হায়দৰাবাদ: 4 মাৰ্চত মুকলি হ’ব নাথিং ফোন 3A ছিৰিজ । কোম্পানীয়ে এই ফোনটোৰ দুটা ভেৰিয়েন্ট মুকলি কৰিব, য’ত নাথিং ফোন 3A আৰু নাথিং ফোন 3A প্ৰ’ মডেল থাকিব বুলি আশা কৰা হৈছে । এই ফোন ছিৰিজ মুকলি কৰাৰ পূৰ্বে কোম্পানীটোৱে ছ’চিয়েল মিডিয়া একাউণ্টৰ জৰিয়তে টিজাৰ মুকলি কৰিছে । এই ক্ৰমত নাথিঙে নিজৰ আগন্তুক ফোনটোৰ নতুন টিজাৰ মুকলি কৰিছে, য’ত ফোনটোৰ কেমেৰা চেন্সৰবোৰ দেখা গৈছে । ইয়াৰ বিষয়ে জানো আহক ----
কেমেৰা ছেটআপৰ ইংগিত
নাথিং ফোন 3A ছিৰিজৰ ফোনটোৰ অফিচিয়েল X একাউণ্টৰ জৰিয়তে ফোনটোৰ বেক কেমেৰাৰ ডিজাইনৰ ইংগিত দিয়া হৈছে । এই পোষ্টটোত Nothing এ ফোন এটাৰ পিছফালৰ কেমেৰাৰ ছবি শ্বেয়াৰ কৰিছে, য’ত তিনিটা কেমেৰা চেন্সৰ দেখা যায়, লগতে এটা LED ফ্লেছও দেখা যায় । এই ছবিখন দেখাৰ পিছত এনে লাগে যেন কোম্পানীয়ে এই ফোনটোত এটা টেলিফ’টো কেমেৰাও দিবলৈ ওলাইছে ।