অসম

assam

ETV Bharat / state

চৰকাৰে কেৱল ৰেকৰ্ডৰ বাবেহে কৰিলে ! ব্যক্তিগত প্ৰচেষ্টা অব্যাহত প্ৰকৃতিপ্ৰেমীৰ - Amrit Brikshya Andolan

Heat Wave in Assam : কোটিটকীয়া আঁচনিৰে বিগত বৰ্ষত অসম চৰকাৰে সম্পন্ন কৰে অমৃত বৃক্ষ আঁচনি ৷ এই আঁচনিৰ অধীনত ৰাজ্যত কোটিৰ ঘৰত গছপুলি ৰোপণ কৰা হ’ল ৷ কিন্তু, ক’ত আছে এই কোটিটকীয়া আঁচনিৰ গছসমূহ ? নে সেয়া আছিল নিয়মমাফিক আঁচনি ?

By ETV Bharat Assamese Team

Published : May 27, 2024, 10:20 PM IST

ASSAM WORLD RECORD
ব্যক্তিগত প্ৰচেষ্টাৰে প্ৰকৃতিপ্ৰেমীয়ে অব্যাহত ৰাখিছে চেষ্টা (ETV Bharat Assam)

কাজিৰঙা, 27 মে’:দেওবাৰে নিশাৰ এজাক বৰষুণে গৰমৰ পৰা কিছু পৰিত্ৰাণ দিলেও গছ অবিহনে আগন্তুক দিনবোৰ যে অধিক ভয়াবহ হ’ব পাৰে সেয়া সহজেই অনুমেয় ৷ এনে প্ৰেক্ষাপটত বছৰেকত মাত্ৰ এটা দিন গছপুলি ৰোপণ কৰি উন্নয়নৰ নামত প্ৰায় প্ৰতিদিনেই বনধ্বংস কৰাটো কেতিয়াও গ্ৰহণযোগ্য হ’ব নোৱাৰে ৷

ব্যক্তিগত প্ৰচেষ্টাৰে প্ৰকৃতিপ্ৰেমীয়ে অব্যাহত ৰাখিছে চেষ্টা (ETV Bharat Assam)

এই গুণাগঁথাৰ মাজতেই কোটিটকীয়া আঁচনিৰে বিগত বৰ্ষত অসম চৰকাৰে সম্পন্ন কৰে অমৃত বৃক্ষ আঁচনি ৷ উক্ত আঁচনিৰ অধীনত ৰাজ্যত কোটিৰ ঘৰত গছপুলি ৰোপণ কৰা হ’ল ৷ কিন্তু, ক’ত আছে এই কোটিটকীয়া আঁচনিৰ গছসমূহ ? নে নিয়মমাফিক হ’ল সমস্ত আঁচনি ?

জেঠৰ বাৰ খৰে দহিছে সৰ্বত্ৰ । ৩৯-৪০ ডিগ্ৰী উষ্ণতাত ব্যাহত জনজীৱন । এই সময়তে সকলোৱে উপলদ্ধি কৰিছে গছৰ অভাৱ । ‘গছ থাকিলেহে মানুহ থাকিব’- এই সত্য উপলদ্ধি কৰিছে সকলোৱে । এতিয়া বিশেষকৈ চৰ্চালৈ আহিছে অমৃত বৃক্ষ আঁচনিৰ কথা । গছপুলি ৰোপণক এক আন্দোলন হিচাপে গঢ় দিয়াৰ লক্ষ্যৰে অসম চৰকাৰে বিশাল তথা অভিনৱ পদক্ষেপ গ্ৰহণ কৰিছিল । অসমত একেদিনাই এক কোটি গছপুলি ৰোপণৰ কাৰ্যসূচী গ্ৰহণ কৰিছিল চৰকাৰে ।

লগতে পঢ়ক:অমৃত বৃক্ষ আন্দোলনৰ 90 শতাংশ গছপুলিয়েই মৰিল, সদন পালেগৈ বিষয়

বন আৰু পৰিৱেশ বিভাগৰ উদ্যোগত যোৱা বছৰৰ ১৭ ছেপ্টেম্বৰত সমগ্ৰ অসমত এক কোটি গছপুলি ৰোপণ কৰা হৈছিল ৷ এই কাৰ্যসূচী ‘অমৃত বৃক্ষ আন্দোলন’ নামেৰে নামাকৰণ হৈছিল ৷ ইয়াৰ বাবে ৰাজ্য চৰকাৰে ব্যয় কৰিছিল তিনিশ কোটি টকা ৷ লক্ষ্যণীয় বিষয় যে জলবায়ু পৰিৱৰ্তনৰ বিৰূপ প্ৰভাৱ ৰোধ কৰিবলৈ বন বিভাগে প্ৰায় ৩০ হাজাৰ হেক্টৰ ভূমিত ৰোপণ কৰা বৃক্ষৰ অস্তিত্বৰ বিষয়ে এতিয়া প্ৰশ্ন উঠিছে ।

