নলবাৰী:হঠাৎ নলবাৰীত লাগিল হৈ-চৈ ৷ 27 নং ৰাষ্ট্ৰীয় ঘাইপথলৈ ওলাই আহিল বহু লোক ৷ আৰম্ভ কৰিলে প্ৰতিবাদ, অৱৰোধ কৰা হ’ল ৰাষ্ট্ৰীয় ঘাইপথ ৷ পথৰ ওপৰতেই আবদ্ধ হৈ ৰ’ল আন বহু যাত্ৰীৰ লগতে মন্ত্ৰী বিমল বড়াৰ কনভয়ো ৷
মন্ত্ৰীক লাগে প্ৰতিবাদী মানুহবোৰক ৷ তাকো নিজৰ মন্ত্ৰীক ৷ নলবাৰী সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আৰু ধৰ্মপুৰ সমষ্টিৰ বিধায়ক তথা বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক বিচাৰি প্ৰতিবাদত বহিছে ৰাইজ ৷ কিন্তু কিয় হঠাৎ প্ৰতিবাদমুখৰ হৈ পৰিল এইসকল লোক ?
হস্তী-মানৱ সংঘাত ৰোধৰ দাবীত পথ অৱৰোধ (ETV Bharat Assam) হস্তী-মানৱ সংঘাতত অতিষ্ঠ হৈয়েই এইদৰে প্ৰতিবাদ কৰিবলৈ ওলাই আহিল নলবাৰীৰ এইসকল লোক ৷ জিলাখনৰ গোবিন্দপুৰ অঞ্চলৰ মিণ্টু বৰ্মন নামৰ এজন সুঠাম যুৱক যোৱা 16 ডিচেম্বৰত হাতীৰ গচকত আহত হৈছিল ৷ নিশা মিন্টুহঁতৰ ঘৰত হাতীয়ে উপদ্ৰৱ চলোৱাত প্ৰাণ বচোৱাৰ বাবে পলাবলৈ চেষ্টা কৰিছিল যুৱকজনে ৷ কিন্তু দুৱাৰ মেলি ওলাওঁতেই হাতীৰ গচক পৰাত তেওঁ গুৰুতৰভাৱে আহত হয় ৷ যুৱকজনক নিশাই ভৰ্তি কৰোৱা হৈছিল নলবাৰী চিকিৎসা মহাবিদ্য়ালয়ত ৷ কিন্তু যুৱকজনৰ স্বাস্থ্যৰ অৱস্থা অতি সংকটজনক হৈ পৰাত তেওঁক আমিনগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয় ৷ তাতেই চিকিৎসাধীন অৱস্থাত মৃত্যুক আঁকোৱালি লয় মিণ্টু বৰ্মনে ৷
ঘৰখনৰ এক আশাৰ কিৰণ মিণ্টুৰ মৃত্যুক কেন্দ্ৰ কৰি অঞ্চলটোত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে ৷ মিণ্টুৰ পিতৃয়ে দিন হাজিৰা কৰি পৰিয়াল পোহপাল দি আহিছে ৷
উল্লেখ্য যে নলবাৰীৰ গোবিন্দপুৰ অঞ্চলত বন্যহস্তীয়ে উপদ্ৰৱ চলাই আহিছে যদিও হাতী খেদিবলৈ বন বিভাগে উপযুক্ত ব্যৱস্থা নকৰাৰ অভিযোগ উঠিছে ৷ খোদ বনমন্ত্ৰীৰ জিলাতে এইদৰে হাতীৰ উপদ্ৰৱ ৰোধ কৰিবলৈ বন বিভাগ ব্যৰ্থ হোৱা বুলি ৰাইজে অভিযোগ কৰিছে ৷ তাৰ মাজতেই হাতীৰ গচকত এজন তেজাল ডেকাই প্ৰাণ হেৰুওৱা ঘটনাত ক্ষোভিত হৈ পৰিছে লোকসকল ৷
