অসম

assam

বিশেষ ৰে’লেৰে কিয়েভত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী : কিয় বিশেষ এই ৰে’লখন? - PM Modi in Rail Force One

By ETV Bharat Tech Team

Published : Aug 24, 2024, 12:34 PM IST

Updated : Aug 24, 2024, 2:27 PM IST

PM Modi Ukraine Visit: বিদেশ ভ্ৰমণত ব্যস্ত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ ৰে’লযোগে কৰা এই ভ্ৰমণে যথেষ্ট চৰ্চা লাভ কৰিছে কাৰণ প্ৰধানমন্ত্ৰীগৰাকীয়ে ট্ৰেইন ফ’ৰ্চ ৱানত ইউক্ৰেইনলৈ যাত্ৰা কৰিছিল ৷ কি এই ফ’ৰ্চ ৱান ট্ৰেইন ? ইয়াৰ বিশেষত্ব কি জানো আহক আমাৰ এই প্ৰতিবেদনযোগে---

What is ‘Rail Force One’, the train PM Modi took from Poland to Ukraine?
ট্ৰেইন ফ’ৰ্চ ৱান (@narendramodi)

নিউজ ডেস্ক, 24 আগষ্ট: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সম্প্ৰতি বিদেশ ভ্ৰমণত ব্যস্ত । পোলেণ্ডৰ পিছত এতিয়া প্ৰধানমন্ত্ৰী মোদীয়ে 23 আগষ্টত পোনপটীয়াকৈ ইউক্ৰেইনলৈ ৰাওনা হৈছে । অৱশ্যে প্ৰধানমন্ত্ৰীগৰাকীয়ে বিমানেৰে নহয় ৰে’লযোগে ইউক্ৰেইনত উপস্থিত হৈছিল । বিশেষ ৰে’লযোগে পোলেণ্ডৰ পৰা ইউক্ৰেইনলৈ যাত্ৰা কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

এই ৰে’লখন আমি সচৰাচৰ দেখি থকাৰ দৰে সাধাৰণ ৰে’ল নহয় । বিলাসী সুবিধা আৰু বিশ্বমানৰ সেৱাৰ বাবে ই জনাজাত । এই বিশেষ ৰেলখনৰ নাম হ’ল ট্ৰেইন ফ’ৰ্চ ৱান ।

উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী মোদীয়ে ট্ৰেইন ফৰ্চ ৱানত 20 ঘণ্টা যাত্ৰা কৰি ইউক্ৰেইনৰ ৰাজধানী কিয়েভত উপস্থিত হৈছিল আৰু তাত 7 ঘণ্টা সময় কটাইছিল ।

উল্লেখ কৰা প্ৰয়োজন যে, ৰাছিয়াৰ সৈতে হোৱা যুদ্ধৰ বাবে ইউক্ৰেইনৰ বিমানবন্দৰসমূহ বন্ধ হৈ আছে । ইউক্ৰেইনৰ বিপজ্জনক পথৰ বাবে বৰ্তমান ৰে’লযোগে যাত্ৰা কৰাটো নিৰাপদ বুলি গণ্য কৰা হয় । গতিকে মোদীয়ে বিশেষ ৰে’লযোগে যাত্ৰা কৰিছে ।

ট্ৰেইন ফৰ্চ ৱানৰ বিশেষত্ব কি?

এই ৰেলখন 2014 চনত পৰ্যটনৰ বাবে মুকলি কৰা হৈছিল । কিন্তু এতিয়া সেইবোৰ বিশ্ব নেতাসকলৰ বাবে ব্যৱহাৰ কৰা হৈছে । ইউক্ৰেইনলৈ যোৱা বেছিভাগ নেতা, সাংবাদিক আৰু কূটনীতিবিদে কেৱল ৰেল ফৰ্চ ৱানেৰেহে যাত্ৰা কৰে ।

