অসম

assam

ETV Bharat / bharat

fight against colonial powers : কিদৰে চেন্নাম্মা আৰু আব্বাক্কাই ৰক্ষা কৰিছিল দেশ মাতৃক ?

দেশ মাতৃৰ বাবে নিজৰ সৰ্বোচ্চ উজাৰি দিয়া বহু যোদ্ধা ভাৰতীয় সকলে দেখিছে ৷ এনে দুগৰাকী অমৰ বীৰাংগনা আছিল কিত্তুৰ আৰু উল্লালৰ ৰাণী চেন্নাম্মা আৰু আব্বাক্কা ৷ জানো আহক ঔপনিৱেশিক শক্তিৰ বিৰুদ্ধে তেওঁলোকৰ অসাধৰণ যুদ্ধৰ কাহিনী ৷

75-years-of-independence-karnatakas-valiant-queens-who-terrorized-colonial-powers
fight against colonial powers : কিদৰে চেন্নাম্মা আৰু আব্বাক্কাই ৰক্ষা কৰিছিল দেশ মাতৃক ?

By

Published : Nov 13, 2021, 6:07 AM IST

নেশ্বনেল ডেস্ক, 12 নবেম্বৰ : কিত্তুৰৰ ৰাণী আৰু কৰ্ণাটকৰ উল্লালৰ ৰাণীয়ে একোখন সৰু প্ৰদেশ শাসন কৰিছিল। অৱশ্যে, ৰাণী চেন্নাম্মা আৰু আব্বাক্কাই ইউৰোপীয় শক্তিৰ বিৰুদ্ধে দিয়া যুঁজৰ ফলত সমগ্ৰ দেশ এই শক্তিৰ দাসত্বৰ পৰা আঁতৰি আহিবলৈ অনুপ্ৰাণিত হৈছিল । চেন্নাম্মা হৈছে দেশৰ প্ৰথম গাৰকী বীৰাংগনা মহিলা যিয়ে ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দিছিল । তেওঁ আছিল স্বাধীনতা আৰু আত্মসন্মানৰ প্ৰতীক স্বৰূপ ।

তেওঁ কাকতিয়া দেশাই দুলাপ্পা গৌড়া আৰু পদ্মাৱতীৰ একমাত্ৰ কন্যা আছিল । ১৭৮২ চনত ৰজা হৈয়েই কিত্তুৰৰ মাল্লাচাৰ্জাই চেন্নাম্মাক বিয়া কৰায় । ১৮১৬ চনত মাল্লাচাৰ্জাৰ মৃত্যুৰ পিছত, ডাঙৰ ৰাণী ৰুদ্ৰমদাৰ পুত্ৰ শিৱলিঙ্গসৰ্জনা ৰজা হয় ৷ অৱশ্যে, তেওঁ অকালতে মৃত্যুবৰণ কৰিছিল । তেতিয়া উত্তৰাধিকাৰী সূত্ৰে চেন্নাম্মা সিংহাসনত অধিস্থিত হৈছিল ৷ কিন্তু, এই সময়তে ব্ৰিটিছসকলে সুবিধা গ্ৰহণ কৰি কিত্তুৰক হস্তগত কৰিবলৈ চেষ্টা কৰিছিল ।

fight against colonial powers : কিদৰে চেন্নাম্মা আৰু আব্বাক্কাই ৰক্ষা কৰিছিল দেশ মাতৃক ?

