অসম

assam

By

Published : Nov 12, 2020, 12:54 PM IST

ETV Bharat / bharat

দিনৰ এক বজাৰ শীৰ্ষ দহ বাতৰি

দিনৰ এক বজাৰ শীৰ্ষ দহ বাতৰি

দিনৰ এক বজাৰ শীৰ্ষ দহ বাতৰি
দিনৰ এক বজাৰ শীৰ্ষ দহ বাতৰি

বিজেপিত যোগদান সহস্ৰাধিক প্ৰাক্তন আছু সদস্যৰ

প্রধানমন্ত্রী নৰেন্দ্র মােদীৰ নেতৃত্বত "সবকা কা সাথ সবকা বিকাশ" উদ্দেশ্যৰে কাম কৰি অহা ভাৰতীয় জনতা পার্টিৰ নীতি আদর্শ প্রতি আকৃষ্ট হৈ সহস্ৰাধিক আছু সদস্যৰ বিজেপিত যোগদান ৷ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত সদৌ অসম ছাত্র সংস্থাৰ সহস্রাধিক প্রাক্তন সদস্যই বুধবাৰে ভাৰতীয় জনতা পাটিত যােগদান কৰে ।

আলফা(স্বা)ৰ উপমুখ্য সেনাধ্যক্ষ দৃষ্টি ৰাজখোৱাৰ আত্মসমৰ্পণ

দুৰ্ধৰ্ষ আলফা নেতা দৃষ্টি ৰাজখোৱাৰ আত্মসমৰ্পণ ৷ মেঘালয়ত আত্মসমৰ্পণ কৰিছে পৰেশ বৰুৱাৰ অতি ঘনিষ্ঠ শীৰ্ষ আলফা নেতা গৰাকী ৷ আলফা স্বাধীনৰ উপমুখ্য সেনাধ্যক্ষৰ দায়িত্বত আছিল দৃষ্টি ৰাজখোৱা ওৰফে মনোজ ৰাভা ৷

কাৰাগাৰৰ পৰা মুকলি হৈয়ে উদ্ধৱ থাকৰেক প্ৰত্যাহ্বান অৰ্ণৱ গোস্বামীৰ

এসপ্তাহৰ বাবে ন্যায়িক জিম্মাত থকাৰ পাছত টেলিভিছন নিউজৰুমৰ চিনাকী পৰিৱেশলৈ উভতি আহি সাংবাদিক অৰ্ণৱ গোস্বামীয়ে মহাৰাষ্ট্ৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেক কঠোৰ ভাষাৰে সমালোচনা কৰে ৷

মিজোৰামৰ পাচত অসম ভূমিত আগ্ৰাসন মেঘালয়ৰ

চুবুৰীয়া ৰাজ্যৰ সৈতে সীমা বিবাদত জৰ্জৰিত হৈছে অসমৰ সীমান্ত অঞ্চল ৷ মিজোৰামৰ পাচত এইবাৰ লাম্পীত মেঘালয়ৰ অগ্ৰাসন ৷ সীমান্তত বাস কৰা অসমৰ লোকক বিনামূলীয়া বিদ্যুৎ সংযোগ দি সেই অঞ্চলসমূহ মেঘালয়ৰ অন্তৰ্ভুক্ত কৰাৰ চেষ্টা ৰাজ্যখনৰ এটা চৰকাৰী বিভাগৰ ৷

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আশু আৰোগ্য কামনাৰে বন্তি প্ৰজ্বলন

অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আশু আৰোগ্য কামনাৰে বন্তি প্ৰজ্বলন কৰে আমগুৰি সমষ্টিৰ কংগ্ৰেছ কৰ্মীসকলে ৷ শেহতীয়া ভাৱে 86 বছৰীয়া প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকী COVID-19ত আক্ৰন্ত হৈ চিকিৎসাধীন হৈ আছিল ৷ বুধবাৰে মাংগলিক প্ৰাৰ্থনা সভা অনুষ্ঠিত কৰি ভগৱানৰ শ্ৰীচৰণত সেৱা জনায় কংগ্ৰেছ কৰ্মী তথা বিভিন্ন দল সংগঠনে ৷

