হায়দৰাবাদ: চীনা কোম্পানী Realme India য়ে আজি ভাৰতত দুটা নতুন 5G স্মাৰ্টফোন মুকলি কৰিছে । Realme P3 ছিৰিজত গ্ৰাহকে দুটা স্মাৰ্টফোন ক্ৰয় কৰিব পাৰিব - Realme P3x আৰু Realme P3 Pro। দুয়োটা মোবাইলত 50 মেগাপিক্সেলৰ প্ৰাইমেৰী কেমেৰা আৰু 6000mAhৰ ডাঙৰ বেটাৰী আছে । Realme P3 Pro মডেলত Snapdragon 7S Gen 3 চিপছেট আছে, আনহাতে P3x ত MediaTek Dimensity 6400 SoC প্ৰচেছৰ আছে । দুয়োটা এণ্ড্ৰইড 15 ৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হৈছে আৰু ইয়াৰ সৈতে Realme UI 6.0 ইউজাৰ ইন্টাৰফেছ আছে ।
Realme P3 Series: ভাৰতত মূল্য আৰু অফাৰ
- Realme P3 Pro 5G স্মাৰ্টফোনৰ বেচ মডেল 8GB RAM+128GB ৰ মূল্য 23,999 টকা । এই হেণ্ডছেটটো আন দুটা ভেৰিয়েন্ট 8GB+256GB আৰু 12GB+256GB ত উপলব্ধ, যাৰ মূল্য ক্ৰমে ₹24,999 আৰু ₹26,999 । ই 3 টা ৰঙৰ বিকল্পত উপলব্ধ গেলাক্সি পাৰ্পল, নেবুলা গ্ল’ আৰু চেটাৰ্ণ ব্ৰাউন । গ্ৰাহকে 25 ফেব্ৰুৱাৰীৰ পৰা কোম্পানীটোৰ ৱেবছাইট আৰু ফ্লিপকাৰ্টৰ পৰা ক্ৰয় কৰিব পাৰিব ।
- যদি আমি আন এটা স্মাৰ্টফোন Realme P3x 5G ৰ কথা কওঁ তেন্তে ই দুটা ভেৰিয়েন্ট 6GB+128GB আৰু 8GB+128GB ত উপলব্ধ, আনহাতে ইয়াৰ মূল্য ক্ৰমে ₹13,999 আৰু ₹14,999 । ই 3 টা ৰঙৰ বিকল্পত উপলব্ধ লুনাৰ ছিলভাৰ, মিডনাইট ব্লু আৰু ষ্টেলাৰ পিংক । গ্ৰাহকে 28 ফেব্ৰুৱাৰীৰ পৰা Realme ৱেবছাইট আৰু Flipkart ৰ পৰা এই হেণ্ডছেটটো ক্ৰয় কৰিব পাৰিব ।
- গ্ৰাহকে লাভ কৰিব পাৰিব বিশেষ ৰেহাই । যোগ্য বেংক কাৰ্ড অফাৰৰ সৈতে Realme P3 Pro 5G ত 2,000 ৰেহাই আৰু Realme P3x 5G ত ₹1,000 টকা ৰেহাই আগবঢ়োৱা হৈছে ।
Realme P3 Series: বিশেষত্বসমূহ