অসম

assam

ETV Bharat / bharat

Delhi Liquor scam case: দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপিল আপ সাংসদ সঞ্জয় সিং

সুৰা নীতি কেলেংকাৰীৰ গোচৰত ED য়ে গ্ৰেপ্তাৰ কৰা আম আদমি পাৰ্টীৰ সাংসদ সঞ্জয় সিঙে এইবাৰ ন্যায় বিচাৰি কাষ চাপিল দিল্লী উচ্চ ন্যায়ালয়ৰ ৷ সিঙৰ অধিবক্তাই বিষয়টো জৰুৰী তালিকাভুক্ত কৰাৰ বাবে ন্যায়ালয়ত আবেদন জনায় ।

By ANI

Published : Oct 13, 2023, 1:51 PM IST

Delhi Liquor scam case
দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপিল আপ সাংসদ সঞ্জয় সিং

নেশ্যনেল ডেস্ক, 13 ডেস্ক: ন্যায় বিচাৰি দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপিল আম আদমি পাৰ্টীৰ সাংসদ সঞ্জয় সিং ৷ শুকুৰবাৰে আম আদমি পাৰ্টীৰ সাংসদ সঞ্জয় সিঙে সুৰা নীতি কেলেংকাৰীৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত প্ৰৱৰ্তনকাৰী সঞ্চালকালয়ে তেওঁক গ্ৰেপ্তাৰ কৰা সিদ্ধান্তৰ প্ৰত্যাহ্বান জনাই দিল্লী উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰে ।

সিঙৰ অধিবক্তাই মুখ্য ন্যায়াধীশ সতীশ চন্দ্ৰ শৰ্মা আৰু ন্যায়াধীশ সঞ্জীৱ নাৰুলাৰ বিভাগীয় বিচাৰপীঠৰ সন্মুখত বিষয়টো জৰুৰী তালিকাভুক্ত কৰাৰ বাবে আবেদন জনায় । তদন্তকাৰী সংস্থাটোৱে সিঙক গ্ৰেপ্তাৰৰ ভিত্তি নজনোৱাৰ বাবেই গ্ৰেপ্তাৰক প্ৰত্যাহ্বান জনায় দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চপা বুলি অধিবক্তাগৰাকীয়ে জনায় ।

বৰ্তমান প্ৰৱৰ্তনকাৰী সঞ্চালকালয়ৰ জিম্মাত থকা সিঙৰ জিম্মাৰ ম্যাদৰ দিন শুকুৰবাৰে উকলি গৈছে । আজি দুপৰীয়া 2 বজাত আম আদমি পাৰ্টীৰ সাংসদগৰাকীক ৰাউজ এভিনিউ আদালতৰ বিশেষ ন্যায়াধীশ এম কে নাগপালৰ আগত হাজিৰ কৰা হ’ব ।

যোৱা ৪ অক্টোবৰত বলবৎকাৰী সঞ্চালকালয়ে আপ নেতাজনক গ্ৰেপ্তাৰ কৰিছিল । ৰাজধানী দিল্লীত থকা তেওঁৰ বাসগৃহত তালাচী চলোৱাৰ পিছতে আম আদমি পাৰ্টীৰ সাংসদ সঞ্জয় সিঙক ED য়ে গ্ৰেপ্তাৰ কৰে । সুৰা নীতি কেলেংকাৰীৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা আপৰ তৃতীয়জন হ’ল সঞ্জয় সিং ।

প্ৰথমে সিঙক পাঁচ দিনৰ বাবে ইডিয়ে জিম্মাত লৈছিল যদিও পৰৱৰ্তী সময়ত তিনিদিন বৃদ্ধি কৰা হয় । গোচৰটোৰ অভিযুক্ত ব্যৱসায়ী দীনেশ আৰোৰাই সিঙৰ নাম উল্লেখ কৰাৰ পিছতে ইডিয়ে সিঙৰ বাসগৃহত অভিযান চলাইছিল ।

ED ৰ অভিযোগ যে দীনেশ অৰোৰাৰ এজন কৰ্মচাৰীয়ে 50 লাখ টকা ডেলিভাৰী কৰে । দুবাৰকৈ সঞ্জয় সিঙৰ ঘৰলৈ 2 কোটি টকা দিয়াৰ লগতে সংস্থাটোৱে ডিজিটেল প্ৰমাণ দাখিল কৰিছিল । ED য়ে অভিযোগ কৰিছে যে কিছুমান ব্যক্তিগত কোম্পানীক পাইকাৰী ব্যৱসায়ৰ 12% লাভ দিয়াৰ ষড়যন্ত্ৰৰ অংশ হিচাপে এই আবকাৰী নীতি কাৰ্যকৰী কৰা হৈছিল । ইয়াত কোৱা হৈছে যে মন্ত্ৰী গোটৰ বৈঠকৰ কাৰ্য বিৱৰণীত এনে নিয়মৰ কথা উল্লেখ কৰা হোৱা নাছিল।

সংস্থাটোৱে লগতে অভিযোগ কৰে যে পাইকাৰী বিক্ৰেতাক অসাধাৰণ লাভৰ হাৰ দিবলৈ চাউথ গ্ৰুপৰ সৈতে বিজয় নাইৰ আৰু অন্যান্য ব্যক্তিৰ সমন্বয়ত ষড়যন্ত্ৰ কৰা হৈছিল । ইয়াত কোৱা হৈছিল যে নাইৰে চিছ’ডিয়াৰ হৈ কাম কৰি আছে ।

লগতে পঢ়ক:

ABOUT THE AUTHOR

...view details