অসম

assam

By

Published : Dec 1, 2020, 12:51 PM IST

ETV Bharat / bharat

বিশ্বৰ কনিষ্ঠ কম্পিউটাৰ প্ৰ'গ্ৰামাৰৰ প্ৰমাণ প্ৰত্ৰ এটি শিশুলৈ

মধ্য প্ৰদেশৰ সাত বছৰীয়া এটি শিশুই বিশ্বৰ কনিষ্ঠ কম্পিউটাৰ প্ৰ'গ্ৰামাৰ হিচাপে গীনিজ বুকত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হয় । শিশুটিৰ নাম হৈছে কৌটিল্য কাতাৰিয়া ৷

7-year-old-kautilya-kataria-becomes-worlds-youngest-computer-programmer
বিশ্বৰ কনিষ্ঠ কম্পিউটাৰ প্ৰ'গ্ৰামাৰৰ প্ৰমাণ প্ৰত্ৰ এটি শিশুলৈ

নিউজ ডেস্ক,1 ডিচেম্বৰঃ মধ্য প্ৰদেশৰ শজাপুৰৰ এটি ৭ বছৰীয়া শিশুই গীনিজ বুকত খিতাপ দখল কৰিবলৈ সক্ষম হয় ৷ ইতিমধ্যে তেওঁক বিশ্বৰ আটাইতকৈ কনিষ্ঠ কম্পিউটাৰ প্ৰ'গ্ৰামাৰ হিচাপে গীনিজ বুক ৰেকৰ্ডছৰ তৰফৰ পৰা স্বীকৃতি প্ৰদান কৰিছে ।

উল্লেখ্য যে, ইংলেণ্ডৰ ২ শ্ৰেণীৰ শিক্ষাৰ্থী কৌতিল্য কাতাৰিয়াই পাইথন প্ৰগ্ৰামিং ভাষাৰ ওপৰত পৰীক্ষা সম্পূৰ্ণ কৰি গীনিজ বুক অফ ৰেকৰ্ডছত অৱতীৰ্ণ হৈছিল।

ইফালে শিশুটিৰ পিতৃ ইশ্বৰ্য প্ৰসাদ কাতাৰিয়াই ইংলেণ্ডৰ এটা ব্যক্তিগত বেংকৰ কৰ্মচাৰী ৷ পিতৃ ইশ্বৰ্য প্ৰসাদ কাতাৰিয়াই কয় যে যিহেতু তেওঁ অতি কম বয়সতে গেজেটৰ প্ৰতি অতি আগ্ৰহী আৰু তেওঁ টেবলেটত ডিভাইচত খেল খেলিছিল ৷

আনহাতে লক ডাউনৰ বাবে বিদ্যালয় বন্ধ থকাত অনলাইন শিক্ষা গ্ৰহণ কৰে কৌতিল্য কাতাৰিয়াই । তাৰ পিছৰে পৰা কৌটিল্যই লেপটপত পঢ়া-শুনা আৰম্ভ কৰে । তেওঁ খেল খেলাৰ পৰিৱৰ্তে কিতাপ পঢ়াতহে বেছি আগ্ৰহী বুলি মন্তব্য কৰে শিশুটিৰ পিতৃয়ে ৷

উল্লেখ যোগ্য যে, পূৰ্বে এই অভিলেখৰ গৰাকী আছিল আহমেদাবাদৰ আৰ্হম ওম তালচানিয়া ।

লগতে পঢ়ক-Free Fire খেলঃ মাতৃয়ে ম'বাইল কাঢ়ি নিয়াৰ বাবে আত্মহত্যা কিশোৰৰ

ABOUT THE AUTHOR

...view details