অসম

assam

ETV Bharat / bharat

Dog Reunited With Puppy : মাতৃ-সন্তানৰ পুনৰ মিলনত আৱেগিক দুটা পৰিয়াল

মাতৃৰ কাষৰ পৰা 70 কিঃমিঃ দূৰলৈ আঁতৰি গ’ল সন্তান ৷ তাৰ পাচতে লাগিল হুৱা-দুৱা ৷ সন্তানক বিচাৰি অনালৈকে এক শ্বাসৰুদ্ধকৰ অভিযান ৷ ঘটনাটোৱে চুই যাব আপোনাক (Touching story of Dog)৷

By

Published : Feb 7, 2023, 6:45 PM IST

Dog Reunited With Puppy
মাতৃ-সন্তানৰ পুনৰ মিলনত আৱেগিক দুটা পৰিয়াল

মাতৃ-সন্তানৰ পুনৰ মিলনত আৱেগিক দুটা পৰিয়াল

নিউজ ডেস্ক, 7 ফেব্ৰুৱাৰী : মাতৃৰ বুকুৰ উমৰ পৰা আঁতৰি 70 কিঃমিঃ দূৰলৈ গুচি গ’ল সন্তান ৷ সন্তানৰ অনুপস্থিতিত কান্দি উঠা মাতৃ চটফটাই উঠিল ৷ কাৰো লগতে যোগাযোগৰ উপায় নাই শুংসূত্ৰ হেৰুওৱা সন্তানৰ সন্ধানৰ বাবে ৷ এক শ্বাসৰূদ্ধকৰ অভিযানৰ অন্তত পুনৰ উভতি আহিল একমাত্ৰ সন্তানটি ৷ ঘটনাটোৱে চুই যাব আপোনাৰ অন্তৰাত্মা ৷ আহক ঘটনাটোৰ মাজলৈ যাও ৷

এজনী সাধাৰণ কুকুৰ ৷ সাধাৰণ মানে পদপথৰ কুকুৰ ৷ কুকুৰজনীৰ আছে এটি সন্তান ৷ কুকুৰৰ পোৱালীটোৰ বয়স আনুমানিক এবছৰ ৷ কুকুৰজনীৰ লগতে পোৱালীটোৱে অঞ্চলটোত ঘূৰি ফুৰাৰ সমান্তৰালকৈ ইঘৰ-সিঘৰত খাদ্যৰ সন্ধান কৰে ৷ তেনেতে এখন ঘৰৰ সদ্যসকলৰ বিশেষ আদৰ লাভ কৰিবলৈ সক্ষম হ’ল কুকুৰজনীৰ লগতে পোৱালীটোৱে (Touching story of Dog)৷ ঘৰখনৰ মালিক সন্তোষ ৰায় ৷ পেশাত তেওঁ বন বিষয়া ৷ বন বিষয়াগৰাকীৰ লগত থকা জীয়াৰীৰ নাম চানভি ৷ দুয়ো দুৰন্ত প্ৰকৃতিপ্ৰেমী ৷ সেয়ে বাটৰ কুকুৰজনীৰ পৰিয়ালটোক যথেষ্ট মৰম কৰে আৰু দৈনিক খাদ্যৰ যোগান ধৰাৰ লগতে যতন লয় ৷

এনেদৰেই দিনবোৰ পাৰ হৈ গৈ আছিল ৷ কিন্তু এদিন কুকুৰজনীৰ পৰিয়াললৈ হঠাৎ নামি আহিল বিপদ ৷ নোহোৱা হ’ল পোৱালীটো ৷ ইয়াৰ পাছতে যেন অমানিশা নামি আহিল কুকুৰজনীৰ জীৱনলৈ ৷ সন্তানক বিচাৰি চলাথ কৰিলে মাতৃয়ে ৷ একো খাবলৈও মন নকৰা হ’ল কুকুৰজনীয়ে ৷ বিষয়টো দৃষ্টিগোচৰ হ’ল বন-বিষয়াজনৰ কন্যা চানভিৰ (Dog Lovers story)৷

চানভিয়ে খাটনি ধৰিলে পিতৃক, যিকোনো প্ৰকাৰে কুকুৰজনীৰ পোৱালীটোক বিচাৰি আনিব লাগে ৷ সন্তানক হেৰুওৱাৰ দুখ অনুভৱ কৰে চানভিয়ে ৷

