অসম

assam

ৰঙাঘৰৰ আলহী ৩ আইএএছ বিষয়া

By

Published : May 7, 2022, 1:53 PM IST

আইন সকলোৰে বাবে সমান । সেই কথাই প্ৰমাণ হ'ল অন্ধ্ৰপ্ৰদেশত । কাৰাগাৰলৈ যাবলগীয়া হ'ল ৩ গৰাকী আইএএছ বিষয়া । অন্ধ্ৰপ্ৰদেশ উচ্চ ন্যায়ালয়ে এই শাস্তি প্ৰদান কৰে বিষয়াকেইগৰাকীক (Andhra Pradesh Court sentenced IAS officers to jail)। পিছে কি ভুল কৰিছিল আইএএছ বিষয়াকেইগৰাকীয়ে ?

IAS officers to jail
ৰঙাঘৰৰ আলহী ৩ আইএএছ বিষয়া

নেশ্যনেল ডেস্ক,৭ মে' :আদালতৰ আদেশ অমান্য কৰাৰ বাবেই জেল'লৈ যাবলগীয়া হ'ল তিনিগৰাকী আইএএছ বিষয়া (3 IAS officers jailed in Andhra Pradesh)। বিষয়া কেইগৰাকীক এমাহৰ কাৰাদণ্ডৰ লগতে ২,০০০ টকাৰ জৰিমণা বিহিলে আদালতে । আদালতৰ এই কঠোৰ পদক্ষেপক লৈ অন্ধ্ৰপ্ৰদেশত ব্যাপক চৰ্চা ।

উল্লেখ্য যে অন্ধ্ৰ প্ৰদেশ উচ্চ ন্যায়ালয়ে শুকুৰবাৰে আইএএছ বিষয়া কেইগৰাকীৰ বিৰুদ্ধে এই নিৰ্দেশনা জাৰি কৰে (Andhra Pradesh Court sentenced IAS officers to jail)। আদালৰত নিৰ্দেশনা অৱমাননা কৰাৰ অভিযোগ আছিল আইএএছ বিষয়া কেইগৰাকীৰ বিৰুদ্ধে । ন্যায়াধীশ বি.দেৱানন্দৰ আদালতে এই নিৰ্দেশ জাৰি কৰে ।

বিষয়াকেইগৰাকী হৈছে বিশেষ মুখ্য সচিব (কৃষি বিভাগ) পুনম মালাকোণ্ডায়া, প্ৰাক্তন কৃষি বিশেষ আয়ুক্ত এইচ.অৰুণ কুমাৰ আৰু কুৰ্ণুলৰ তদানীন্তন জিলা উপায়ুক্ত জি.বীৰাপাণ্ডিয়ান ।

জানিব পৰা মতে ২০১৯ চনৰ অক্টোবৰত চৰকাৰী কৰ্তৃপক্ষক ভিলেজ এগ্ৰিকালচাৰ এচিষ্টেণ্ট (গ্ৰেড-২) পদত এজন আবেদনকাৰীৰ প্ৰাৰ্থিত্ব বিবেচনা কৰিবলৈ আৰু দুসপ্তাহৰ ভিতৰত উপযুক্ত আদেশ প্ৰদান কৰিবলৈ আদালতে নিৰ্দেশ দিছিল । কিন্তু এই নিৰ্দেশ পালন কৰা নাছিল বিষয়া কেইগৰাকীয়ে । যাৰ বাবে আদালতৰ আদেশ অৱমাননা কৰাৰ এক গোচৰ দিছিল আবেদনকাৰীয়ে প্ৰাৰ্থীয়ে ।

গোচৰটো সম্পৰ্কে ন্যায়াধীশ গৰাকীয়ে কয় যে বিষয়া কেইগৰাকীয়ে ২০১৯ চনৰ ২২ অক্টোবৰত আদালতে প্ৰদান কৰা আদেশ অমান্য কৰিছে । উচ্চ ন্যায়ালয়ৰ আদেশ কাৰ্যকৰী কৰাত ব্যৰ্থ হোৱাৰ বাবে আবেদনকাৰীয়ে সংশ্লিষ্ট বিষয়াসকলৰ বিৰুদ্ধে অৱমাননাৰ গোচৰ ৰুজু কৰিছিল । যাৰ বাবে আদালতে বিষয়াকেইগৰাকীৰ বিৰুদ্ধে এই কঠোৰ নিৰ্দেশনা জাৰি কৰিছে ।

ন্যায়াধীশগৰাকীয়ে লগতে কয় যে তিনিওগৰাকী বিষয়াই সময়মতে আদালতৰ আদেশ কাৰ্যকৰী কৰাত অৱহেলা কৰিছিল । যদি আদালতৰ আদেশ বলবৎ কৰাত কোনো অসুবিধা হয় আৰু বৰ্তমানৰ গোচৰটোৰ আবেদনকাৰীৰ ক্ষেত্ৰত কোনো ব্যৱস্থা লোৱা হোৱা নহয় তেনেহ'লে কৰ্তৃপক্ষই সময় বৃদ্ধিৰ বাবেও আদালতত আপীল কৰিব পাৰিব বুলি উল্লেখ কৰে আদালতে ।

লগতে পঢ়ক :বিপাঙত পৰিল আৰক্ষী: আৰক্ষী চকীৰ পৰা পলায়ন কৰি বিলত জাঁপ দিলে ইকবাল চোৰে

ABOUT THE AUTHOR

...view details