ডিব্ৰুগড়, 8 ছেপ্টেম্বৰ :অনলাইন ট্ৰেডিং কেলেংকাৰীয়ে জোকাৰি গৈছে ৰাজ্য । অনলাইন ট্ৰেডিঙৰ নামত কোটি কোটি টকা সংগ্ৰহ কৰি প্ৰৱঞ্চনা কৰা ঘটনাই সচেতন ৰাইজৰ চকু কঁপালত তুলিছে ।
অনলাইন ট্ৰেডিং কৰি সহজে ধনী হোৱাৰ সপোন দেখা একাংশৰ মাজত এতিয়া হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে । কিয়নো একাংশই অনলাইন ট্ৰেডিঙৰ জৰিয়তে অধিক লাভৰ সপোন দেখুৱাই প্ৰৱঞ্চনা কৰিলে অনলাইন ট্ৰেডিঙৰ মাষ্টাৰ মাইণ্ডে ৷ কোটি কোটি টকা লুণ্ঠন কৰি আত্মগোপন বহু প্ৰৱঞ্চকৰ ।
এই অনলাইন ট্ৰেডিং প্ৰৱঞ্চনাত বহু ৰাজনৈতিক নেতা, সাংস্কৃতিক কৰ্মীৰ নাম সাঙোৰ খাইছে ৷ শেহতীয়াকৈ অনলাইন ট্ৰেডিঙৰ প্ৰৱঞ্চনাত নাম সাঙোৰ খাইছিল প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি জুবেইৰ আনম মজুমদাৰ ৷ কৰিমগঞ্জৰ চাকিল নামৰ এজন যুৱকৰ সৈতে অবৈধ ট্ৰেডিঙত অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি জুবেইৰ আনম মজুমদাৰে জড়িত থকাৰ অভিযোগ উত্থাপিত হৈছে ।
ইয়াৰ পিচতে চৰাইদেউৰ মথুৰাপুৰত অনুষ্ঠিত প্ৰদেশ কংগ্ৰেছৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত অবৈধ ট্ৰেডিং সন্দৰ্ভত স্পষ্টীকৰণ দিয়ে প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি জুবেইৰ আনম মজুমদাৰে । প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয়, ‘‘চিনি পোৱাটো যদি ভুল হৈছে, সেই ভুল মই কৰিছো । আমি য’লৈ যাওঁ বহুত মানুহ লগপাওঁ ৷ কোনে কি কৰিছে আমি গম পোৱাৰ কথা নহয় ।’’