অসম

assam

By

Published : Aug 4, 2022, 12:39 PM IST

ETV Bharat / bharat

Soldier killed in landslide: ভাৰত-চীন সীমান্তত ভূমিস্খলনত প্ৰাণ হেৰুৱালে সেনা জোৱানে

উত্তৰাখণ্ডৰ উত্তৰকাশী জিলাত ভূমিস্খলনৰ ভয়ংকৰ ৰূপ(Landslide in Uttarkashi district of Uttarakhand) । ভূমিস্খলনৰ ফলত পাহাৰৰ ওপৰৰ পৰা বাগৰি অহা শিলৰ খুন্দাত প্ৰাণ হেৰুৱালে এজন সেনা জোৱানে(An army jawan lost his life in stone collision) । গুৰুতৰভাৱে আহত আন এজন সেনা জোৱান ।

army jawan die after being hit by a boulder near india china border in uttarakhand
ভাৰত-চীন সীমান্তত ভূমিস্খলনত প্ৰাণ হেৰুৱালে সেনা জোৱানে

নেশ্যনেল ডেস্ক,৪ আগষ্ট: বুধবাৰে উত্তৰাখণ্ডৰ উত্তৰকাশী জিলাৰ ভাৰত-চীন সীমান্তৰ ওচৰত ভূমিস্খলনৰ(Landslide in Uttarkashi district of Uttarakhand) ফলত পাহাৰৰ পৰা অহা শিলৰ খুন্দাত এজন সেনা জোৱান নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত হয় আন এজন সেনা জোৱান(An army jawan lost his life in stone collision) । জিলা দুৰ্যোগ ব্যৱস্থাপনা বিষয়া দেৱেন্দ্ৰ পাটৱালে কয় যে জোৱানসকলে নেলাঙৰ পৰা হৰ্ষিললৈ খোজকাঢ়ি গৈ থকাৰ সময়তে হয় ভয়ংকৰ ভূমিস্খলনৰ সন্মুখীন হয় । সেইসময়তে পাহাৰৰ পৰা বাগৰি অহা শিলৰ খুন্দাত আঘাত প্ৰাপ্ত হয় সেনা জোৱান সকল ।

হৰ্ষিল উপত্যকাৰ এটা সেনা গোটত নিযুক্তি দিয়া হৈছিল জোৱানসকলক আৰু সেয়ে পাহাৰীয়া পথেৰে যাত্ৰা কৰিছিল জোৱানসকলে । নিহত সৈনিকজনৰ নাম সুখজিন্দৰ সিঙ । আনহাতে আহত জোৱানজনক ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত । মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে জোৱানজনৰ জন্মস্থান জম্মুৰ আৰ এছ পুৰাত শোকাকুল পৰিৱেশ বিৰাজ কৰিছে । বাতৰি লিখাৰ পৰলৈ জোৱানজনৰ মৃতদেহ ঘৰলৈ প্ৰেৰণ কৰা নাই বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক:Suicide Case in Guwahati: মহানগৰীত একেদিনাই দুটাকৈ আত্মহত্যাৰ ঘটনা

For All Latest Updates

ABOUT THE AUTHOR

...view details