অসম

assam

10,000 টকা পৰ্যন্ত ৰেহাই লাভ কৰি আজিয়েই ক্ৰয় কৰক আপোনাৰ সপোনৰ দুচকীয়া বাহনখন - Subsidy for electric scooters

By ETV Bharat Tech Team

Published : Aug 30, 2024, 7:53 PM IST

Discount on Electric Scooters: যদি আপুনি নতুন ইলেক্ট্ৰিক দুচকীয়া বাহন কিনিব বিচাৰে, তেন্তে ছেপ্টেম্বৰ মাহটো আপোনাৰ বাবে উপযুক্ত । কাৰণ কেন্দ্ৰীয় চৰকাৰে নিৰ্বাচিত বৈদ্যুতিক দুচকীয়া বাহন ক্ৰয়ৰ ক্ষেত্ৰত প্ৰদান কৰা ৰেহাই আঁচনিৰ ম্যাদ শেষ হ’ব ছেপ্টেম্বৰত ।

Etv Bharat
ইলেক্ট্ৰিক দুচকীয়া বাহন (Etv Bharat)

নিউজ ডেস্ক, 30 আগষ্ট:কেন্দ্ৰীয় চৰকাৰে দীৰ্ঘদিন ধৰি নাগৰিকসকলক বৈদ্যুতিক বাহন ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰাৰ সমান্তৰালভাৱে বৈদ্যুতিক বাহনৰ সপক্ষে প্ৰচাৰ চলাই আহিছে । ইয়াৰ বাবে চৰকাৰে বিভিন্ন আঁচনিও গ্ৰহণ কৰিছে ৷ ইয়াৰে আটাইতকৈ জনপ্ৰিয় আঁচনিখন হৈছে FAME-II আঁচনি । কিন্তু গধুৰ উদ্যোগ আৰু ৰাজহুৱা উদ্যোগ মন্ত্ৰণালয় চলিত বৰ্ষৰ মাৰ্চ মাহৰ শেষৰ ফালে বৈদ্যুতিক গতিশীলতা প্ৰচাৰৰ বাবে আন এক আঁচনি আৰম্ভ কৰিছিল, যাৰ নাম ইলেক্ট্ৰিক গতিশীলতা প্ৰসাৰ আঁচনি (EMPS) ।

Bajaj Chetak Electric

এই আঁচনিৰ অধীনত নিৰ্বাচিত বৈদ্যুতিক দুচকীয়া বাহনৰ এক্স-শ্ব’ৰুম মূল্যত 10 হাজাৰ টকাৰ ৰাজসাহায্য প্ৰদান কৰা হৈছে । এই ৰাজসাহায্য কেন্দ্ৰীয় চৰকাৰে দিছে । কিন্তু এই আঁচনিখনসীমা 2024 চনৰ 30 ছেপ্টেম্বৰ পৰ্যন্তহে ৷ যাৰ সময়সীমা অহা মাহত শেষ হ’ব ৷

মন কৰিবলগীয়া যে চৰকাৰে এই আঁচনিৰ সম্প্ৰসাৰণৰ বাবে কোনো তথ্য প্ৰকাশ কৰা নাই । গতিকে, যদি আপুনি ইলেক্ট্ৰিক দুচকীয়া বাহন কিনাৰ পৰিকল্পনা কৰিছে, তেন্তে এইটোৱেই সঠিক সময় ৷ কাৰণ এতিয়া আপুনি ইলেক্ট্ৰিক স্কুটাৰত অতিৰিক্ত ৰেহাই লাভ কৰিব পাৰিব ।

উল্লেখ্য যে, ভাৰতত বৰ্তমান বিক্ৰী হৈ থকা কিছুমান প্ৰিমিয়াম ইলেক্ট্ৰিক দুচকীয়া বাহন যিবোৰ কেন্দ্ৰীয় চৰকাৰৰ ইলেক্ট্ৰিক মবিলিটি প্ৰমোচন আঁচনিৰ অধীনত সামৰি লোৱা হৈছে, সেইবোৰৰ ভিতৰত আছে Ather 450 X, Ather Energy, Ola S1 Pro, TVS iQube, Bajaj Chetak আৰু Vida V1 Pro আদি ।

উল্লেখ্য যে, EMPS ৰ অংশ হিচাপে কেন্দ্ৰীয় চৰকাৰে বৈদ্যুতিক দুচকীয়া বাহনৰ বাবে 778 কোটি টকাৰ বাজেট আবণ্টন দিছিল । ইয়াৰ ভিতৰত আছিল 5,00,080 খন বৈদ্যুতিক বাহন, যিয়ে ৰাজসাহায্য লাভ কৰিব পাৰে । উক্ত ধনৰাশিয়ে সম্ভাৱ্য বৈদ্যুতিক বাহন ক্ৰেতাসকলক কিছু সকাহ প্ৰদান কৰিলেও গধুৰ উদ্যোগ আৰু ৰাজহুৱা উদ্যোগ মন্ত্ৰণালয় ইয়াক বৃদ্ধি কৰিব নে নতুন আঁচনি প্ৰৱৰ্তন কৰিব সেয়া পৰৱৰ্তী সময়ত হ’ব লক্ষণীয় বিষয় ।

লগতে পঢ়ক:আপোনাৰ দুচকীয়া বাহনখনৰ বীমা ক্ৰয়ৰ পূৰ্বে মনত ৰাখক এই 4 টা কথা - How to Choose Bike Insurance

বাজাজে মুকলি কৰিলে বিশ্বৰ প্ৰথমখন চিএনজি বাইক ফ্ৰিডম 125 - WORLD FIRST CNG BIKE

83,598 মূল্যত ভাৰতবৰ্ষত মুকলি 2024 বৰ্ষৰ হিৰো গ্লেমাৰ - 2024 Hero Glamour 125

ABOUT THE AUTHOR

...view details