বড়ো গীতৰ লহৰত হালিছে জালিছে ধিঙৰ পথাৰৰ সোণগুটি

আঘোণৰ পথাৰ মানে কষ্টৰ মাজত জিলিকি থাকে এক আশা ৷ আন ঠাইৰ লগতে সোণোৱালী পথাৰত সোণগুটি চপোৱাত ব্যস্ত এতিয়া ধিঙৰ কৃষকসকল ৷ ধিঙৰ বটাবাৰী চহৰীয়াত অতীতৰ হেন্দাৰী পাল নিয়মেৰে গাঁওখনৰ লোকসকলে সোণগুটি চপোৱাত সহায় কৰিছে ইজনে সিজনক ৷

2021ত অসমত কংগ্ৰেছৰে চৰকাৰ হ'ব : অনুশেষ শৰ্মা

"বিজেপি চৰকাৰে ছাত্ৰ ছাত্ৰীৰ সমস্যাক লৈ চিন্তিত নহয় ৷ কিন্ত কংগ্ৰেছৰ ৰাহুল গান্ধীয়ে ছাত্ৰ ছাত্ৰীৰ সমস্যা কথা বুজি পায় ৷ যাৰ বাবে এইদৰে ধেমাজিলৈ পঠাইছে তেওঁক ৷ ধেমাজিৰ ছাত্ৰ ছাত্ৰছাত্ৰী সকলৰ বহু সমস্যা আছে ৷ বিভিন্ন শিক্ষানুষ্ঠানৰ ইয়াত অভাৱ আছে ৷ ধেমাজিলৈ আহি এই অভাৱ অনুভৱ কৰিছে ৷" এই মন্তব্য এনএচইউআইৰ ৰাষ্ট্ৰীয় সম্পাদক অনুশেষ শৰ্মাৰ ৷

পাকিস্তানৰ শীৰ্ষ সন্ত্ৰাসবাদী হাফিজ চৈয়দৰ মুখপাত্ৰক 32 বৰ্ষৰ বাবে জেললৈ প্ৰেৰণ

মুম্বাই আক্ৰমণৰ মাষ্টাৰমাইণ্ড হাফিজ চৈয়দৰ মুখপাত্ৰ য়াহা মুজাহিদক পাকিস্তানৰ সন্ত্ৰাসবাদবিৰোধী আদালতে 32 বছৰৰ বাবে জেললৈ প্ৰেৰণ কৰিছে ৷ আদালতে আন দুগৰাকী জেইউডি সন্ত্ৰাসবাদীকো সন্ত্ৰাসবাদক পূঁজি যোগান ধৰাৰ অপৰাধত জেললৈ প্ৰেৰণ কৰে ৷

নৌ-সেনাত সংযোজন স্কৰপিয়ন ক্লাছৰ পঞ্চমখন ছাবমেৰিন "ভাগিৰ"

ভাৰতীয় নৌ-সেনাত সংযোজন অত্যাধুনিক ছাবমেৰিণ "ভাগিৰ" ৷ নৌ-সেনাৰ অধীনস্থ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ প্ৰজেক্ট 75ৰ অধীনত আৰৱ সাগৰস্থিত মাজগাঁও ডকত প্ৰস্তুক কৰি তুলা ভাৰতীয় নৌ-সেনাৰ স্কৰপিয়ন ক্লাছৰ পঞ্চমখন ছাবমেৰিণ হৈছে "ভাগিৰ" ৷ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰীপদ নাইকে নতুন দিল্লীৰ পৰা ভিডিঅ' কনফাৰেন্সযোগে ছাবমেৰিণখন নৌ-সেনাত আনুষ্ঠানিকভাৱে সংযোজন কৰে ৷

দালাই লামাক ভাৰতৰত্ন প্ৰদান কৰিবলৈ প্ৰধানমন্ত্ৰীলৈ পত্ৰ বিজেপি নেতাৰ

হিমাচল প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শান্তা কুমাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ এক পত্ৰ প্ৰেৰণ কৰি ৰাষ্ট্ৰসংঘত তিব্বত প্ৰসংগ উত্থাপন কৰাৰ উপৰি তিব্বতৰ ধৰ্মগুৰু দালাই লামাক ভাৰতৰত্ন প্ৰদান কৰিবলৈ আহ্বান জনাই এক পত্ৰ প্ৰেৰণ কৰিছে ৷

লগতে পঢ়ক :দিনটোৰ শীৰ্ষ দহটা বাতৰি

ABOUT THE AUTHOR

...view details