নেশ্যনেল ডেস্ক, 27 ডিচেম্বৰ : ঝাৰখণ্ডৰ ঘন জংঘলত উদ্ধাৰ বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ (Ammunition recovered in Jharkhand) ৷ হাজাৰিবাগ অঞ্চলৰ ঘন বনাঞ্চলত উদ্ধাৰ হোৱা এই মাৰণাস্ত্ৰসমূহ এটা শিলৰ তলত লুকুৱাই থোৱা হৈছিল ৷ মাওবাদী অধ্যুষিত অঞ্চলটোত এই মাৰণাস্ত্ৰ উদ্ধাৰ হোৱাৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষীৰ সূত্ৰই এটা কথা স্পষ্ট কৰিছে যে, কোনো কূটনৈতিক কাৰ্যকলাপ সংঘটিত কৰাৰ উদ্দেশ্যে মাওবাদীসকলে এই মাৰণাস্ত্ৰসমূহ এনেদৰে লুকুৱাই ৰাখিছিল ৷
মাওবাদীসকলে হাজাৰিবাগৰ লগতে সমীপৰ চাত্ৰা জিলাত এই কূটনৈতিক কাৰ্যকলাপ সংঘটিত কৰাৰ পৰিকল্পনা কৰিছিল বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে ৷