যোৰহাট:ফাগুনত আহিবা লৃগাং চাবলৈ / ৰঙা ৰিবি গাচেং গাতে ল'বলৈ । আজি মিচিং সকলৰ কৃষি ভিত্তিক উৎসৱ আলি আয়ে লৃগাং । ফাগুনৰ প্ৰথমটো বুধবাৰে এই উৎসৱ পালন কৰাৰ লগে লগে আৰম্ভ হ'ল কৃষি পৰ্ব । অসমৰ অন্যতম ভূমিপুত্ৰ মিচিং সকলৰ বসন্ত উৎসৱ আলি আয়ে লৃগাং হৈছে শস্য বা কঠিয়া সিঁচাৰ আৰম্ভণি উৎসৱ । মিচিং ভাষাত আলি মানে শস্যৰ বীজ, আয়ে মানে ফল আৰু লৃগাং মানে উৎসৱ ।
মিচিং জনগোষ্ঠীটোৰ হেঁপাহৰ উৎসৱটিক লৈ সৰ্বত্ৰে উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে । গুমৰাগৰ লহৰ,ঐনিতমৰ সুৰত মুখৰিত ৰাজ্য় । ৰাজ্য়ৰ আন ঠাইৰ লগতে যোৰহাটৰ গড়মূৰত কেন্দ্ৰীয়ভাৱে পালন কৰা হৈছে আলি আয়ে লৃগাং । লৃগাং উপলক্ষে গড়মূৰত বিৰাজ কৰিছে এক প্ৰাণচঞ্চল পৰিৱেশে । সহস্ৰাধিক যুৱক-যুৱতীয়ে নাচিছে গুমৰাগ । সমান্তৰালভাৱে ঐনিতমৰ সুৰেৰে মুখৰিত আকাশ-বতাহ ।
বুধবাৰৰ দিনটোক কিয় পবিত্ৰ দিন বুলি গণ্য় কৰে ?
এই দিনটোৰ তাৎপৰ্য বৰ্ণনা কৰি যোৰহাট মিচিং কেবাঙৰ সহকাৰী সাধাৰণ সম্পাদক ৰাজীৱ মিচিঙে কয়," ফাগুনৰ প্ৰথমটো বুধবাৰে মিচিং জনগোষ্ঠীৰ লোকসকলে আলি আয়ে লৃগাং পালন কৰে । কাৰণ আমাৰ এক জনবিশ্বাস আছে যে ফাগুনৰ প্ৰথমটো বুধবাৰে যদি কোনো মাংগলিক অনুষ্ঠান কৰো তেতিয়াহ'লে গোটেই বছৰটোৰ কাৰণে ভাল হয় ।"