অসম

assam

ETV Bharat / state

ব্যক্তিগত শত্ৰুতাৰ বাবেই গুৰিয়াই-লঠিয়াই ডিব্ৰু নৈৰ বুকুত মৰিবলৈ পেলাই দিছিল মনোজক - TINSUKIA BOAT CAPSIZED

তিনিচুকীয়া নাও দুৰ্ঘটনাৰ মূল অভিযুক্ত অমৃশ মিপুনে আত্মসমৰ্পণ কৰে । উদ্ধাৰ হোৱা নাই মনোজ প্ৰায়া ।

Tinsukia Boat Accident
আত্মসমৰ্পণ দিনজানকাণ্ডৰ অভিযুক্ত অমৃশ মিপুনৰ (ETV Bharat)

By ETV Bharat Assamese Team

Published : Nov 20, 2024, 12:22 PM IST

জোনাই :অৱশেষত গ্ৰেপ্তাৰ হ'ল দিনজানকাণ্ডৰ মূল অভিযুক্ত । বুধবাৰে পুৱাই জোনাই থানাত আত্মসমৰ্পণ কৰে অভিযুক্ত অমৃশ মিপুনে । ইতিমধ্যে তিনিচুকীয়ালৈ অনা হৈছে অভিযুক্ত মিপুনক । ইফালে গ্ৰেপ্তাৰৰ পিছতে ভয়ংকৰ স্বীকাৰোক্তি অমৃত মিপুনৰ । আৰক্ষীক অৱগত কৰা মতে ব্যক্তিগত সংঘাতৰ বাবেই মিপুনে নাৱত উঠিবলৈ দিয়া নাছিল মনোজ প্ৰায়াক ।

ঘটনাটো কি আছিল ?

উল্লেখ্য যে তিনিচুকীয়াৰ দিনজান ঘাটত দেওবাৰে সংঘটিত হৈছিল নাও দুৰ্ঘটনা । দুৰ্ঘটনাত পতিত কেইগৰাকীমান লোকৰ প্ৰাণৰক্ষা কৰিছিল মনোজ প্ৰায়াই । কিন্তু আনৰ জীৱন ৰক্ষা কৰা মনোজ প্ৰায়াক নাৱত উঠিবলৈ দিয়া নাছিল অমৃশ মিপুনে । নাৱত উঠিবলৈ চেষ্টা কৰাৰ সময়তে গোৰ মাৰি পুনৰ পানীত পেলাই দিছিল মনোজক । এই সমগ্ৰ দৃশ্য প্ৰত্যক্ষদৰ্শীৰ মোবাইলৰ কেমেৰাত বন্দী হৈছিল । ফলস্বৰূপে সমগ্ৰ ঘটনা পোহৰলৈ আহিছিল । লক্ষণীয়ভাৱে দেওবাৰৰ পৰা সন্ধানহীন হৈ আছে মনোজ প্ৰায়া । ৩ দিন অতিক্ৰম কৰিলে যদিও আৰক্ষী তথা এছ ডি আৰ এফে এতিয়ালৈ মনোজক উদ্ধাৰ কৰিব পৰা নাই । অৱশ্যে পানীত ডুবি মনোজৰ মৃত্যু হোৱাৰ সন্দেহ কৰিছে বিভিন্নজনে ।

আত্মসমৰ্পণ দিনজানকাণ্ডৰ অভিযুক্ত অমৃশ মিপুনৰ (ETV Bharat)

অভিযুক্তৰ আত্মসমৰ্পণ

ইফালে ঘটনাটোৰ ভিডিঅ' প্ৰচাৰ হোৱাৰ পিছতে আৰক্ষী তৎপৰ হয় আৰু সোমবাৰে আবেলি পৰিয়ালৰ এজাহাৰৰ ভিত্তিত তিনিচুকীয়া সদৰ থানাত এটা গোচৰ ৰুজু কৰা হয় । ঘটনাত জড়িত থকাৰ অপৰাধত আৰক্ষীয়ে অমৃশ মিপুনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে । অৱশ্যে বুধবাৰে পুৱা অমৃশ মিপুনে জোনাই আৰক্ষী থানাত আত্মসমৰ্পণ কৰে ।

লগতে পঢ়ক :প্ৰাণ বচাওতাজনকেই ঠেলি দিলে নদীৰ বুকুলৈ: এতিয়াও উদ্ধাৰ হোৱা নাই সন্ধানহীন মনোজ

নাৱৰ পৰা গুৰিয়াই মনোজক নদীত পোলোৱা অমৃশ ক'ত লুকাল ?

ABOUT THE AUTHOR

...view details