জনপ্ৰিয় মেছেজিং এপ হোৱাটছএপ বিশ্বজুৰি ব্যাপকৰূপে ব্যৱহাৰ হয় ৷ ইয়াৰ সমান্তৰালকে ব্যৱহাকাৰীৰ সুবিধা হোৱাকৈ হোৱাটছ এপত সকলো সা-সুবিধা উপলব্ধ কৰা হৈছে ৷ এইবাৰ হোৱাটছ এপে এটা নৱ সংযোজনৰ প্ৰস্তুতি চলাই আছে ৷ যদিও এই নতুন সুবিধাটোৰ ওপৰত হোৱাটছএপে পৰীক্ষা কৰি আছে ৷
এই ফিচাৰটো মুকলি কৰাৰ পিচত, ব্যৱহাৰকাৰীসকলে এটা বৃহৎ সুবিধা লাভ কৰিব। প্ৰকৃততে, এই সুবিধাটো ব্যৱহাৰ কৰি, ব্যৱহাৰকাৰীসকলে দীঘলীয়া সময়ৰ বাবে ফটো আৰু ভিডিঅ'ত হেঁচা নিদিয়াকৈ তৎক্ষণাৎ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব পাৰিব । এই নতুন ফিচাৰটোৱে কেনেদৰে কাম কৰিব সেয়া উল্লেখ কৰা হৈছে-
হোৱাটছএপ ব্যৱহাৰকাৰীসকলে বৰ্তমান এখন ছবি বা ভিডিঅ'ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ দীঘলীয়া টেপ কৰিব লাগে । শেহতীয়া বিটা মিডিয়া ভিউয়াৰত এটা লেটেষ্ট ৰিয়েক্ট বাৰ সংযোজন কৰা হৈছে ৷ বিগত বৰ্ষৰ ছেপ্টেম্বৰত আৰম্ভ কৰা হৈছিল এই প্ৰতিক্ৰিয়া বাৰ ৷