অসম

assam

ETV Bharat / videos

বাল্য বিবাহ কৰা দৰাক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড

By ETV Bharat Assamese Team

Published : Feb 2, 2024, 10:55 PM IST

চিৰাং, 2 ফেব্ৰুৱাৰী : চিৰাঙত বাল্য বিবাহ সন্দৰ্ভত কাজলগাঁও সত্ৰ ন্যায়াধীশৰ বিশেষ আদালতৰ গুৰুত্বপূৰ্ণ ৰায়দান । চিৰাঙৰ বিশেষ আদালতে বাল্য বিবাহ কৰা এজন যুৱকক পকছো আইনৰ অধীনত 20 বছৰৰ সশ্ৰম কাৰাদণ্ডৰ ৰায়দান দিয়ে । গৰুভাষা আৰক্ষী চকীৰ অন্তৰ্গত জুইলগা গাঁৱৰ বাসিন্দা প্ৰবীছন হাছদাক বাল্য বিবাহ কৰাৰ অপৰাধত কাজলগাঁও সত্ৰ ন্যায়াধীশৰ বিশেষ আদালতে এই ঐতিহাসিক ৰায়দান কৰে। 

প্ৰবীছন হাছদাক POCSO আইনৰ অধীনত 20 বছৰৰ কাৰাদণ্ড আৰু 10 হেজাৰ টকা জৰিমনা । জৰিমনা অনাদায়ে অতিৰিক্ত এবছৰৰ সশ্ৰম কাৰাদণ্ডৰ নিৰ্দেশ আদালতৰ। 
বাল্য বিবাহক লৈ চৰকাৰে কঠোৰ স্থিতি লোৱাৰ সময়তে আদালতৰ এই ৰায়দানে বিশেষ তাৎপৰ্য্য বহন কৰিছে । বাল্য বিবাহ কৰা লোকৰ বিৰুদ্ধে চৰকাৰে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ মাজতো বাল্য বিবাহ অব্যাহত আছে ৰাজ্যত ।

লগতে পঢ়ক:বইটামাৰীত সামান্য় শিল পেলায়েই ধন লুটিলে পঞ্চায়ত প্ৰতিনিধিয়ে

ABOUT THE AUTHOR

...view details