অসম

assam

By

Published : Feb 20, 2022, 6:04 AM IST

ETV Bharat / bharat

75 Years of Independence: বিনোবা ভাবে, ভূদান আন্দোলনৰ প্ৰতিষ্ঠাপক

দেশবাসীয়ে উদযাপন কৰিছে ভাৰতৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস । স্বাধীনতা আন্দোলনৰ শ্বহীদ লগতে আন্দোলনৰ নেতাসকলক আজি সকলোৱে স্মৰণ কৰিছে । আপুনি ভূদান আন্দোলনৰ (Bhudan movement of India) কথা শুনিছে নে ? এই আন্দোলন কোনে আৰম্ভ কৰিছিল ? জানো আহন সেই মহান গান্ধীবাদী নেতাগৰাকীৰ বিষয়ে ।

75 Years of Independence
ভূদান আন্দোলনৰ প্ৰতিষ্ঠাপক

নেশ্যনেল ডেস্ক,১৯ ফেব্ৰুৱাৰী :আচাৰ্য বিনোবা ভাবে । ভূদান আন্দোলনৰ (Bhudan movement of India) প্ৰতিষ্ঠাপক, যাক গান্ধীবাদী চিন্তাৰ গৱেষক হিচাপেও জনা যায় । মহাত্মা গান্ধীৰ ধাৰণাবোৰৰ দ্বাৰা অনুপ্ৰাণিত বিনোবাই সদায় সেইবোৰ কাৰ্যকৰী কৰাত জোৰ দিছিল । যাৰ বাবে প্ৰথম সত্যাগ্ৰহী হিচাপে তেওঁক চিনাকী দিছিল খোদ মহাত্না গান্ধীয়ে ।

১৮৯৫ চনৰ ১১ ছেপ্টেম্বৰত কোঙ্কনৰ ৰায়গড় জিলাৰ গাগোডে গাঁৱত জন্ম হৈছিল বিনোবাৰ । সৰুৰে পৰা আধ্যাত্মিকতাক বিশ্বাস কৰিছিল বিনোবাই । সেয়েহে হয়টো তেওঁ অধ্যয়নৰ বাবে মুম্বাইলৈ গৈ থকাৰ সময়তে বাৰাণসীলৈ যোৱাৰ সিদ্ধান্ত লয় আৰু ১৯১৬ চনৰ ১৫ মাৰ্চত বাৰাণসীত উপস্থিত হয় । ইয়াৰ মাজতে মহাত্মা গান্ধীৰ এটা ভাষণে তেওঁক আপ্লুত কৰিছিল আৰু গান্ধীৰ চিন্তা ধাৰাৰ প্ৰতি তেওঁ আকৰ্ষিত হৈছিল ।

তাৰ পিছত কেইটামান প্ৰশ্নৰ সৈতে মহাত্মা গান্ধীলৈ এখন চিঠিও লিখিছিল বিনোবাই । পিছত কোচাৰাবৰ সত্যাগ্ৰহী আশ্ৰমলৈ মহাত্মা গান্ধীয়ে আমন্ত্ৰণ জনাইছিল বিনোবাক । ১৯১৬ চনৰ ৭ জুনত প্ৰথমবাৰৰ বাবে বিনোবাই সাক্ষাৎ কৰে মহাত্মা গান্ধীক । তেতিয়াৰ পৰাই আৰম্ভ হয় বিনোবাৰ গান্ধীবাদী চিন্তাৰ যাত্ৰা ।

বিনোবা ভাবে, ভূদান আন্দোলনৰ প্ৰতিষ্ঠাপক

১৯২১ চনত বিনোবাক ৱাৰ্ধাৰ সত্যাগ্ৰহী আশ্ৰমৰ সঞ্চালক হিচাপে প্ৰেৰণ কৰে মহাত্মা গান্ধীয়ে । যদি গাওঁবোৰ আত্মনিৰ্ভৰশীল হয় তেনেহ'লে ব্ৰিটিছসকলক দেশৰ পৰা বিতাড়িত কৰাটো সহজ হ'ব । এই ধাৰণাৰ সৈতে কাম কৰিছিল বিনোবাই । আইন অমান্য আন্দোলনৰ সময়ত কাৰাবাসলৈও গৈছিল বিনোবা ।

