অসম

assam

ETV Bharat / bharat

মোডী মন্ত্ৰী সভাত উত্তৰ পূৰ্বাঞ্চলৰ তিনি মন্ত্ৰী

সদ্য সম্প্ৰসাৰিত মোদী মন্ত্ৰী সভাত সৰ্বানন্দ সোণোৱালৰ লগতে উত্তৰ পূৰ্বৰ তিনি গৰাকীয়ে মন্ত্ৰীয়ে স্থান পাইছে ৷ বুধবাৰে সন্ধিয়া 6 বজাত শপত ল'ব নতুন মন্ত্ৰী সকলে ৷

3 from northeast makes it to modi cabinet
মোদী মন্ত্ৰী সভাত উত্তৰ পূৰ্বাঞ্চলৰ তিনি মন্ত্ৰী

By

Published : Jul 7, 2021, 5:54 PM IST

Updated : Jul 7, 2021, 6:45 PM IST

নিউড ডেস্ক, 7 জুলাই : প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ পৰা তিনিজনে স্থান পাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সদ্য সম্প্ৰসাৰিত নতুন মন্ত্ৰীসভাত ৷ সৰ্বানন্দ সোণোৱালে যোৱা মে' মাহত মুখ্যমন্ত্ৰী দায়িত্ব ভাৰ এৰিছিল ৷ ইয়াৰ পাচতে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল কেন্দ্ৰীয় মন্ত্ৰী সভাত স্থান পাব বুলি এক চৰ্চা লাভ কৰিছিল ৷

ইতিমধ্যে প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা সম্প্ৰসাৰিত 43 জনীয়া নতুন মন্ত্ৰীৰ এখন তালিকা প্ৰকাশ কৰিছে ৷ বুধবাৰে সন্ধিয়া 6 বজাৰ শপত ল'ব নতুন মন্ত্ৰী সকলে ৷ এই সদ্য সম্প্ৰসাৰিত নতুন মন্ত্ৰী সভাত সৰ্বানন্দ সোণোৱালৰ উপৰিও উত্তৰ-পূৰ্বাঞ্চলৰ আন দুজনে স্থান পাইছে ৷

অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাৰ উপৰিও নতুনকৈ মোদী মন্ত্ৰীসভাত স্থান পাইছে পশ্চিম ত্ৰিপুৰাৰ সাংসদ প্ৰতিমা ভৌমিকে ৷ প্ৰথম বাৰৰ বাবে লোক সভাত পশ্চিম ত্ৰিপুৰাক প্ৰতিনিধিত্ব কৰা ভৌমিক একেবাৰে সাধাৰণ পৰিয়ালৰ আৰু এগৰাকী খেতিয়ক ৷ তেওঁ ত্ৰিপুৰা মহিলা মহাবিদ্যালয়ৰ এগৰাকী জৈৱ বিজ্ঞানৰ স্নাতক ডিগ্ৰীধাৰী ৷

উত্তৰ পূৰ্বৰ পৰা মোদী মন্ত্ৰীৰ সভাত স্থান পোৱা আন এগৰাকী সাংসদ হ'ল মণিপুৰৰ ৰাজকুমাৰ ৰঞ্জন সিং ৷ 68 বছৰীয় সিং ইনাৰ-মণিপুৰ লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰিছে আৰু তেওঁ প্ৰায় চাৰিটা দশক ধৰি সক্ৰিয় ৰাজনীতি সৈতে জড়িত ৷ গুৱাহাটী বিশ্ব বিদ্যালয়ৰ পৰা ভূগোলৰ স্নাতকোত্তৰ আৰু পি এইচ ডি ডিগ্ৰী লাভ কৰাৰ লগতে মণিপুৰৰ বিশ্ববিদ্যালয়ৰ মহাবিদ্যালয় উন্নয়ন বিভাগৰ সঞ্চালক হিচাপেও কাম কৰিছিল ৷

উল্লখ্য যে, কেন্দ্ৰীয় মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হোৱাৰ পিছতে সোণোৱালে এৰিব লাগিব মাজুলীৰ বিধায়কৰ পদ । আনহাতে বিশ্বজিৎ দৈমাৰীৰ পদত্যাগৰ পিছত খালি হোৱা ৰাজ্যসভাৰ আসনখনত বিজেপিয়ে ছমাহৰ ভিতৰত জয়ী কৰোৱাই নিব লাগিব প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ৷

লগতে পঢ়ক: শপত গ্ৰহণত সৰ্বানন্দ সোণোৱালক সংগ দিব কামাখ্যা প্ৰসাদ তাছাই

Last Updated : Jul 7, 2021, 6:45 PM IST

ABOUT THE AUTHOR

...view details