অসম

assam

ETV Bharat / bharat

No Christmas celebration: ভাৰতৰ এটা বিশেষ গীৰ্জা, য’ত পালন কৰা নহয় বৰদিন ৷ কিন্তু কিয় ?

বৰদিনক লৈ সমগ্ৰ বিশ্বজুৰি খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ মাজত বিৰাজ কৰিছে ব্যাপক উচাহ-উদ্দীপনাই ৷ কিন্তু আপুনি জানি আচৰিত হ’ব যে ভাৰতৰ এটা গীৰ্জাত পালন কৰা নহয় বৰদিন ৷ জানক বৰদিন পালন নকৰাৰ কাৰণ সম্পৰ্কে সবিশেষ ৷

By

Published : Dec 24, 2022, 8:52 PM IST

No Christmas celebration
ভাৰতৰ এটা বিশেষ গীৰ্জা, য’ত পালন কৰা নহয় বৰদিন

নেশ্যনেল ডেস্ক, 24 ডিচেম্বৰ: দেওবাৰে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকৰ পৱিত্ৰ উৎসৱ বৰদিন(Christmas) ৷ নানাৰঙী পোহৰ আৰু কেৰলৰ ধ্বনিৰে মুখৰিত হৈছে সকলো গীৰ্জা ৷ সমগ্ৰ বিশ্বজুৰি বৰদিনক লৈ খ্ৰীষ্টানধৰ্মী লোকসকলৰ মাজত ব্যাপক উচাহ ৷

বৰদিনৰ উচাহ-উদ্দীপনা সৰ্বত্ৰে চলি আছে যদিও আপুনি জানি আচৰিত হ’ব যে, ভাৰতৰে এটা অঞ্চলৰ খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকে পালন নকৰে বৰদিন(A Christian community that does not celebrate Christmas) ৷ এই কথা আচৰিত যেন লাগিলেও প্ৰকৃততে এয়াই সঁচা ৷ ঝাৰখণ্ডৰ ৰাঁচীৰ এটা গীৰ্জাত(Church in Ranchi) পালন কৰা নহয় বৰদিন ৷

Seventh Day Adventist গীৰ্জাল উদযাপন নহয় বৰদিন

এই বিশেষ গীৰ্জাটোৰ নাম ‘ছেভেন্থ ডে এডভেণ্টিষ্ট’(Seventh Day Adventist) ৷ এই গীৰ্জালৈ অহা লোকসকলে বিশ্বাস কৰে যে খ্ৰীষ্টানৰ পৱিত্ৰ ধৰ্ম গ্ৰন্থ বাইবেলত যীশু খ্ৰীষ্টৰ জন্ম সম্পৰ্কে কোনো কথা উল্লেখ কৰা নাই(Birth of Christ is not in the Bible) ৷ গতিকে বৰদিন উপলক্ষে গীৰ্জাত বিশেষ ভাৱে জাকজমকতাৰে প্ৰাৰ্থনা কৰাৰ কোনো যুক্তি-যুক্ততা নাই(no justification for special prayer) ৷

কিয় পালন নকৰে বৰদিন?

এই বিশেষ আৰু ব্যতিক্ৰমী গীৰ্জাটোত গৈ উপস্থিত হৈছিলগৈ ই টিভি ভাৰতৰ সাংবাদিক ৷ ই টিভি ভাৰতৰ সাংবাদিকৰ আগত বৰদিন পালন নকৰাৰ কাৰণ সম্পৰ্কে গীৰ্জাটোৰ যাজকে কয় যে বৰদিনৰ দিনটোত বিশেষ প্ৰাৰ্থনা কৰাটো খ্ৰীষ্টান ধৰ্মৰ আধ্যাত্মিক আদৰ্শৰ ওপৰত ইতিহাসৰ এটা ৰাজবংশৰ কাহিনী জাপি দিয়াৰ দৰে । সেয়েহে ‘ছেভেন্থ ডে এডভেণ্টিষ্ট’ গীৰ্জাই সমগ্ৰ বিশ্বতে বৰদিন উদযাপনৰ পৰা বিৰত থাকে(Reason for not celebrating Christmas) ৷

গীৰ্জাটোৰ যাজকগৰাকীয়ে লগতে কয় যে, ‘‘বহুতো গ্ৰন্থত ইতিমধ্যেই যীশুৰ জীৱনী সম্পৰ্কে উল্লেখ আছে ৷ কিন্তু আধুনিক কোনো এখন গ্ৰন্থতে যীশুৰ(Jesus Christ) জন্মৰ তাৰিখ উল্লেখ কৰা হোৱা নাই ৷ গ্ৰন্থসমূহত খ্ৰীষ্টান ধৰ্ম প্ৰচাৰৰ কথাহে উল্লেখ আছে, ইয়াত বৰদিন পালন কৰা সম্পৰ্কে কোনো কথা উল্লেখ কৰা নাই ৷’’ কেথলিকসকলৰ বহু বিশ্বাস ‘ছেভেন্থ ডে এডভেণ্টিষ্ট’ গীৰ্জাই বিবেচনা নকৰে বুলিও উল্লেখ কৰে যাজকগৰাকীয়ে ৷

কিদৰে আৰম্ভ হ’ল বৰদিন?

‘ছেভেন্থ ডে এডভেণ্টিষ্ট’ৰ যাজকগৰাকীৰ মতে, ‘‘ পৌৰাণিক কালত বেবিলনীয় ইতিহাসত ‘নিমৰোদ’(Nimrod in Babylonian history) নামৰ এগৰাকী ৰজা আছিল ৷ তেওঁৰ দেশৰ লোকসকলে ৰজা ‘নিমৰোদ’ৰ পুত্ৰ ‘মিত্ৰ’ক এগৰাকী অলৌকিক শক্তি থকা ব্যক্তি হিচাপে বিবেচনা কৰিছিল আৰু পুত্ৰ ‘মিত্ৰ’ৰ জন্ম হৈছিল 25 ডিচেম্বৰত ৷ যাৰ বাবে 25 ডিচেম্বৰ দিনটো দেশবাসীয়ে জন্মদিন হিচাপে পালন কৰি ‘মিত্ৰ’ক উপাসনা কৰিছিল আৰু তেতিয়াৰে পৰা লোকবিশ্বাস অনুসৰি 25 ডিচেম্বৰক বৰদিন হিচাপে পালন কৰি অহা হৈছে ৷’’ 25 ডিচেম্বৰত বৰদিন পালন কৰা-নকৰাক লৈ কোনো বাধ্য-বাধকতা নাই বুলিও উল্লেখ কৰে যাজকগৰাকীয়ে ৷

যাৰ বাবে সমগ্ৰ বিশ্বৰ ‘ছেভেন্থ ডে এডভেণ্টিষ্ট’ গীৰ্জাই পালন নকৰে বৰদিন ৷ লগতে 24 ডিচেম্বৰৰ নিশা বন্ধ ৰখা হয় গীৰ্জাৰ দুৱাৰ ৷ নাথাকে কোনো জাকজমকতা ৷ নৈত্তনৈমিত্তিক ভাৱেই অব্যাহত থাকে গীৰ্জাৰ কাম-কাজ ৷

লগতে পঢ়ক:Darjeeling Tourism : পৰ্যটকেৰে উপচি পৰিছে পাহাৰৰ ৰাণী, বুকিং বন্ধ দাৰ্জিলিঙত

ABOUT THE AUTHOR

...view details