এই গছপুলিখিনিৰ বিষয়ে এতিয়া কোনো অৱগত নহয় যদিও অন্ততঃ তিনি বছৰলৈ ৰোপণ কৰা গছপুলি যাতে সুৰক্ষিত হৈ থাকে সেই কথা নিশ্চিত কৰিবলৈ ৩০০ কোটি টকা খৰচ কৰিছিল । ইয়াৰে ২০০ কোটি টকা আছিল প্ৰতিপালনৰ নামত ৷ কিন্তু, সঁচা অৰ্থত প্ৰতিপালন কৰা হ’লনে ?

গুৰুত্বপূৰ্ণ কথাটো হ’ল, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অমৃত বৃক্ষ আন্দোলনেৰে অভিলেখ সৃষ্টি কৰিব বিচৰা এই প্ৰচেষ্টাৰ প্ৰতি ৰাইজে সঁহাৰি জনাবলৈ আগবাঢ়ি আহিছিল । কিন্তু, এতিয়া এই পুলিসমূহ ক'ত কেনেকৈ ডাঙৰ হৈছে তাৰ কোনো তথ্য নাই । প্ৰকৃততে এই কাম কৰিবলৈ দিব লাগিছিল গছ আৰু প্ৰকৃতিক ভালপোৱা, গছক আই বুলি ভবা ব্যক্তি, সংগঠনৰ হাতত ।

লগতে পঢ়ক:মৃত অমৃত বৃক্ষ চাবলৈ নামৰূপৰ অভয়পুৰত উপস্থিত হ'ল বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী

পদ্মশ্ৰী যাদৱ পায়েঙে যিদৰে নিজা সামৰ্থৰে ‘মোলাই কাঠনি’ গঢ়ি তুলিছিল, চৰকাৰে আহ্বান জনোৱাহেঁতেন, আৰ্থিকভাৱে সহায় কৰাহেঁতেন, বিশ্ব ৰেকৰ্ড হওক বা নহওক, এদিন কিন্তু সেউজীয়া গছ আৰু অৰণ্য চৰকাৰী প্ৰচেষ্টাতে অসমত গঢ়ি উঠিলহেঁতেন ।

আমাৰ চকুৰ সন্মুখতে বোকাখাতৰ ‘গ্ৰাছ’ নামৰ ছেস্বাসেৱী সংগঠনটোৱে ৰোৱা বহু পুলিয়ে এতিয়া বৃক্ষৰ ৰূপ ল'লে । একাংশ দুৰ্বৃত্তই অপকাৰ নকৰাহেঁতেন অধিক গছ বোকাখাতবাসীয়ে পালেহেঁতেন । আন এগৰাকী গছ ভালপোৱা যুৱ সমাজকৰ্মী জিতু শইকীয়াই ৰজাবাৰী-কুৰুৱাবাহী সংযোগী পথত এক কিলোমিটাৰজুৰি ৰোৱা শতাধিক গছপুলিৰ ৯৫ ভাগ গছপুলি বৃক্ষলৈ উন্নীত হোৱাৰ দিশে ।

২০২১ চনৰ বিশ্ব পৰিৱেশ দিৱসৰ দিনা ৰোপণ কৰা এইখিনি গছপুলিৰ অবিৰত পৰ্যবেক্ষণ, পৰিচৰ্যা আৰু সুৰক্ষাৰ ব্যৱস্থা নিজেই কৰি আহিছে জিতু শইকীয়াই । জিতু শইকীয়াৰ সপোন বাস্তৱ হৈছে । এনে আগ্ৰহী প্ৰকৃতিপ্ৰেমী সংগঠন, যিসমূহে গছপুলি ৰুই, প্ৰতি পালনেৰে বৃক্ষলৈ উন্নীত কৰিছে, যিসকলে একক প্ৰচেষ্টাৰে চকুত লগাকৈ এনে কাম কৰি আহিছে, চৰকাৰে এইসকলক আৰ্থিক সকাহ প্ৰদান কৰি উৎসাহিত কৰিলেহে প্ৰকৃত উদ্দেশ্য সফল হ’ব ।

লগতে পঢ়ক:গোলাঘাটত বিধায়ক মৃণাল শইকীয়াৰ অভিনৱ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details