অসম

assam

ETV Bharat / bharat

বেংগালুৰুত পুনৰ বিস্ফোৰণ : নিহত 3

কৰ্ণাটকৰ ৰাজধানী চহৰ বেংগালুৰুত সংঘটিত হৈছে এক ভয়ানক বিস্ফোৰণ ৷ য’ত বৰ্তমানলৈকে তিনিজন লোকে ইতিমধ্যে প্ৰাণ হেৰুৱাইছে ৷ দুজন লোক গুৰুতৰভাৱে আহত ৷

By

Published : Sep 23, 2021, 1:30 PM IST

Another blast took place in Bengaluru
পুনৰ বাংগালুৰুত বিস্ফোৰণ

নেশ্যনেল ডেস্ক, 23 ছেপ্তেম্বৰ : কৰ্ণাটকৰ ৰাজধানী চহৰ বেংগালুৰুত সংঘটিত হৈছে বোমা বিস্ফোৰণ ৷ বৃহস্পতিবাৰে বেংগালুৰুৰ চামাৰাজাপেটৰ ৰয়েল চাৰ্কলৰ কাষৰ এটা অট্টালিকাত সংঘটিত হৈছে এক বিস্ফোৰণ ৷

বেংগালুৰুত পুনৰ বিস্ফোৰণ

এই বিস্ফোৰণত তিনিজন লোকে ইতিমধ্যে প্ৰাণ হেৰুৱাইছে ৷ ইয়াৰ বিপৰীতে আহত হৈছে দুজন যুৱক ৷ ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে ভিভিপুৰম আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ লোক ৷ বৰ্তমানলৈকে এই বিস্ফোৰণৰ সঠিক কাৰণ জানিব পৰা হোৱা নাই ৷ ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোতে বিৰাজ কৰিছে চাঞ্চল্যই ৷

লগতে পঢ়ক:ৰাজনাথ সিঙক সাক্ষাৎ নৱনিযুক্তি এয়াৰ চীফ মাৰ্শ্বেল ভি আৰ চৌধাৰীৰ

ABOUT THE AUTHOR

...view details