কাৰাগাৰৰ পৰা মুকলি হোৱাৰ পাছতো, গান্ধীজীৰ নিৰ্দেশনাত স্বাধীনতা সংগ্ৰাম অব্যাহত ৰাখিছিল বিনোৱাই । প্ৰথম সত্যাগ্ৰহী হিচাপে ঘোষণা কৰাৰ পিছত, গাঁওবোৰলৈ গৈ ভাৰতীয়সকলক দ্বিতীয় বিশ্বযুদ্ধত অংশগ্ৰহণ নকৰিবলৈ আহ্বান জনাইছিল বিনোবাই । আনকি যুদ্ধ বিৰোধী ভাষণ দিয়াৰ বাবে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল ।

১৯৪২ চনত সেৱাগ্ৰামত সত্যাগ্ৰহ কৰাৰ বাবে পুনৰ গ্ৰেপ্তাৰ হয় বিনোবা । ১৯৪২ চনত চলে জাও আন্দোলনৰ সময়তো ব্ৰিটিছে গ্ৰেপ্তাৰ কৰে বিনোবাক । ১৯৪৫ চনত কাৰাগাৰৰ পৰা ওলাই, পুনৰ গান্ধীজীৰ নিৰ্দেশনাত গঠনমূলক কামৰ জৰিয়তে তেওঁ স্থাপন কৰে গ্ৰাম বিকাশ মণ্ডল ।

দেশৰ স্বাধীনতাৰ পাছতো, বিনোবাই অব্যাহত ৰাখিছিল আত্মনিৰ্ভৰশীলতা আৰু গঠনমূলক কাম । এক স্বাৱলম্বী আৰু অহিংস সামাজিক গাঁথনি গঢ়ি তোলাৰ উদ্দেশ্যে ১৯৫১ চনত বিনোৱাই দেশত আৰম্ভ কৰে ভূদান আন্দোলন (Vinoba launches Bhudan movement in the country)। জীৱন পৰিৱৰ্তন আৰু সমাজ সলনি আছিল বিনোবাৰ প্ৰধান লক্ষ্য । ১৯৫১ চনৰ ১৮ এপ্ৰিলত তেলেংগনা ৰাজ্যৰ পোচাম্পল্লী গাঁৱৰ পৰা আৰম্ভ হৈছিল এই আন্দোলনৰ ।

আন্দোলনৰ অংশস্বৰূপে গাঁওখনৰ কৃষক ৰামচৰণ ৰেড্ডীয়ে দান কৰিছিল ১০০ একৰ ভূমি । লাহে লাহে সমগ্ৰ দেশতে বিয়পি পৰে এই আন্দোলন । ১৩ বছৰ তিনি মাহ ধৰি চলিছিল এই আন্দোলন । বিনোৱাই দেশৰ প্ৰায় ৮০,০০০ কিলোমিটাৰ অঞ্চল ভ্ৰমণ কৰি দান কৰা ৪৫ লাখ একৰ ভূমি দৰিদ্ৰ ভূমিহীন লোকক বিতৰণ কৰে ।

স্বাধীনতাৰ পিছতো, সৰ্বোদয় প্ৰতিষ্ঠাৰ জৰিয়তে নিজৰ কাম অব্যাহত ৰাখে বিনোৱাই । বিনোবাৰ আদৰ্শৰে বৰ্তমানেও চলি আছে নাগপুৰৰ বিনোবা বিচাৰ কেন্দ্ৰ । দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ সময়ত বিনোবাৰ সেই কৰ্মৰ স্মৃতি দেশবাসীৰ বাবে অনুপ্ৰেৰণাদায়ক ।

লগতে পঢ়ক :75 Years of Independence: স্বাধীনতা সংগ্ৰামত দিল্লীৰ ঐতিহাসিক জামা মছজিদৰ অৰিহণা

ABOUT THE AUTHOR

...view details