কুকুৰজনীৰ পোৱালীটোক বিচৰাৰ দীঘলীয়া কাহিনী কিছু পৰৰ বাবে স্থগিত ৰাখি এইবাৰ জানো আহক প্ৰকৃততে কি হ’ল পোৱালীটোৰ ? কুক্কে সুব্ৰহ্মণ্য নামৰ এজন লোকে পত্নীৰ সৈতে কোনো ঠাইৰ পৰা গাড়ীৰে উভতি অহাৰ সময়ত পথত এটা কুকুৰৰ পোৱালীক খুন্দা মাৰে দুৰ্ভাগ্যবশতঃ ৷ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত কুকুৰৰ পোৱালীটোৱে চিঞৰিবলৈ আৰম্ভ কৰে ৷ সেই পৰ্যন্ত গাড়ীখনৰ পৰা নামি যোৱা নাছিল দম্পতীটো ৷ কিছুপৰৰ পাছত পোৱালীটোৱে চিঞৰা বন্ধ কৰে যদিও দম্পতীটো নামি গৈ সন্ধান কৰে দুৰ্ঘটনাগ্ৰস্ত কুকুৰৰ পোৱালীটোৰ ৷ কিন্তু একো শুংসূত্ৰ নাপালে ৷ তেওঁলোকে ভাবিলে যে হয়তো কুকুৰৰ পোৱালীটো আঁতৰি গ’ল ৷

তাৰ পাচত পুণৰ আৰম্ভ হয় কুক্কে সুব্ৰহ্মণ্য আৰু তেওঁৰ পত্নীৰ যাত্ৰা ৷ ভালেমান সময় গাড়ী চলোৱাৰ অন্তত প্ৰায় 70 কিঃমিঃ দূৰত্বত অৱস্থিত বাসগৃহত উপস্থিত হয় দম্পতীটো ৷ যিহেতু সৰুকৈ হ’লেও বাটত এটা দুৰ্ঘটনা সংঘটিত কৰি আহিছে, সেয়ে গাড়ীখন তন্ন-তন্নকৈ পৰীক্ষা কৰিলে স্বামী-পত্নীয়ে ৷ গাড়ীখনৰ ভিতৰত চকু ফুৰোৱাৰ পাচতে আচৰিত হৈ পৰিল স্বামী-স্ত্ৰী ৷ কিয়নো দুৰ্ঘটনাগ্ৰস্ত কুকুৰৰ পোৱলীটো বাম্পাৰৰ ভিতৰত আৱদ্ধ হৈ আছিল ৷ কিন্তু পোৱালীটোক উলিওৱাৰ কোনো উপায় নাছিল ৷ সেয়ে তেওঁলোকে লগে লগে এটা গেৰেজলৈ গাড়ীখন লৈ গৈ বহু চেষ্টাৰ অন্তত পোৱালীটো বাম্পাৰৰ পৰা মুক্ত কৰে ৷ 70 কিঃমিঃ পথ এটা কুকুৰৰ পোৱালী বাম্পাৰত সোমাই যোৱা ঘটনা ইতিমধ্যে ইকাণে-সিকাণে বিয়পি পৰিছিল ৷

ইফালে সন্তানক হেৰুৱাই চটফটাই থকা মাতৃ ভাগৰি পৰিছে নিজ অঞ্চলত ৷ কুকুৰজনীক সন্তানৰ সৈতে লগ-লগাই দিয়াৰ বাবেও চেষ্টা অব্যাহত ৰাখিছে বন-বিষয়াগৰাকীৰ লগতে কন্যাই ৷ অৱশেষত তেওঁলোকে কুকুৰজনীক এডাল শিকলিৰে বান্ধি লৈ পথে-পথে ঘূৰিবলৈ আৰম্ভ কৰিলে পোৱালীটোৰ সন্ধানত ৷ তেনেতে এজন লোকে বন-বিষয়াগৰাকীক জানিবলৈ দিলে গাড়ীৰ বাম্পাৰত উঠি যোৱা কুকুৰ পোৱালীটোৰ বিষয়ে ৷ ক’লে যে প্ৰায় 70 কিঃমিঃ দুৰত্বৰ এখন ঘৰত পোৱালীটো এতিয়াও আছে ৷ তেতিয়াই যেন শ্বস্তিৰ নিশ্বাস পৰিল ৷ কুকুৰজনীক লগতে লৈ বন-বিষয়াগৰাকী উক্ত বাসগৃহটোত উপস্থিত হৈ সন্তানৰ সৈতে লগ-লগাই দিয়ে কুকুৰজনীক ৷ সন্তান ঘূৰাই পাই কুকুৰজনী সম্প্ৰতি সুখী, মাতৃৰ বুকুৰ উম পুনৰ লাভ কৰি কুকুৰ পোৱালীটোও সুখী ৷ বন-বিষয়াগৰাকীৰ লগতে কন্যা চানভিৰ এই ত্যাগক একেমুখে শলাগ লৈছে সকলোৱে ৷ ঘটনাটো কৰ্নাটকৰ ৷ কৰ্নাটকৰ পুত্তুৰৰ (Dog Reunited With Puppy)৷

লগতে পঢ়ক:Full Moon Rituals : মাঘী পূৰ্ণিমাত ঘৰত নাথাকে গাঁওবাসী, কিন্তু ক'ত কিয় ?

ABOUT THE AUTHOR

...view details