বন্যহস্তীৰ উপদ্ৰৱৰ পৰা পৰিত্ৰাণ বিচাৰি আৰু মৃত যুৱকজনৰ পৰিয়ালক ক্ষতিপূৰণ প্ৰদানৰ দাবীত বৃহস্পতিবাৰে গোবিন্দপুৰৰ ৰাইজে 27 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ ফলত পথটোৰ দুয়োফালে বাহনৰ দীঘলীয়া শাৰীৰ সৃষ্টি হয় ৷ বাকী বাহনৰ লগতে সেই পথেৰে গৈ থকা মন্ত্ৰী বিমল বড়াৰ কনভয়ো প্ৰতিবাদৰ সন্মুখীন হ’বলগাত পৰে ৷ ৰাইজে মন্ত্ৰীগৰাকীৰ কনভয় দেখি তেওঁক আগুৰি ধৰে আৰু নিজৰ দাবী তুলি বিভিন্ন প্ৰশ্ন কৰে ৷ ৰাইজৰ ক্ষোভ দেখি কেবিনেটত বন্যহস্তীৰ উপদ্ৰৱ ৰোধৰ বিষয়টো উত্থাপন কৰাৰ আশ্বাস দিয়ে মন্ত্ৰী বিমল বড়াই ৷
আনহাতে বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ গৃহজিলাত বন্যহস্তী খেদাত বন বিভাগ ব্যৰ্থ হোৱা বুলি সজোৰে দাবী তোলে প্ৰতিবাদী ৰাইজে । স্থানীয় বিধায়ক তথা জনস্বাস্থ্য কাৰিকৰী দপ্তৰৰ জয়ন্ত মল্লবৰুৱা আৰু বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ উপস্থিতিত পৰিয়ালটিক উপযুক্ত ক্ষতিপূৰণ প্ৰদানৰ লগতে অঞ্চলটোত হাতীয়ে যিমান ক্ষতি কৰিছে তাৰ ক্ষতিপূৰণ প্ৰদানৰ বাবে দাবী জনায় ৰাইজে । অন্যথা ৰাষ্ট্ৰীয় ঘাইপথ কোনোপধ্যে মুকলি কৰি নিদিয়াৰ হুংকাৰ স্থানীয় ৰাইজৰ ।
ইতিমধ্যে ঘটনাস্থলীত জিলা আযুক্তগৰাকীও উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে সমস্যা সমাধানৰ আশ্বাস দিয়ে । আনহাতে বীৰ লাচিত সেনা অসমৰ নলবাৰী জিলা সমিতিৰ বিষয়ববীয়াই প্ৰতিবাদস্থলীত উপস্থিত থাকি জিলা আয়ুক্তগৰাকীক যুৱকজনৰ মৃত্যুৰ ক্ষতিপূৰণৰ হিচাপে ৫০ লাখ টকাৰ লগতে পৰিয়ালৰ সদস্যক উপযুক্ত সংস্থাপনৰো ব্যৱস্থা কৰি দিবলৈ এক স্মাৰক পত্ৰ প্ৰদান কৰে । ৰাইজেও শেহতীয়াকৈ এখন স্মাৰক পত্ৰ দাখিল কৰিছে জিলা আয়ুক্তক ৷
প্ৰতিবাদকাৰীৰ ভাষ্য:
"প্ৰায় দুবছৰ ধৰি বনৰীয়া হাতীয়ে নলবাৰীৰ এই অঞ্চলত তাণ্ডৱ চলাই আহিছে ৷ মানুহৰ ঘৰ-দুৱাৰ ভাঙিছে, ধান খাই তহিলং কৰিছে ৷ আমি নলবাৰীৰ বন বিষয়া আৰু ডি চিৰ ওচৰত বহুবাৰ আবেদন-নিবেদন জনাইছিলোঁ ৷ কিন্তু তেওঁলোকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ৷ কেতিয়াবা দুজন-তিনিজন ফৰেষ্ট গাৰ্ড পঠিয়াই দিয়ে ৷ তেওঁলোকে ফটকা ফুটাই গুচি যায় আৰু আমি ৰাইজে হাৰাশাস্তি খাই মৰি থাকো ৷ যোৱা 16 তাৰিখে মিণ্টু বৰ্মনক ঘৰৰ পৰা ওলাই আহিব খোজোতেই হাতীয়ে গচকাত তেওঁৰ হাস্পতালত মৃত্যু হৈছে ৷ আমাৰ কেন্দ্ৰত আৰু ৰাজ্যত বিজেপি চৰকাৰ থকাৰ পাছতো এই সমস্যা সমাধান কৰিব পৰা নাই ৷’’
লগতে পঢ়ক:ৰাষ্ট্ৰীয় ঘাইপথতেই হুৰহুৰকৈ খহি পৰিল এখন পকী দলং: ইফালেও গাড়ী সিফালেও গাড়ী