অসম

assam

By

Published : Jun 24, 2020, 8:22 AM IST

ETV Bharat / bharat

দিল্লীত ৰেকৰ্ড ভংগ, ২৪ ঘণ্টাত ৩৯৪৭ গৰাকী ব্য়ক্তিৰ দেহত কৰ'ণা

দিল্লীত বিগত ২৪ ঘণ্টাত পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ কৰিলে কৰ'ণা আক্ৰান্তৰ সংখ্যাই । মঙলবাৰে ৩৯৪৭ গৰাকী ব্যক্তিৰ দেহত নতুনকৈ ধৰা পৰে কৰ'ণাৰ উপস্থিতি । লগতে এই ভাইৰাছ আক্ৰান্ত হৈ বিগত ২৪ ঘণ্টাত হৈ মৃত্যু হয় ৬৮ গৰাকী লোকৰ ।

দিল্লী
দিল্লীত ৰেকৰ্ড ভংগ, ২৪ ঘণ্টাত ৩৯৪৭ গৰাকী ব্য়ক্তিৰ দেহত কৰ'ণা

নিউজ ডেস্ক, ২৪ জুনঃ দিল্লীত প্ৰতিঘণ্টাত বৃদ্ধি পাইছে কৰ'ণা আক্ৰান্তৰ সংখ্যা । বিগত ২৪ ঘণ্টাত দিল্লীত ৩৯৪৭ গৰাকী ব্যক্তৰ দেহত লাভ কৰে মহামাৰী কৰ'ণাৰ উপস্থিতি । মঙলবাৰৰ কৰ'ণা আক্ৰান্ত এই সংখ্যাই ইতিমধ্যে দিল্লীৰ পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ কৰিছে । দিল্লীত ইয়াৰ পূৰ্বে অৰ্থাৎ ২০ জুনত ৩৬৩০ গৰাকীৰ ব্যক্তিৰ দেহত লাভ কৰা হৈছিল মহামাৰী কৰ'ণা ।

দিল্লীত ৰেকৰ্ড ভংগ, ২৪ ঘণ্টাত ৩৯৪৭ গৰাকী ব্য়ক্তিৰ দেহত কৰ'ণা

দিল্লীত বৰ্তমান পৰ্যন্ত কৰ'ণা আক্ৰান্তৰ সংখ্যা হৈছে ৬৬.৬০২ গৰাকী । আনহাতে,বিগত ২৪ ঘণ্টাত ৬৮ গৰাকী ব্যক্তিৰ মৃত্যুৰ সৈতে ৰাজধানী দিল্লীত কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা ৰোগীৰ সংখ্যা হৈছে ২৩০১ গৰাকী ।

তাৰোপৰি, বিগত ২৪ ঘণ্টাত ২৭১১ গৰাকী ব্যক্তিয়ে কৰ'ণাক পৰাজিত কৰি সম্পূৰ্ণৰূপে আৰোগ্য হোৱা বুলিও দিল্লীৰ স্বাস্থ্য বিভাগে সদৰি কৰে । দিল্লীত বৰ্তমান পৰ্যন্ত এই ভাইৰাছৰ পৰা আৰোগ্য হৈ উঠিছে মুঠ ৩৯,৩১৩ গৰাকী ব্যক্তি । আনহাতে, ২৪,৯৮৮ গৰাকী ব্যক্তিৰ দেহত বৰ্তমানেও এই ভাইৰাছ সক্ৰিয় হৈ আছে বুলি সদৰি কৰে দিল্লী চৰকাৰে ।

লগতে পঢ়কঃ বিটিচি নিৰ্বাচনত 25 খন আসনেৰে চৰকাৰ গঠন কৰিব নৱ শৰণীয়াই

ABOUT THE AUTHOR

...view details