অসম

assam

By

Published : Oct 6, 2021, 4:42 PM IST

ETV Bharat / bharat

লখিমপুৰ খেৰীত নিহত কৃষকৰ পৰিয়ালৰ কাষত সুস্মিতা দেব

সাংসদ সুস্মিতা দেবৰ নেতৃত্বত লখিমপুৰৰ খেৰীত উপস্থিত হয় তৃণমূল কংগ্ৰেছৰ এটা সজাতি দল ৷ TMC ৰ দলটোৱে খেৰীৰ ঘটনাত নিহত কৃষকৰ পৰিয়ালৰ লোকসকলক প্ৰথমে সাক্ষাৎ কৰি সমবেদনা জ্ঞাপন কৰে ৷

a team of TMC lead by Sushmita Dev visited Kheri of Uttarpradesh
লখিমপুৰ খেৰীত নিহত কৃষকৰ পৰিয়ালৰ কাষত সুস্মিতা দেব

নিউজ ডেস্ক, 6 অক্টোবৰ : উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীত সংঘটিত হিংসাত্মক ঘটনাই দেশৰ ৰাজনীতি উত্তপ্ত কৰি তুলিছে ৷ এই ঘটনাৰ তীব্ৰ প্ৰতিবাদ জনাইছে বিৰোধীৰ পক্ষৰ ৰাজনৈতিক দল সমূহে ৷ ইয়াৰ মাজতে তৃণমূল সাংসদ সুস্মিতা দেবৰ নেতৃত্বত লখিমপুৰৰ খেৰীত উপস্থিত হয় তৃণমূল কংগ্ৰেছৰ এটা সজাতি দল ৷

লখিমপুৰ খেৰীত নিহত কৃষকৰ পৰিয়ালৰ কাষত সুস্মিতা দেব

TMC ৰ দলটোৱে খেৰীৰ ঘটনাত নিহত কৃষকৰ পৰিয়ালৰ লোকসকলক প্ৰথমে সাক্ষাৎ কৰি সমবেদনা জ্ঞাপন কৰে ৷ ইয়াৰ লগতে প্ৰতিটো পৰিয়ালৰ সদস্য সকলৰ সৈতে মত বিনিময় কৰি ঘটনাৰ বুজ লয় ৷ তদুপৰি লখিমপুৰ কেইবাগৰাকী কৃষক নেতাক লগ ধৰে সুস্মিতা দেবৰ নেতৃত্বত যোৱা TMC ৰ দলটোৱে ৷

লখিমপুৰ খেৰীত নিহত কৃষকৰ পৰিয়ালৰ কাষত সুস্মিতা দেব

নিহত কৃষকৰ পৰিয়ালক সাক্ষাৎ কৰাৰ পাচতে সুস্মিতা দেবে এক টুইটযোগে কয়, কৃষক বিৰোধী ক'লা আইন বাতিল আৰু খেৰীৰ দৰে নিৰ্মম অন্যায় বন্ধ কৰাৰ বাবে কৃষকৰ কাষত থিয় দিছে তৃণমূল কংগ্ৰেছ ৷ TMC ৰ নেত্ৰী মমতা বেনাৰ্জীয়ে সদায় কৃষকৰ স্বাৰ্থত যুঁজ দি আহিছে আৰু ভাৰতীয় কৃষকৰ স্বাৰ্থত যুঁজ অব্যাহত ৰাখিব বুলি কয় সুস্মিতা দেবে ৷

লখিমপুৰ খেৰীত নিহত কৃষকৰ পৰিয়ালৰ কাষত সুস্মিতা দেব

উল্লেখ্য যে, লখিমপুৰ খেৰীত কৃষক বিৰোধী কৃষি আইন বাতিলৰ দাবীত একত্ৰিত হোৱা একাংশ কৃষকক মহতিয়াই নিছিল এখন তীব্ৰ বেগী বাহনে ৷ উত্তৰ প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ যাদৱে খেৰী ভ্ৰমণৰ বাবে যোৱাৰ সময়তে সংঘটিত হৈছিল এই হিংসাত্মক ঘটনা ৷

উক্ত ঘটনাত 8 গৰাকীকৈ প্ৰতিবাদী কৃষকে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল ৷ ইয়াৰ পাচতে কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰ টেনীৰ পুত্ৰ আশিস মিশ্ৰৰ বিৰুদ্ধে এই ঘটনা সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰে কৃষক সংগঠনে ৷

লগতে পঢ়ক:উত্তৰ প্ৰদেশৰ হিংসাত্মক ঘটনাক লৈ দেশজুৰি প্ৰতিবাদ কংগ্ৰেছৰ

ABOUT THE AUTHOR

...view details