অসম

assam

ETV Bharat / state

অসমৰ সাংস্কৃতিক ইতিহাসৰ এক জীৱন্ত দলিল : উমানন্দ দুৱৰাৰ গ্ৰাম'ফোন ৰেকৰ্ড সংগ্ৰহালয় - Assamese Gramophone Records - ASSAMESE GRAMOPHONE RECORDS

Assamese Gramophone Records : একেলগে সংগৃহিত হ'ল আপুৰুগীয়া ৫ হাজাৰ অসমীয়া গ্ৰাম'ফোন ৰেকৰ্ড ৷ মৰাণৰ শিল্পী উমানন্দ দুৱৰাৰ সংগ্ৰহালয়ত সুৰক্ষিত হৈ আছে ৫ হাজাৰ অসমীয়া গ্ৰাম'ফোন ৰেকৰ্ড ৷ তেখেতৰ সংগ্ৰহত আছে শিশু শিল্পী ভূপেন হাজৰিকাৰ পৰা আৰম্ভ কৰি জ্যোতি-বিষ্ণুৱে কন্ঠ নিগৰোৱা গ্ৰাম'ফোন ৰেকৰ্ড ৷

ASSAMESE GRAMOPHONE RECORDS
উমানন্দ দুৱৰাৰ গ্ৰাম'ফোন ৰেকৰ্ড সংগ্ৰহালয় (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Jul 22, 2024, 5:29 PM IST

ডিব্ৰুগড়, 22 জুলাই : প্ৰযুক্তি আৰু আধুনিকতাৰ প্ৰভাৱত ক্ৰমাৎ ইতিহাস হৈ পৰিল গ্ৰাম'ফোন ৰেকৰ্ড ৷ নতুন প্ৰজন্মৰ বাবে গ্ৰাম'ফোন ৰেকৰ্ড অপৰিচিত হ'লেও ই অসমৰ সংগীত জগতৰ মাইলৰ খুঁটিস্বৰূপ ৷ প্ৰথম অসমীয়া সংগীত বাণীবদ্ধ হৈছিল এই গ্ৰাম’ফোনতে ৷ সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকায়ো শিশু শিল্পী হিচাবে প্ৰথম গীত বাণীবদ্ধ কৰিছিল এই গ্ৰাম’ফোনতে ৷ কিন্তু এসময়ৰ অসমীয়াৰ আভিজাত্য তথা গৌৰৱৰ প্ৰতীক এই গ্ৰাম’ফোন কালক্ৰমত হেৰাই গ’ল ৷ সংগীত বাণীবদ্ধ, শ্ৰৱণৰ বাবে আধুনিক আন আন মাধ্যম তথা সঁজুলি উদ্ভাৱন হোৱাত অসমীয়াৰ মাজৰ পৰা হেৰাই গ’ল গ্ৰাম’ফোন ৷ এলাগী হৈ, অৱহেলিত হৈ য’তে-ত’তে পৰি ৰ’ল এসময়ৰ আভিজাত্যৰ এই প্ৰতীক ৷ ইয়াৰ মাজতে কিছু লোকে নিজৰ ঘৰতেই সযতনে সাঁচি ৰাখিছে এই সোণালী অতীত ৷

সংগ্ৰহিত হ'ল আপুৰুগীয়া ৫ হাজাৰ অসমীয়া গ্ৰাম'ফোন ৰেকৰ্ড (ETV Bharat Assam)

