুপ্ৰৱেশকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে ৷
আনহাতে, তেওঁ প্ৰকাশ কৰে যে নাগৰিকসকলৰ প্ৰয়োজনীয় নথি-পত্ৰ পৰীক্ষণৰ পিচত তেওঁলোকক বাংলাদেশী নাগৰিক বুলি চিনাক্ত কৰিব পৰা গৈছে ৷ লগতে সেনা বিষয়াগৰাকীয়ে অবৈধ অনুপ্ৰৱেশকাৰীৰ বিষয়ে এতিয়ালৈ 253টা গোচৰ ৰুজু হৈছে বুলি মত প্ৰকাশ কৰে ৷ তাৰোপৰি বাংলাদেশী নাগৰিক বুলি চিনাক্ত হোৱা আটাইকেইগৰাকীয়ে ভাৰত-বাংলা সীমান্তত কোনোধৰণৰ উত্তেজনাপূৰ্ণ পৰিৱেশৰ সৃষ্টি কৰা নাছিল বুলিও সংবাদমেলত উল্লেখ কৰে ৷