জোনাই, ২৩ জুলাই :অৰুণাচল প্ৰদেশৰ পূব চিয়াং জিলাৰ গুমিন নগৰস্থিত “SERENE LIFE FOUNDATION” নামৰ এটা নিচামুক্তি কেন্দ্ৰত সংঘটিত হৈছে এক ভয়ংকৰ কাণ্ড ৷ নিচামুক্তি কেন্দ্ৰটোত এগৰাকী যুৱকক নিৰ্মমভাৱে মাৰপিট কৰি হত্যা কৰাৰ অভিযোগ উঠিছে ৷ এই অভিযোগ উত্থাপন কৰিছে মৃতকৰ পৰিয়ালৰ লোকে ৷
জানিব পৰা মতে, পূব চিয়াং জিলাৰ পাচিঘাট আৰক্ষী থানাত ২০ জুলাইত মহিমাং লিটিন নামৰ একৰাকী মহিলাই তেওঁৰ পুত্ৰ অলিপ লিটিন মুখাৰ্জীক পাচিঘাটৰ গুমিন নগৰস্থিত “SERENE LIFE FOUNDATION” নামৰ নিচামুক্তি কেন্দ্ৰৰ স্বত্বাধিকাৰী নাচন বৰাঙৰ লগতে তাত থকা একাংশ সদস্যই নিৰ্মমভাৱে মাৰপিট কৰি হত্যা কৰা বুলি দাখিল কৰে এক এজাহাৰ ৷
এজাহাৰত উল্লেখ কৰা অনুসৰি, ১৯ জুলাইৰ নিশা প্ৰায় ১১:৩০ বজাত অলিপ লিটিন মুখাৰ্জীক পৰিয়ালক নজনোৱাকৈয়ে পাচিঘাট বাকিন প্ৰেটিন অসামৰিক চিকিৎসালয়লৈ নিয়া হয় ৷ তাতে চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে ৷ আনকি পৰিয়ালৰ অনুমতি অবিহনে মৃত অলিপ লিটিন মুখাৰ্জীৰ মৰণোত্তৰ পৰীক্ষাও সম্পন্ন কৰা হয় ৷
লগতে পঢ়ক :Allegation on Rehab Centre: মৰিগাঁৱৰ ৰিহাব চেণ্টাৰত থকা লোকক মাৰপিট কৰাৰ অভিযোগ
আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি, মৃত অলিপে নিচামুক্তি কেন্দ্ৰৰ পৰা মুকলি হৈ আহিবলৈ বাৰম্বাৰ চেষ্টা কৰিছিল ৷ মৃত অলিপক এই ক্ষেত্ৰত সহায় কৰিছিল তেওঁৰ কেবাজনো বন্ধুৱে ৷ কিন্তু এই কথা নিচামুক্তি কেন্দ্ৰৰ স্বত্বাধিকাৰীয়ে গম পোৱাত অলিপক নিৰ্মমভাৱে প্ৰহাৰ কৰে ৷ ইতিমধ্যে অলিপক মাৰপিট কৰা ভিডিঅ’ ভাইৰেল হৈ পৰিছে ৷ সোমবাৰে এক সংবাদমেলযোগে এই কথা সদৰী কৰিছে পূব চিয়াং জিলাৰ আৰক্ষী অধীক্ষকগৰাকীয়ে ৷