অসম

assam

ETV Bharat / bharat

অৰুণাচলৰ বনজুই নিৰ্বাপনত সেনাৰ সহযোগ

অৰুণাচল প্ৰদেশৰ দিবাং ভেলিত বনজুইৰ সূত্ৰপাত ৷ ভাৰতীয় সেনাৰ প্ৰচেষ্টাত ৰক্ষা পৰিল নিমিষতে জুইয়ে আগুৰি ধৰা পাহাৰৰ পাৰ্শ্বৱতী বহুকেইটা অঞ্চল ৷ দিবাং ভেলি জিলাৰ আনিনি অঞ্চল কয়লাবস্তিত 11 ফেব্ৰুৱাৰীৰ আবেলি সূত্ৰপাত হৈছিল বনজুইৰ ৷ সেনা আৰু স্থানীয় প্ৰশাসনৰ 11 ঘন্টীয়া প্ৰচেষ্টাৰ পাছত জুই নিৰ্বাপন ৷ অঞ্চলটোক আসন্ন বিপদৰ পৰা ৰক্ষা কৰাৰ বাবে ভাৰতীয় সেনাৰ প্ৰচেষ্টাক ধন্যবাদ জনালে স্থানীয় অসামৰিক প্ৰশাসনে ৷

By

Published : Feb 14, 2021, 7:21 PM IST

ARMY HELPS IN DOUSING FOREST FIRE IN ANINI, ARUNACHAL PRADESH
ARMY HELPS IN DOUSING FOREST FIRE IN ANINI, ARUNACHAL PRADESH

নিউজ ডেস্ক, 14 ফেব্ৰুৱাৰী:অৰুণাচল প্ৰদেশৰ দিবাং ভেলি জিলাত সূত্ৰপাত হোৱা জুই নিৰ্বাপনত সহযোগ কৰিছে ভাৰতীয় সেনাৰ স্পিয়েৰ কৰ্পছ বাহিনীয়ে ৷ অৰুণাচলৰ দিবাং ভেলি জিলাৰ আনিনি অঞ্চলত সংঘটিত বনজুই নিয়ন্ত্ৰণ কৰাত সেনা বাহিনীয়ে অৰুণাচলৰ অসামৰিক প্ৰশাসনক সহযোগ কৰিছে বুলি জানিব পৰা গৈছে ৷

11 ফেব্ৰুৱাৰীৰ আবেলি কয়লাবস্তিত বনজুইৰ সূত্ৰপাত হৈছিল

প্ৰাপ্ত খবৰ অনুসৰি, 11 ফেব্ৰুৱাৰীৰ আবেলি দিবাং ভেলি জিলাৰ আনিনি অঞ্চলৰ কয়লাবস্তিত বনজুইৰ সূত্ৰপাত হয় আৰু নিমিষতে জুইয়ে পাহাৰৰ পাৰ্শ্বৱতী অঞ্চল সমূহ আগুৰি ধৰে ৷

সেনাৰ সু সংগঠিত আৰু সময়োপযোগী সঁহাৰিৰ ফলতে বহু জীৱন আৰু সম্পত্তি এক ভয়ংকৰ বিপদৰ পৰা ৰক্ষা

ঘটনা সংঘটিত হোৱাৰ পাছতে জুই নিৰ্বাপনৰ বাবে তাৎক্ষণিকভাৱে তিনিটাকৈ দল মোতায়ন কৰা হয় বুলি জানিব পৰা গৈছে ৷ প্ৰায় 11 ঘন্টাৰ নিৰৱছিন্ন প্ৰচেষ্টাৰ অন্তত সেনা আৰু স্থানীয় প্ৰশাসনে মিলি জুই নিয়ন্ত্ৰণ কৰাত সফলতা লাভ কৰে ৷

জুই নিৰ্বাপনৰ বাবে তাৎক্ষণিকভাৱে তিনিটাকৈ দল মোতায়েন

উল্লেখ্য যে, সেনাৰ সু সংগঠিত আৰু সময়োপযোগী সঁহাৰিৰ ফলতে বহু জীৱন আৰু সম্পত্তি এক ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰে ৷

সেনা আৰু স্থানীয় প্ৰশাসনৰ 11 ঘন্টীয়া প্ৰচেষ্টাৰ পাছত জুই নিৰ্বাপন

অঞ্চলটোক আসন্ন বিপদৰ পৰা ৰক্ষা কৰাত সহযোগ কৰাৰ বাবে স্থানীয় অসামৰিক প্ৰশাসনৰ বিষয়ববীয়া সকলে ভাৰতীয় সেনাৰ প্ৰচেষ্টাক ধন্যবাদ জনায় ৷

অঞ্চলটোক আসন্ন বিপদৰ পৰা ৰক্ষা কৰাৰ বাবে ভাৰতীয় সেনাৰ প্ৰচেষ্টাক ধন্যবাদ

লগতে পঢ়ক:সেনাৰ হাতত "অৰ্জুন" অৰ্পণ প্ৰধানমন্ত্ৰী মোডীৰ

ABOUT THE AUTHOR

...view details