তিনিচুকীয়া, ২ জুলাই:তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ লিডু আৰক্ষী চকীৰ অন্তৰ্গত লিডুৰ পাহাৰ অঞ্চলৰ ঝৰ্ণা বস্তিত চাঞ্চল্যকৰ ঘটনা ৷ এখন তামোলবাৰীৰ সমীপত সোমবাৰে মুৰ্মূৰ্ষু অৱস্থাত দুজন লোক উদ্ধাৰ ঘটনাটোৱে যথেষ্ট এক ৰহস্যৰ সৃষ্টি কৰিছে । পৰৱৰ্তী পৰ্যায়ত লিডু কলপৰাৰ যুৱক সন্তোষ মাঝিয়ে তেওঁৰ লগৰীয়াৰ সৈতে মিলি লোক দুজনক চিকিৎসাৰ বাবে পিক্ আপ ভেন এখনৰ দ্বাৰা মাৰ্ঘেৰিটাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ নিছিল যদিও লোক দুজনৰ ইতিপূৰ্বে মৃত্যু হোৱা বুলি চিকিৎসকে ঘোষণা কৰে ।
পিচত মৃত লোক দুজনৰ মৃতদেহ মাৰ্ঘেৰিটা আৰক্ষীয়ে নিশাই থানালৈ লৈ যায় । সন্তোষ মাঝি নামৰ যুৱকজনৰ ভাষ্য অনুযায়ী তেওঁ তামোলৰ বেপাৰ কৰে । সেই উদ্দেশ্যে সোমবাৰেও তেওঁ অঞ্চলটোলৈ তামোল সংগ্ৰহৰ বাবে যাওঁতে লোক দুজনক তামোল বাৰীখনৰ সমীপত পৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰে । সন্তোষে সেই সময়ছোৱাত লোক দুজনক অলপ অলপ কপি থকা অৱস্থাত প্ৰত্যক্ষ কৰে । সেই বাবেই তেওঁ ততাতৈয়াকৈ লোক দুজনক চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰা বুলি জানিবলৈ দিয়ে ।
তাৰ বিপৰীতে একাংশ লোকৰ ভাষ্য অনুযায়ী লিডু ঝৰ্ণা বস্তিৰ সমীপৰ তামোল বাৰীখনৰ সমীপত লোক দুজন মৃত অৱস্থাত পৰি আছিল । মৃত লোক দুজন মেঘালয়ৰ গাৰো সম্প্ৰদায়ৰ বুলি জানিব পৰা গৈছে । লোক দুজনে কয়লা শ্ৰমিক ৰূপে অঞ্চলটোত আশ্ৰয় লৈ আছিল বুলিও চৰ্চিত হৈছে যদিও এই পৰ্যন্ত পৰিচয় উদ্ধাৰ হোৱা নাই ।
লগতে পঢ়ক:Miners die in coal mine : আকৌ অঘটন; লিডুৰ কয়লাখনিত দুই শ্ৰমিকৰ মৃত্যু
লোক দুজন মৃত্যুৰ পূৰ্বলৈকে ৰেট হ’ল মাইনিঙত কয়লাৰ অবৈধ খননৰ সৈতে জড়িত আছিল বুলি সূত্ৰত প্ৰকাশ । জনৈক অজয় প্ৰধানৰ দ্বাৰা পৰিচালিত ৰেট হ’ল মাইনিং এটাত কয়লাৰ অবৈধ খনন চলাই থকা অৱস্থাত বিষাক্ত গেছ নিৰ্গত হৈ শ্ৰমিক দুজনৰ মৃত্যু হোৱা বুলি অঞ্চলটোত সৰব চৰ্চা চলিছে । ইতিমধ্যে মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে তিনিচুকীয়ালৈ প্ৰেৰণ কৰা হয় ।
উল্লেখ যে প্ৰায়ে কায়লাৰ অবৈধ খনিত শ্ৰমিক হিচাপে কৰ্মৰত হ'বলৈ আহি বহু শ্ৰমিকৰ মৃত্যু ঘটিছে যদিও এই অবৈধ বেহাৰ সৈতে জড়িত এজনকো আজি পৰ্যন্ত আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হোৱা নাই । ফলত আৰক্ষীৰ এনে নীৰৱ ভূমিকাক সচেতন মহলে কঠোৰ ভাষাৰে সমালোচনা কৰিছে ।