হায়দৰাবাদ: এয়াৰটেল আৰু জিঅ’ই তেওঁলোকৰ ৰিচাৰ্জ প্লেনৰ মূল্য বৃদ্ধি কৰাৰ পাচতে চৰকাৰী টেলিকম কোম্পানী BSNL ৰ সস্তীয়া ৰিচাৰ্জ প্লেনে গ্ৰাহকক আকৃষ্ট কৰিছিল ৷ সমান্তৰালভাৱে BSNL ও গ্ৰাহকৰ সুবিধাৰ্থে প্লেনৰ দাম কম কৰাৰ লগতে সেৱাও উন্নত কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰি অহা পৰিলক্ষিত হৈছে ৷ শেহতীয়াকৈ 17 বছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে BSNL এ লাভ কৰিবলৈ সক্ষম হৈছে বৃহৎসংখ্যক মুনাফা ৷ শুকুৰবাৰে চৰকাৰে ঘোষণা কৰে যে 2024 চনৰ শেষৰ ত্ৰৈমাসিক (অক্টোবৰৰ পৰা ডিচেম্বৰৰ ভিতৰত) ত কোম্পানীটোৱে 262 কোটি টকা লাভ আদায় কৰিছে ।
এই খবৰটো X যোগে শ্বেয়াৰ কৰি কেন্দ্ৰীয় মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে কয়, “বিএছএনএল কেৱল টেলিকম কোম্পানী হিচাপে নহয়, আত্মনিৰ্ভৰশীল ভাৰত, ডিজিটেল সৱলীকৰণ আৰু আমাৰ জাতিৰ প্ৰতিটো কোণ সংযোগৰ প্ৰতি দায়বদ্ধতাৰ প্ৰতীক হিচাপে পুনৰুজ্জীৱিত হৈছে !”
আঁৰৰ কাৰণ
ৰেড্ডীয়ে শ্বেয়াৰ কৰা তথ্য অনুসৰি BSNL এ এই লাভ কৰাৰ আঁৰৰ এটা মূল কাৰণ আছিল নিৰৱচ্ছিন্ন ইণ্টাৰনেট গতি নিশ্চিত কৰিবলৈ থলুৱা 4G ষ্টেকৰ বিকাশ । চৰকাৰে অতি সোনকালে বিএছএনএলৰ গ্ৰাহকক 4G সেৱা প্ৰদান কৰাৰ দিশত মনোনিৱেশ কৰিছিল । 2023 চনত বিএছএনএলে 1 লাখ 4G ছাইট ৰোলআউটৰ বাবে 19,000 কোটি টকাৰ অগ্ৰিম পাৰ্চ অৰ্ডাৰ জাৰি কৰিছিল ।
2019 চনৰ পৰা আৰম্ভ কৰা পুনৰুজ্জীৱন পেকেজৰ অংশ হিচাপে কেন্দ্ৰই এতিয়ালৈকে বিএছএনএল আৰু মহানগৰ টেলিফোন নিগম লিমিটেড (এমটিএনএল)ত 3 লাখ কোটিৰো অধিক ধন যোগান ধৰিছে, য’ত 4G ৰোলআউট অন্তৰ্ভুক্ত কৰা হৈছে । কেন্দ্ৰীয় কেবিনেটে 2022 চনৰ জুলাই মাহত এই পেকেজত অনুমোদন জনাইছিল । পৰিকল্পনা অনুসৰি এজিআৰৰ বাবদ ধন, মূলধনী ব্যয়ৰ ব্যৱস্থা আৰু স্পেকট্ৰম আবণ্টনৰ পৰিৱৰ্তে বিএছএনএলৰ অনুমোদিত মূলধনও 40,000 কোটি টকাৰ পৰা 1.5 লাখ কোটিলৈ বৃদ্ধি কৰা হৈছিল ।
কোম্পানীটোৱে নতুন টাৱাৰ স্থাপন কৰি 4G নেটৱৰ্ক কভাৰেজ বৃদ্ধিৰ কামো কৰিছিল । কেন্দ্ৰীয় টেলিকম মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ মতে, 14 ডিচেম্বৰলৈকে সমগ্ৰ ভাৰতত বিএছএনএলে 62 হাজাৰৰো অধিক 4G টাৱাৰ স্থাপন কৰিছিল । 2025 চনৰ জুন পৰ্যন্ত মন্ত্ৰীগৰাকীয়ে 1 লাখ টাৱাৰ স্থাপনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল, যিটো ইতিমধ্যে আৰম্ভ কৰা হৈছে ।
লগতে পঢ়ক