অসম

assam

ETV Bharat / state

কলকাতাৰ চিকিৎসক হত্যা, ধিঙৰ ধৰ্ষণকাণ্ডৰ প্ৰসংগ ৰাষ্ট্ৰসংঘৰ মজিয়াত তুলিলে অসমৰ যুৱকে - UN Human Rights Council

CAA in Assam: ভাৰতত নাৰীৰ নিৰাপত্তা কিমান ? কলকাতাৰ আৰ জি কৰ হাস্পতালৰ চিকিৎসকক ধৰ্ষণ কৰি হত্যা কৰাৰ পৰা আৰম্ভ কৰি ধিঙৰ ধৰ্ষণকাণ্ডৰ প্ৰসংগলৈকে ৰাষ্ট্রসংঘত উত্থাপন কৰিলে হীৰকজ্যোতি বৰাই । একেসময়তে তুলিলে উত্তৰ-পূৰ্বাঞ্চলৰ পৰা সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰৰ দাবীও ৷ নাগৰিকত্ব সংশোধনী আইনৰো বিৰোধিতা ৰাষ্ট্ৰসংঘৰ মজিয়াত ৷

CAA in Assam
ৰাষ্ট্ৰসংঘত CAA আৰু AFSPA প্ৰত্যাহাৰৰ দাবী হীৰকজ্যোতি বৰাৰ (UN Web TV/Hirak Jyoti Bora)

By ETV Bharat Assamese Team

Published : Oct 3, 2024, 3:36 PM IST

Updated : Oct 3, 2024, 7:53 PM IST

নগাঁও,৩ অক্টোবৰ :অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ এটাৰ পিছত আন এটা মূল সমস্যা ৰাষ্ট্ৰসংঘৰ মজিয়াত উত্থাপন কৰিলে অসমৰ যুৱক হীৰকজ্যোতি বৰাই । শেহতীয়াকৈ ৰাষ্ট্ৰসংঘৰ মানৱাধিকাৰ পৰিষদৰ বিশেষ অধিৱেশনত অসম চুক্তি ৰূপায়ণ আৰু অসমৰ বিদেশী সমস্যাৰ প্ৰসংগ উত্থাপন কৰি চৰ্চালৈ অহা অসমৰ হীৰকজ্যোতি বৰাই এইবাৰ নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰাৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাটাও সমস্যাৰ বিষয়ে উত্থাপন কৰে । লগতে উত্থাপন কৰে ভাৰতত নাৰীৰ নিৰাপত্তাহীনতাৰ দিশটোও ৷

ৰাষ্ট্রসংঘত নাৰীৰ নিৰাপত্তা প্ৰসংগ :

যোৱা ১১ ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত হোৱা ৰাষ্ট্ৰসংঘৰ মানৱাধিকাৰ পৰিষদৰ অধিৱেশনত বৃহস্পতিবাৰে উত্থাপন হয় ভাৰতৰ নাৰীৰ নিৰাপত্তাৰ প্ৰসংগ । ভাৰতৰ প্ৰতিনিধি হিচাপে ৰাষ্ট্ৰসংঘৰ মানৱাধিকাৰ পৰিষদৰ অধিৱেশনত অংশগ্ৰহণ কৰা অসমৰ হীৰকজ্যোতি বৰাই উত্থাপন কৰে দেশৰ নাৰীৰ সুৰক্ষাৰ প্ৰসংগ । পশ্চিমবংগৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ মহিলা চিকিৎসকৰ ধৰ্ষণ আৰু হত্যা, ধিঙৰ কিশোৰী ধৰ্ষণকাণ্ডৰ প্ৰসংগ উল্লেখ কৰি মহিলা তথা নাৰীৰ নিৰাপত্তা নিশ্চিত কৰাৰ দাবী উত্থাপন কৰে অসমৰ হীৰকজ্যোতি বৰাই ।

কলকাতাৰ চিকিৎসক হত্যা, ধিঙৰ ধৰ্ষণকাণ্ডৰ বিষয় ৰাষ্ট্ৰসংঘৰ মজিয়াত তুলিলে অসমৰ যুৱকে (UN Web TV/Hirak Jyoti Bora)

নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা :

