অসম

assam

By

Published : Feb 28, 2022, 6:46 PM IST

ETV Bharat / bharat

ৰুৰকীৰ গংগানগৰত ডুবিল নাগালেণ্ডৰ একাদশ শ্ৰেণীৰ ছাত্ৰ: উদ্ধাৰ অভিযান অব্যাহত

ৰুৰকীৰ গংগা নগৰত এজন ছাত্ৰ ৰহস্যজনকভাৱে ডুব যোৱাক লৈ তীব্ৰ চাঞ্চল্য (student drowned in Gangnahar) । দেওবাৰৰ পৰা উদ্ধাৰ অভিযান চলাইও সন্ধান নাপালে নাগলেণ্ডৰ ছাত্ৰজনৰ । সোমবাৰেও অব্যাহত উদ্ধাৰ অভিযান।

11th class student of nagaland drowned in roorkees gangnagar
ৰুৰকীৰ গংগানগৰত ডুবিল নাগালেণ্ডৰ একাদশ শ্ৰেণীৰ ছাত্ৰ

নেশ্যনেল ডেস্ক, ২৮ ফ্ৰেব্ৰুৱাৰী : ৰুৰকীৰ গংগা নগৰত এজন ছাত্ৰ ৰহস্যজনকভাৱে গংগাত ডুব যোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। একাদশ শ্ৰেণীত অধ্যৰণৰত ডুব যোৱা ছাত্ৰজনৰ সন্ধানত বৰ্তমানো উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে । দেওবাৰে সন্ধিয়াৰ ভাগত সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনাতো । চিভিল লাইনচ কোতৱলী অঞ্চলত একাদশ শ্ৰেণীত অধ্যৰত ছাত্ৰজন সন্দেহজনক ভাৱে গংগা নদীত পৰি গৈছিল (student drowned in Gangnahar ) । ডুব যোৱা ছাত্ৰজন নাগালেণ্ডৰ অনুখা বুলি এক তথ্য প্ৰকাশ পাইছে। ৰুৰকীৰ চেভেন্ঠ ডে' বিদ্যালয়ৰ ছাত্ৰ আছিল অনুখা ।

দেওবাৰে দুপৰীয়া অনুখা আন এজন বন্ধুৰ সৈতে কিছু কামৰ বাবে বিদ্যালয়ৰ পৰা বাহিৰলৈ গৈছিল । আৰু আবেলি বাদশ্বাহ হোটেলত আহাৰ গ্ৰহণ কৰিছিল। আৰু এই সময়চোৱাতে অনুখাৰ ভৰি পিছলি গংগাত পৰি গৈছিল। সেই স্থানত উপস্থিত থকা লোকসকলে অনুখাক বচাবলৈ কিবা কৰাৰ আগতেই মূহুৰ্ত্বতে পানীত বিলিন হৈ গৈছিল অনুখা । লগে লগে সেই স্থানত উপস্থিত লোকসকলে আৰক্ষীক এই বিষয়ে অৱগত কৰিছিল আৰু আৰক্ষী উপস্থিত হৈ অনুখাক উদ্ধাৰৰ বাবে অভিযান চলাই।

কিন্তু, অনুখাক দেওবাৰে উদ্ধাৰ কৰিবলৈ সক্ষম নোহোৱাত তেওঁৰ পৰিয়ালৰ লোকক এই বিষয়ে অৱগত কৰে । সোমবাৰে, পুৱাৰ ভাগত অনুখাৰ পৰিয়ালৰ লোক উপস্থিত হয় ৰুৰকীত। অনুকাক উদ্ধাৰ কৰিবলৈ আৰক্ষী এখন লিখিত প্ৰদান কৰে ছাত্ৰজনৰ পৰিয়ালে। সেই সন্দৰ্ভতে অনুখাক বিচাৰি পুৱাৰে পৰা পুনৰ অভিযান চলাই যদিও বৰ্তমানলৈ অনুখাৰ কোনো শুংসুত্ৰ ওলোৱা নাই।

লগতে পঢ়ক:পৰৱৰ্তী নিৰ্দেশনা নোপোৱা পৰ্যন্ত বাতিল আন্তঃৰাষ্ট্ৰীয় বিমান পৰিবহণ সেৱা

ABOUT THE AUTHOR

...view details