নেশ্যনেল ডেস্ক,৪ অক্টোবৰ :কঠোৰ নিৰাপত্তা বেষ্টনীৰ মাজত সোমবাৰে জম্মু-কাশ্মীৰত উপস্থিত হয় দেশৰ গৃহ মন্ত্ৰী অমিত শ্বাহ (Amit Shah at Jammu and Kashmir)। এই তিনিদিনীয়া ভ্ৰমণসূচীত মন্ত্ৰীগৰাকীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব ।
জম্মুৰ কাৰিকৰী বিমানবন্দৰত লেফটেনেণ্ট জেনেৰেল মনোজ সিনহা, দলীয় নেতা আৰু শীৰ্ষ বিষয়াসকলে মন্ত্ৰীগৰাকীক আদৰণি জনায় । মঙলবাৰে পুৱাই অমিত শ্বাহে ৰিয়াচি জিলাৰ ত্ৰিকুটা পাহাৰৰ বৈষ্ণো দেৱী মন্দিৰলৈ ৰাওনা হয় (Amit Shah visits Vaishno Devi temple)। ৰাম নৱমী উপলক্ষে শ্বাহে মাতা বৈষ্ণো দেৱীৰ ওচৰত এক বিশেষ পূজা আগবঢ়ায় ।
সূত্ৰৰ মতে বৈষ্ণো দেৱী মন্দিৰত প্ৰাৰ্থনা কৰাৰ পাছত শ্বাহে ৰাজৌৰীৰ সীমান্ত জিলালৈ যাত্ৰা কৰিব । য'ত তেওঁ ৰাজৌৰী বাছ আস্থানত এক ৰেলী সম্বোধন কৰিব (Amit Shah rally at JK)। গৃহ মন্ত্ৰীয়ে ৰেলীৰ সময়ত ৰাজৌৰীৰ পাহাৰীয়া জনগোষ্ঠীক অনুসূচীত জনজাতিৰ মৰ্যাদা প্ৰদানৰ ঘোষণা কৰাৰ সম্ভাৱনা আছে । ৰাজৌৰীৰ পৰা তেওঁ জম্মুলৈ উভতি আহিব য'ত তেওঁ কনভেনশ্যন কেন্দ্ৰত বিজেপি নেতাসকলক সাক্ষাৎ কৰিব (Amit Shah to meet top leader of BJP)।