এই কথা মানি নলৈ স্বাধীন মনা চেন্নাম্মাই ইয়াৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল । ১৮২৪ চনৰ ২৩ অক্টোবৰত ধাৰৱাদৰ ব্ৰিটিছ কালেক্টৰ জন ঠাকৰেয়ে কিত্তুৰলৈ যাত্ৰা কৰে আৰু বলপূৰ্বক ভাৱে কিত্তুৰ দুৰ্গৰ দুৱাৰ খুলিবলৈ চেষ্টা কৰে । ইয়াৰ প্ৰত্যুত্বৰত চেন্নাম্মা, তেওঁৰ সৈন্যবাহিনী , সেনাপতি চাংগোলি ৰায়ন্না আৰু অমাতুৰ বালাপ্পাই ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দিছিল ।

বিজয়দশমীৰ দিনাই, কোষাগাৰ জব্দ কৰিবলৈ চেষ্টা কৰাৰ সময়ত ঠাকৰেক নি:শেষ কৰি দিয়া হৈছিল । ইয়াৰ স্মৃতিতে আজিও প্ৰতি বছৰে ২৩ অক্টোবৰত কিট্টুৰ উৎসৱ অনুষ্ঠিত হয় । অৱশ্যে, দ্বিতীয় যুদ্ধত চেন্নাম্মাক ব্ৰিটিছে পৰাজিত কৰি গ্ৰেপ্তাৰ কৰে । ইয়াৰ পিছতো সাহসী ৰায়ন্নাই গেৰিলা কৌশলেৰে পুনৰ যুঁজিবলৈ চেষ্টা কৰিছিল যদিও বিফল হৈছিল । ৰায়ন্নাক ফাঁচী দিয়া হৈছিল আৰু চেন্নাম্মাই ১৮২৯ চনৰ ২ ফেব্ৰুৱাৰীত বাইলাহোঙ্গালাৰ কাৰাগাৰতে শেষ নিশ্বাস ত্যাগ কৰিছিল ।

ঔপনিৱেশিক শাসকসকলৰ বিৰুদ্ধে যুঁজ দিয়া দেশৰ প্ৰথম যোদ্ধাসকলৰ ভিতৰত অন্যতম আছিল টুলুনাডুৰ উল্লালৰ ৰাণী আব্বাক্কা দেৱী । তেওঁ মুদাবিদ্ৰীৰ চৌটা গোত্ৰৰ এগৰাকী নাৰী ৷ মাংগালোৰৰ ওচৰৰ উল্লাল আছিল তেওঁৰ ৰাজধানী । ১৫২৫ চনৰ পৰা ১৫৭০ চনলৈ আব্বাক্কা উল্লালৰ ৰাণী আছিল আৰু তেওঁ পৰ্তুগীজসকলক প্ৰতিহত কৰি ৰাখিছিল ।

মাংগালোৰৰ ৰজা লক্ষ্মণপ্পাৰ সৈতে আব্বাক্কাৰ বিবাহ সম্পন্ন হৈছিল যদিও সফল হোৱা নাছিল এই বিবাহ । তেওঁ উল্লাললৈ ঘূৰি আহিছিল। তেওঁৰ স্বামীয়ে আব্বাক্কাৰ বিৰুদ্ধে প্ৰতিশোধ ল'বলৈ পৰ্তুগীজ সকলৰ সৈতে হাত মিলাইছিল । শোচনীয়ভাৱে পৰাজিত হৈছিল আবাক্কা ৷ ইয়াৰ পিছত কাৰাগাৰত বন্দী কৰি ৰখা হৈছিল তেওঁক ৷ কিন্তু কাৰাগাৰতো যুঁজ দি মৃত্যুবৰণ কৰিছিল তেওঁ। উল্লালৰ ৰাণী আবাক্কা ঔপনিৱেশিক শাসকসকলৰ বিৰুদ্ধে প্ৰতিৰোধৰ প্ৰতীক হৈ পৰিছিল যিহেতু তেওঁ পৰ্তুগীজসকলৰ ৰাজনৈতিক আকাংক্ষাৰ বাবে আটাইতকৈ ডাঙৰ বাধা হৈ পৰিছিল ।

লগতে পঢ়ক :Financial scam: চিআইডিয়ে গ্ৰেপ্তাৰ কৰিলে এমট্ৰ’নৰ গাণনিক বিষয়া ৰাহুল হুজুৰীক

ABOUT THE AUTHOR

...view details