ইউক্ৰেইনৰ ৰে’ল ফ’ৰ্চ ৱান হৈছে ধীৰ গতিত চলা বিলাসী ৰে’ল যি কেৱল নিশাহে চলে । পোলেণ্ডৰ পৰা কিয়েভলৈ 600 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ ইয়াৰ প্ৰয়োজন 10 ঘণ্টা সময়ৰ । এই ৰে’ল ফ’ৰ্চ ৱান ক্ৰিমিয়াত পৰ্যটনৰ প্ৰসাৰৰ বাবে আৰম্ভ কৰা হৈছিল । ৰাছিয়াই ক্ৰিমিয়া অধিগ্ৰহণ কৰাৰ পিছত এই ৰে’লখনে বিশ্বৰ নেতা আৰু ভিআইপি অতিথিসকলৰ পৰিবহণৰ বাবে ব্যৱহাৰ কৰা হৈছিল ।

ৰে’লখনৰ ভিতৰৰ অংশটো সুন্দৰ, আধুনিক । এই ৰে’লখন দেখাত ট্ৰেকত চলি থকা বিলাসী হোটেলৰ দৰে । যদি আমি আন সুবিধাৰ কথা কওঁ, তেন্তে ইয়াত গুৰুত্বপূৰ্ণ সভাৰ বাবে ডাঙৰ টেবুল, বিলাসী চোফা আৰু দেৱালত লগোৱা টিভি আদি অন্তৰ্ভুক্ত কৰা হৈছে । টোপনিৰ বাবে আৰামদায়ক ব্যৱস্থা কৰা হয় । তদুপৰি ভিআইপি যাত্ৰীসকলৰ সুৰক্ষাৰ বাবে উন্নত নিৰাপত্তা ব্যৱস্থাৰে ৰে’লখনক শক্তিশালী কৰা হৈছে ।

বুলেটপ্ৰুফ ট্ৰেইন

সাজসজ্জিত খিৰিকীৰ পৰা আৰম্ভ কৰি সুৰক্ষিত যোগাযোগ ব্যৱস্থালৈকে সকলো সুবিধা উপলব্ধ এই ৰে’লখনত ৷ ৰে’ল ফ’ৰ্চ ৱান ট্ৰেইনখন আনকি অতি প্ৰত্যাহ্বানজনক পৰিস্থিতি চম্ভালিব পৰাকৈ ডিজাইন কৰা হৈছে । ৰে’ল ফ’ৰ্চ ৱানত চোৱাচিতা ব্যৱস্থা, নিৰাপদ যোগাযোগ নেটৱৰ্ক আৰু নিৰাপত্তাৰক্ষীৰ এক দলো নিয়োজিত হৈ আছে ।

এই ৰে’লত যাত্ৰা কৰা প্ৰথমজন ব্যক্তি প্ৰধানমন্ত্ৰী মোদী নহয় । বহু গণ্যমান্য ব্যক্তি আৰু ৰাজনীতিবিদেও এই ৰে’লত যাত্ৰা কৰিছে । প্ৰধানমন্ত্ৰী মোদীৰ পূৰ্বে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন, ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’ন, জাৰ্মানীৰ চ্যান্সেলৰ অলাফ শ্বলজ আৰু তেতিয়াৰ ইটালীৰ প্ৰধানমন্ত্ৰীয়ে এই ৰে’লত যাত্ৰা কৰিছে ।

লগতে পঢ়ক:ভাৰতীয় প্ৰধানমন্ত্ৰীৰ প্ৰথম ইউক্ৰেইন ভ্ৰমণ; কিয়েভত উপস্থিত মোদী - PM Modi Ukraine Visit

ইউক্ৰেইনক BHISHM কিউব গতাই দিলে প্ৰধানমন্ত্ৰী মোদীয়ে - PM Modi

মোদী-জেলেনস্কিৰ দ্বিপাক্ষিক আলোচনাৰ সামৰণি : কৃষি-চিকিৎসা-সাহায্যৰ ক্ষেত্ৰত ৩ খন চুক্তি স্বাক্ষৰ - PM Narendra Modi in Ukraine

Last Updated : Aug 24, 2024, 2:27 PM IST

ABOUT THE AUTHOR

...view details