কলিয়াবৰ, 3 জুন:প্লাষ্টিক মানৱ সভ্যতাৰ বাবে এক অভিশাপস্বৰূপ হৈ পৰিছে ৷ প্লাষ্টিকৰ বৰ্ধিত ব্যৱহাৰৰ ফলত বৃদ্ধি পাইছে প্ৰদূষণৰ মাত্ৰাও ৷ বৰ্তমান সময়ত একক ব্যৱহৃত প্লাষ্টিক পুনৰ ব্যৱহাৰৰ বাবে বিভিন্ন প্ৰতিষ্ঠান বা ব্যক্তিবিশেষে কেতবোৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে ৷ মধ্য অসমৰ অন্যতম উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান কলিয়াবৰ মহাবিদ্যালয়েও প্লাষ্টিকৰ পুনৰ ব্যৱহাৰৰ সন্দৰ্ভত এক উল্লেখনীয় পদক্ষেপ গ্ৰহণ কৰিছে ৷
মহাবিদ্যালয়খনৰ পদাৰ্থ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক চিৰঞ্জীৱ বেজবৰুৱাৰ নেতৃত্বত শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীয়ে পেলনীয়া প্লাষ্টিকৰ পৰা প্ৰস্তুত কৰিছে এনে কেতবোৰ সামগ্ৰী যাক দীৰ্ঘসময়ৰ বাবে ব্যৱহাৰ কৰিব পৰা যায় ৷ পেলনীয়া প্লাষ্টিকৰ বটলেৰে তেওঁলোকে নিৰ্মাণ কৰি উলিয়াইছে বেঞ্চ, ফেঞ্চিং, ঘৰৰ চাল আদি ৷
লগতে পঢ়ক:পেলনীয়া প্লাষ্টিকৰ বটলৰ নাৱত উঠি বগীবিলৰ পৰা দুঃসাহসিক যাত্ৰা - Plastic Free Brahmaputra
ভাৰত চৰকাৰৰ 'বন পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তন' আৰু 'অসম বিজ্ঞান প্ৰযুক্তি পৰিবেশ পৰিষদ'ৰ সহযোগত মহাবিদ্যালয়খনত দুদিনীয়াকৈ অনুষ্ঠিত ‘চ'লিড ৱেষ্ট মেনেজমেণ্ট’ শীৰ্ষক কৰ্মশালাত এই পদক্ষেপ গ্ৰহণ কৰা হয় । ইয়াৰ লগতে মহাবিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীসকলক জৈৱিক কেঁচু সাৰ প্ৰস্তুতৰ (VERMI COMPOSTING) শিক্ষা প্ৰদানৰো ব্যৱস্থা কৰা হৈছে ।