অসম

assam

ETV Bharat / bharat

২৩ বছৰীয়া ভাৰতীয় যুৱতীৰ কানাডাত ৰহস্যজনক মৃত্যু

উচ্চ শিক্ষাৰ বাবে কানাডালৈ যোৱা পঞ্জাবৰ বৰনালা জিলাৰ এগৰাকী ২৩ বছৰীয়া যুৱতীৰ ৰহস্যজনক ভাবে কানাডাৰ টৰ'ণ্টো চহৰত মৃত্যু হয় । বৰনালা জিলাৰ নেনপাল গাঁৱৰ জয়পাল সিঙৰ কন্যা সমনদ্ধীপ কৌৰ ৪ বছৰৰ বাবে কানাডালৈ শিক্ষা গ্ৰহণ কৰিবলৈ গৈছিল ।

By

Published : Jul 5, 2020, 10:03 PM IST

23-year-old-punjab-woman-dies-mysteriously-in-canada
23-year-old-punjab-woman-dies-mysteriously-in-canada

নিউজ ডেস্ক, ৫ জুলাই : উচ্চ শিক্ষাৰ বাবে কানাডালৈ যোৱা পঞ্জাবৰ বৰনালা জিলাৰ এগৰাকী ২৩ বছৰীয়া যুৱতী ৰহস্যজনক ভাবে কানাডাৰ টৰ'ণ্টো চহৰত মৃত্যু হয় ।

বৰনালা জিলাৰ নেনপাল গাঁৱৰ জয়পাল সিঙৰ কন্যা সমনদ্ধীপ কৌৰ ৪ বছৰৰ বাবে কানাডালৈ শিক্ষা গ্ৰহণ কৰিবলৈ গৈছিল । আনহাতে, যুৱতী গৰাকীৰ পিতৃয়ে জনোৱা অনুসৰি, যুৱতী গৰাকী ২ মাহ পূৰ্বে কানাডাত থকা আত্মীয়ৰ ঘৰত থাকিবলৈ গৈছিল । তেওঁ আকৌ জনোৱা অনুসৰি, যি গৰাকী আত্মীয়ৰ ঘৰত তেওঁ থাকিবলৈ গৈছিল উক্ত দিনা তেওঁ বিশেষ কাৰণত বাহিৰলৈ যোৱাত উভতি আহি যুৱতি গৰাকীক নেদেখি আৰক্ষীক খবৰ দিয়ে । পৰৱৰ্তী সময়ত যুৱতী গৰাকীক মৃত অৱস্থাত ঘৰৰ ওচৰতে উদ্ধাৰ কৰে ।

বৰ্তমান যুৱতী গৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰাত অঞ্চলবাসীয়ে গভীৰ শোক প্ৰকাশ কৰিছে ।

ঘটনা সন্দৰ্ভত কানাডা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক :

ABOUT THE AUTHOR

...view details