নেশ্যনেল ডেস্ক, 17 আগষ্ট :সাতনাত এটা ডাঙৰ ঘটনা পোহৰলৈ আহিছে, য’ত এগৰাকী ৫ বছৰীয়া নিৰীহ শিশু এটা দুষ্কৃতিকাৰীৰ কু-কৰ্মৰ বলি হয় । ধৰ্ষণৰ পিচত শিশুটিৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ৷ ছোৱালীজনীৰ পৰিয়ালৰ লোকে খুজি মাগি জীৱন নিৰ্বাহ কৰে ৷ বৰ্তমানে ছোৱালীজনীৰ অৱস্থা সংকটজনক । অভিযুক্তই নানা প্ৰলোভনেৰে ফুচুলাই আনি এই কু-কৰ্ম কৰিছিল ৷ শিশুগৰাকীক সংকটজনক অৱস্থাত ৰেৱাৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে ৷ আৰক্ষীয়ে ইতিমধ্যে অভিযুক্তক জিম্মাত লৈছে আৰু তদন্ত চলি আছে ।
মধ্যপ্ৰদেশৰ সাতনা জিলাৰ চিটি কোতৱালি থানা এলেকাৰ জগতদেৱ তালাবৰ সমীপত পোহৰলৈ আহিছে ধৰ্ষণৰ এক বৃহৎ ঘটনা, য'ত এজন ৩০ বছৰীয়া যুৱকে এগৰাকী ৫ বছৰীয়া নিৰীহক ধৰ্ষণ কৰে ৷ তথ্য অনুসৰি জগতদেৱ পুখুৰীৰ আশে-পাশে নিৰীহ ছোৱালীজনী আৰু তেওঁৰ পৰিয়ালটোৱে ভিক্ষা মাগি জীৱন নিৰ্বাহ কৰে । আনহাতে জীৱন জ্যোতি কলনীৰ নিবাসী ৩০ বছৰীয়া অভিযুক্ত ৰাকেশ ভাৰ্মাই নিৰীহ ছোৱালীজনীক মানুহৰ সন্মুখত দান-বৰঙণিৰ বাবে ভিক্ষা কৰি থকা দেখি ফুচুলাই নিজৰ লগত লৈ যায় । চহৰৰ প্ৰতিষ্ঠিত শিৱ মন্দিৰ জগতৰ পিছফালৰ বাটলৈ লৈ গৈ তাইক ধৰ্ষণ কৰে বুলি সূত্ৰত প্ৰকাশ ৷ অসৎ অভিপ্ৰায় পূৰণ কৰি ৰাকেশ ভাৰ্মাই নিৰীহ ছোৱালীজনীক সেই ঠাইতে এৰি পলায়ন কৰে । আজি সন্ধিয়া এই ঘটনাৰ খবৰ পাই নিৰীহ ছোৱালীজনীক চিকিৎসাৰ বাবে সাতনা জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । পিছে অৱস্থা সংকটজনক হৈ পৰাত জিলা চিকিৎসালয়ৰ পৰা ৰেৱাৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয় ৷ আনহাতে আৰক্ষীয়ে অভিযুক্তক জিম্মাত লৈছে বুলি জানিব পৰা গৈছে ।