অসম

assam

By

Published : Dec 19, 2020, 4:56 PM IST

ETV Bharat / bharat

সন্ধিয়া 5 বজাৰ দহটা শীৰ্ষ বাতৰি

সন্ধিয়া 5 বজাৰ দহটা শীৰ্ষ বাতৰি...

5 pm top ten news
5 pm top ten news

দুখনকৈ ব্যক্তিগত বিদ্যালয়ত অগ্নিসংযোগ দুৰ্বৃত্তৰ

বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত কালপানীৰ শংকৰদেৱ শিশু নিকেতন আৰু বডোফা একাডেমীত দুৰ্বৃত্তই অগ্নিসংযোগ কৰাৰ সন্দেহ প্রকাশ কৰা হয় ।শুক্রবাৰে ৰাতি প্ৰায় ৮ মান আৰু ১০ মান বজাত শংকৰদেৱ শিশু নিকেতনখনত দুবাৰকৈ অগ্নি সংযোগ কৰাৰ পিছত পুনৰ দুই ঘণ্টাৰ পিছত বডোফা একাডেমীতো অগ্নি সংযোগ কৰে ।

এন চি চি ৰ দলে উদ্ধাৰ কৰিলে ৰাজধানী এক্সপ্ৰেছৰ কোচ B-7 ৰ যাত্ৰীসকলক

নামনিমুৱা ৰাজধানী এক্সপ্ৰেছত সংঘটিত হোৱা অগ্নিকাণ্ডৰ পৰা যাত্ৰীসকলক উদ্ধাৰ কৰে নতুন দিল্লীত গণতন্ত্ৰ দিৱসৰ পেৰেডত অংশগ্ৰহণ কৰিবলৈ যোৱা উত্তৰ-পূৰ্বাঞ্চলৰ এন চি চি ৰ দলে ৷ ঘটনা সংঘটিত হোৱাৰ পিচতে এন চি চি দলটোৱে কোচ B-7 ৰ পৰা সুকলমে উদ্ধাৰ কৰে যাত্ৰীসকলক ৷

বহৰিত মহিলাৰ অংশগ্ৰহণৰে অগপৰ বিশাল সমাৰোহ

বৰপেটাৰ বহৰিত অগপৰ শক্তি প্ৰদৰ্শন ৷ চেঙা সমষ্টি ভিত্তিক বিশাল মহিলা সমাৰোহত অংশ ল’লে ফনীভূষণ চৌধুৰী, কেশৱ মহন্তই ৷

তিৱা নিৰ্বাচনক লৈ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ বিস্ফোৰক মন্তব্য

নগাঁৱত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ বিস্ফোৰণ । তিৱা স্বায়ত্ত শাষিত পৰিষদৰ নিৰ্বাচনত বিজেপিয়ে ধন,জন,শক্তি প্ৰয়োগ কৰি আসন দখল কৰিছে । অগপৰ বৰ্তমানৰ নেতৃত্বই বিজেপিৰ ওচৰত প্ৰায় আত্মসমৰ্পণ কৰিছে ।

তিৱা স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনত কংগ্ৰেছ শূন্য নগাঁও

তিৱা স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনত কংগ্ৰেছ শূন্য হ'ল নগাঁও ৷ নগাঁৱৰ দহটা পৰিষদীয় সমষ্টিয়েই দখল কৰিলে বিজেপিৰ প্ৰাৰ্থীয়ে ৷

অজন্তা হাটাও, কংগ্ৰেছ বাচাও ধ্বনিৰে উত্তাল গোলাঘাটৰ কংগ্ৰেছ কাৰ্যালয়

অজন্তা হাটাও, কংগ্ৰেছ বাচাও ধ্বনিৰে উত্তাল গোলাঘাটৰ কংগ্ৰেছ কাৰ্যালয়। অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে গঠিত কৰি দিয়া দলৰ সন্মুখতে তৃণমূল কংগ্ৰেছ কৰ্মীয়ে দিলে অজন্তা হাটাও ধ্বনি। অজন্তা নেওগে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰ'ট'কল ভংগ কৰি লগ কৰাৰ অপৰাধত গোলাঘাট জিলা কংগ্ৰেছৰ সভাপতি পদৰ পৰা ইতিমধ্যে অপসাৰণ কৰিছে।

গুজৰাটত নিচাযুক্ত সামগ্ৰী সৰবৰাহকাৰীৰ বিৰুদ্ধে নিয়াৰ চাৰ্জশ্বীট দাখিল

৬ গৰাকী পাকিস্তানী নাগৰিকসহ ৭ গৰাকী নিচাযুক্ত দ্ৰব্য সৰবৰাহকাৰীৰ বিৰুদ্ধে নিয়াই এক চাৰ্জশ্বীট দাখিল কৰে ৷ নিয়াৰ এক অনুসন্ধানকাৰী দলে সৰবৰাহকাৰী কেইজনৰ পৰা গুজৰাটত ২৩৭ কেজি নিচাযুক্ত দ্ৰব্য জব্দ কৰিছিল ৷ এই সৰবৰাহকাৰীসকলৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইন, নীতি বহিৰ্ভূত কামৰ আইন আৰু নিচাযুক্ত সামগ্ৰী সৰবৰাহ বিৰোধী আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে ৷

হৃদয়বিদাৰক ! পথাৰত সন্তান প্ৰসৱ কুমাৰী মাতৃৰ

এইখন অসমতে সংঘটিত হৈছে এই হৃদয়বিদাৰক ঘটনা ৷ খেতিপথাৰত সন্তান জন্ম দিয়া কুমাৰী মাতৃক অকলশৰে এৰি গ'ল পৰিয়ালৰ লোকে ৷ পথাৰতে মৃত্য়ু হয় সদ্যোজাত শিশুটিৰ ৷

নলবাৰীৰ বৰক্ষেত্ৰীৰ ভাংনামাৰী চৰত মৃত বাঘ উদ্ধাৰ

উল্লেখযোগ্য যে,ভাংনামাৰী চিকিৎসালয়ৰ পিছফালে ব্ৰহ্মপুত্ৰ নৈৰ পাৰত উদ্ধাৰ মৃত হয় বাঘটো।মৃত বাঘটো ব্ৰহ্মপুত্ৰ নৈৰে ভাঁহি অহাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে ।

বন্দে ভাৰত আঁচনিৰ অধীনত ৩.৯ লক্ষাধিক লোকক সুুবিধা প্ৰদান

হৰদ্বীপ সিং পুৰীয়ে জনোৱা মতে,বন্দে ভাৰত আঁচনি আৰম্ভ হোৱাৰ পিছত প্ৰায় ৩.৯ লক্ষাধিক লোকে আন্তৰাষ্ট্ৰীয় যাত্ৰাৰ সুবিধা গ্ৰহণ কৰিছে ৷ এই আঁচনি বিগত মে’ মাহত আৰম্ভ কৰা হৈছিল ৷ কৰ’ণা সংক্ৰমণৰ বাবে বিদেশত আবদ্ধ হৈ থকা ভাৰতীয় লোকসকলক উদ্ধাৰৰ বাবে এই আঁচনি মুকলি কৰা হৈছিল ৷

ABOUT THE AUTHOR

...view details