নাগৰিকত্ব সংশোধনী বিধেয়ক সংসদত উত্থাপন হোৱাৰ পাছৰে পৰাই নাগৰিকত্ব সংশোধনী বিধেয়ক তথা পৰৱৰ্তী সময়ত আইনলৈ পৰিণত হোৱা নাগৰিকত্ব সংশোধনী আইনক জাতিধ্বংসী আখ্যা দি অসমৰ দল-সংগঠনে তীব্ৰ বিৰোধিতা কৰি আহিছে । কিন্তু অসমৰ দল-সংগঠনৰ বিৰোধিতাকো আওকাণ কৰি বিজেপি শাসিত কেন্দ্ৰীয় চৰকাৰে বিধেয়কখন আইনলৈ পৰিণত কৰাই নহয়, অৱশেষত কাৰ্যকৰীও কৰিলে । নাগৰিকত্ব সংশোধনী আইন কাৰ্যকৰী হোৱাৰ পাছতো অসমৰ দল-সংগঠনে ইয়াৰ বিৰোধিতাৰে প্ৰতিবাদ অব্যাহত ৰাখিছে । তেনে সময়তে এই বিষয়টোয়ে স্থান লাভ কৰিছে ৰাষ্ট্ৰসংঘৰ মজিয়াত ।

চলি থকা ৰাষ্ট্ৰসংঘৰ মানৱাধিকাৰ পৰিষদৰ অধিৱেশনত নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰে অসমৰ যুৱক হীৰকজ্যোতি বৰাই । নাগৰিকত্ব সংশোধনী আইনে ১৯৮৫ চনৰ অসম চুক্তিক নস্যাৎ কৰা বুলিও উল্লেখ কৰে হীৰকজ্যোতি বৰাই । যাৰ বাবে ইতিমধ্যে কাৰ্যকৰী কৰা নাগৰিকত্ব সংশোধনী আইন বাতিল কৰিবলৈ ৰাষ্ট্ৰসংঘৰ মানৱাধিকাৰ পৰিষদৰ অধিৱেশনত দাবী উত্থাপন কৰে অসমৰ যুৱকজনে ।

উত্তৰ-পূৰ্বাঞ্চলৰ পৰা সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰৰ দাবী :

উত্তৰ-পূৰ্বাঞ্চলত কাৰ্যকৰী হৈ থকা সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন ১৯৫৮ প্ৰত্যাহাৰৰ বিষয়টোও ৰাষ্ট্ৰসংঘৰ মানৱাধিকাৰ পৰিষদৰ অধিৱেশনত উত্থাপন কৰে অসম তথা ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰা হীৰকজ্যোতি বৰাই । উত্তৰ-পূৰ্বাঞ্চলৰ পৰা সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰ কৰিবলৈ বিভিন্ন সময়ত দাবী উত্থাপন হৈ অহাৰ পাছতো উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন অঞ্চলৰ পৰা প্ৰত্যাহাৰ কৰা নাই এই আইন ।

উল্লেখ্য যে, সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰৰ দাবীত মণিপুৰৰ ইৰম চানু শৰ্মিলা নামৰ এগৰাকী মানৱ অধিকাৰ কৰ্মীয়ে ২০০০ চনৰ ২ নৱেম্বৰৰ পৰা ১৬ বছৰীয়া অনশন কৰি লৌহ মানৱী হিচাপে স্বীকৃতি লাভ কৰিছিল । কিছুদিন পূৰ্বে অসমৰ বিদেশী সমস্যা আৰু অসম চুক্তি ৰূপায়ণ সন্দৰ্ভতো ৰাষ্ট্ৰসংঘৰ মানৱাধিকাৰ পৰিষদৰ অধিৱেশনত উত্থাপন কৰাৰ পাছত মঙলবাৰে অনুষ্ঠিত হোৱা পৰিষদৰ অধিৱেশনত নাগৰিকত্ব সংশোধনী আইন আৰু উত্তৰ-পূৰ্বাঞ্চলৰ পৰা সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰৰ দাবী উত্থাপন কৰে অসমৰ হীৰকজ্যোতি বৰাই ।

উল্লেখ্য যে নগাঁৱৰ ধিঙত জন্মগ্ৰহণ কৰা হীৰকজ্যোতি বৰাই পৰৱৰ্তী সময়ত গুৱাহাটীৰ পৰা উচ্চ শিক্ষা গ্ৰহণ কৰি জড়িত হৈ পৰে সমাজসেৱাত ।

লগতে পঢ়ক :জম্মু-কাশ্মীৰৰ পৰা AFSPA প্ৰত্যাহাৰৰ সিদ্ধান্তক আদৰণি RAW ৰ প্ৰাক্তন মুৰব্বী এ এছ দুলাতৰ - AFSPA Revocation from Jammu Kashmir

Last Updated : Oct 3, 2024, 7:53 PM IST

ABOUT THE AUTHOR

...view details