এগৰাকী কণ্ঠশিল্পী, সংগীত শিক্ষক উমানন্দ দুৱৰাই নিজৰ সংগ্ৰহালয়ত সযতনে জীয়াই ৰাখিছে অসমীয়া সংগীত জগতৰ এই সোণালী অতীত ৷ ব্যতিক্ৰমী চিন্তাধাৰাৰ গৰাকী, চৰাইদেউ জিলাৰ মৰাণহাটৰ উমানন্দ দুৱৰাই নিজৰ বাসগৃহত সংগ্ৰহ কৰি ৰাখিছে প্ৰায় পাঁচ হাজাৰ পুৰণি গ্ৰাম'ফোন ৰেকৰ্ড ৷ অসমীয়া গ্ৰাম'ফোন ৰেকৰ্ডৰ 100 বছৰ সম্পূৰ্ণ হোৱাৰ সময়ত উমানন্দ দুৱৰাৰ সংগ্ৰহালয়ত আছে 1924 চনৰ প্ৰফুল্ল চন্দ্ৰ বৰুৱাৰ কণ্ঠৰ প্ৰথমখন অসমীয়া গ্ৰাম'ফোন ৰেকৰ্ড ৷ তদুপৰি 1924 চনৰ পৰা 1989 চন পৰ্যন্ত সেই সময়ছোৱাৰ শিল্পী মিত্ৰদেৱ মহন্ত, আনন্দিৰাম দাস, দূৰ্গাৰাম বৰা, শিশু শিল্পী ভূপেন হাজৰিকা, জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণু প্ৰসাদ ৰাভা আদি বহু শিল্পীৰ প্ৰায় পাঁচ হাজাৰ বিভিন্ন অসমীয়া গ্ৰাম'ফোন ৰেকৰ্ড সংগ্ৰহ কৰি ৰাখিছে উমানন্দ দুৱৰাই ৷

আনহাতে হাতেৰে চলাব পৰা গ্ৰাম'ফোন যন্ত্ৰৰ লগতে বিদ্যুৎচালিত গ্ৰাম'ফোন যন্ত্ৰলৈকে 22 প্ৰকাৰৰ গ্ৰাম'ফোন যন্ত্ৰৰ সংগ্ৰহ আছে উমানন্দ দুৱৰাৰ সংগ্ৰহালয়ত ৷ প্ৰথমে নিজৰ হবি হিচাপে সংগ্ৰহ কৰা গ্ৰাম'ফোনসমূহ বৰ্তমান অসমৰ এক জাতীয় সম্পদ বুলি ভাৱে শিল্পীজনে ৷ অসমৰ বিভিন্ন প্ৰান্তত ঘূৰি, বিচাৰি বিচাৰি উমানন্দ দুৱৰাই সংগ্ৰহ কৰিছে এইসমূহ গ্ৰাম'ফোন ৰেকৰ্ড ৷ বহুতে গুদাম ঘৰত অথবা য’তে-ত’তে অনাদৃতভাৱে পেলাই থোৱা গ্ৰাম'ফোন ৰেকৰ্ড বুটলি আনি সংগ্ৰহ কৰিছে শিল্পীজনে ৷ সকলো গ্ৰাম'ফোন ৰেকৰ্ড সক্ৰিয় ৰূপত সংৰক্ষিত কৰিছে তেওঁ ৷ পুৰণি গ্ৰাম'ফোন ৰেকৰ্ড শুনিবলৈ যিকোনো লোকেই আহিব পাৰে উমানন্দ দুৱৰাৰ সংগ্ৰহালয়লৈ ৷ ইতিমধ্যে দিল্লী, ৰাজস্থানৰ লগতে আমেৰিকা, চুইজাৰলেণ্ড,অষ্ট্ৰেলিয়াৰ পৰাও এই সংগ্ৰহালয়লৈ চাবলৈ লোক আহিছে বুলি জনাই তেওঁ ৷ শ্ৰব্য কেছেট অথবা ভিচিডিৰ পূৰ্বৰ সেই অতীতৰ অমিয়া সুৰ আজিও বিদ্যমান উমানন্দ দুৱৰাৰ সংগ্ৰহালয়ত ৷

লগতে পঢ়ক :চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত কৃষকে ট্ৰেক্টৰ নহয়, গৰু হালেৰেই চহাইছে মাটি - Traditional Farming

ABOUT THE AUTHOR

...view details